ক'ৰ'ণা ভাইৰাছৰ প্ৰভাৱ২৯ মাৰ্চলৈকে শংকৰদেৱ শিশু/ বিদ্যা নিকেতনসমূহ বন্ধ ঘোষণা

ক'ৰ'ণা ভাইৰাছৰ প্ৰভাৱ
২৯ মাৰ্চলৈকে শংকৰদেৱ শিশু/ বিদ্যা নিকেতনসমূহ বন্ধ ঘোষণা

স্থগিত হ'ল শিশু শিক্ষা সমিতি, অসমৰ প্ৰান্তীয় ক্ৰীড়া প্ৰতিযোগিতা। 

পঙ্কজ নাথ, চাংসাৰি, ১৫ মাৰ্চ: 

সমগ্ৰ বিশ্বজুৰি ভয়াবহ ৰূপ ধাৰণ কৰা 'কৰণা ভাইৰাছৰ' প্ৰাদুৰ্ভাৱৰ বাবে সাৱধানতা অৱলম্বনৰ উদ্দেশ্যে শংকৰদেৱ শিশু/ বিদ্যা নিকেতনসমূহ অহা ১৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈকে বন্ধ ঘোষণা কৰিছে।

আনহাতে একে কাৰণতে বিশ্বনাথ চাৰিআলিস্থিত শংকৰদেৱ শিশু/ বিদ্যা নিকেতনত অহা ১৮ ৰ পৰা ২২ মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া ৩২ তম পণ্ডিত ৰজনীকান্ত দেৱশৰ্মা সোঁৱৰণী প্ৰান্তীয় ক্ৰীড়া সমাৰোহখনি অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। ক্ৰীড়া সমাৰোহৰ তাৰিখ পৰৱৰ্ত্তী সময়ত জনোৱা হ'ব বুলি শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে জানিবলৈ দিয়ে। 
    
ইয়াৰ লগতে উক্ত জাননীখন শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত প্ৰতিখন নিকেতনলৈ প্ৰেৰণ কৰি কাৰ্যকৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও অনুৰোধ জনাইছে ভাগবতীয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা