কৰোনাৰ প্ৰতি আজিও উদাসীন কৃষ্ণাই অঞ্চলৰ বহু লোকঃবজাৰত ভিৰ কৰা জনতাৰ ওপৰত আৰক্ষীৰ লাঠী চালনা

কৰোনাৰ প্ৰতি আজিও উদাসীন কৃষ্ণাই অঞ্চলৰ বহু লোকঃবজাৰত ভিৰ কৰা জনতাৰ ওপৰত আৰক্ষীৰ লাঠী চালনা
--
কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বজুৰি নৰমেধ যজ্ঞ চলাই থকাৰ সময়তো কিঞ্চিৎ মানো সজাগ নহয় গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ বহু লোক ৷ জিলাখনৰ বিভিন্ন অঞ্চলত ৰাতি পুৱালেই জাক পাতি পাতি ঘৰৰ বাহিৰলৈ ওলাই আহিছে অগণন লোক ৷ লোক সকলক দেখিলেই অনুমান কৰিব পাৰি তেওঁলোকৰ ধৃষ্টতা ৷ চৰকাৰ প্ৰশাসনৰ বাৰংবাৰ অনুৰোধেও এই সকল লোকক জীৱনৰ প্ৰতি দায়বদ্ধ কৰাব পৰা নাই ৷ যাৰ পৰিপ্ৰেক্ষিতত এই অসতৰ্ক লোক সকলক সজাগ কৰিবলৈ আৰক্ষীয়ে লাঠী চালনা কৰিবলৈ বাধ্য হৈছে ৷ লক ডাউনৰ আজি চতুৰ্থ দিনা জিলাখনৰ কৃষ্ণাই অঞ্চলতো দেখা গ’ল তেনে কেইটা মান দৃশ্য ৷ কোনোবাই যদি জাক পাতি মাছ মাৰিছে , ক’ৰবাত আকৌ পথৰ কাষত জুম বান্ধি খেলিছে কেৰম ৷ চকু মুখত নাই কোনো আতংকৰ ভাৱ ৷ যেন সকলো স্বাভাৱিক হৈ গৈছে ৷ বহুতোৰে আকৌ দাংকোপ মৰা কথা -“আমাক কৰোনা চৰোনাই নাপায় ৷ কৰোনাৰ ভয়ত আমি কিয় ঘৰৰ ভিতৰত সোমাই থাকিম ৷” এই সকল লোকৰ মতে যেন লক ডাউনৰ কোনো প্ৰয়োজনেই নাছিল ৷ কৃষ্ণাই বজাৰত আকৌ পুৱাই একাংশ বেপাৰীয়ে পাতি দিলে পাচলিৰ বজাৰ ৷ পাচলি ক্ৰয় কৰিবলৈ পিপৰাৰ দৰে লানি লাগিল গ্ৰাহকৰ ৷ আৰক্ষী প্ৰশাসনৰ প্ৰতি যেন ধাৰ্তব্যই নাই এওঁলোকৰ ৷ পিছে পিঠিত আৰক্ষীৰ লাঠীৰ কোব পৰাতহে সম্বিত ফিৰি আহিল এই সকল লোকৰ ৷ যিয়ে যেনি পাৰে পলাই পত্ৰং দিলে ৷ আচৰিত কথা কৃষ্ণাই অঞ্চলৰ বিভিন্ন গাঁবৰ বহু লোকে এতিয়ালৈ মাস্ক ব্যবহাৰ কৰাৰতো দূৰৈৰ কথা সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰতো দুখ লগাকৈ উদাসীন ৷

কৃষ্ণাইৰ কৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা