লক্ ডাউনৰ সময়ত ঘগ্ৰাপাৰত একাংশ বিদ্যালয়ত চাউল-দাইল বিতৰণ

*লক্ ডাউনৰ সময়ত ঘগ্ৰাপাৰত একাংশ বিদ্যালয়ত চাউল-দাইল বিতৰণ* *অধিকাংশ শিক্ষকে কৰিলে শিক্ষা বিষয়াৰ নির্দেশ অমান্য*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৭ মাৰ্চ*


বিশ্ব মহামাৰী কৰ'ণাৰ আতংকৰ বাবে জনজীৱন স্তব্ধ হোৱাৰ সমান্তৰালকৈ হঠাৎ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰি পুনৰ একৈশ দিন লক্ ডাউন দিয়াত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ লগত  সম্পৰ্ক নোহোৱা হৈছে ৷ শিক্ষাৰ্থীসকলৰ সপোনৰ জ্ঞানমন্দিৰ সমুহত ওলমি আছে তলা । তাৰ মাজতে  এচাম শিক্ষকৰ তৎপৰতাত আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত একাংশ বিদ্যালয়ৰ শিক্ষকে প্ৰদান কৰিলে চাউল, দাইলৰ লগতে অন্যান্য সামগ্ৰী। যোৱা ২৪ মাৰ্চৰ পৰা হঠাতে হোৱা লক্ ডাউন ঘোষণা কৰাৰ পিছত অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে হাহাকাৰ লাগি থকাৰ সময়ত শিক্ষাখণ্ডটোৰ অন্তৰ্গত একাংশ বিদ্যালয়ত সামগ্ৰী প্ৰদান কৰাত উৎসাহিত হৈছে অভিভাৱকসকল। শিক্ষাখণ্ডটোৰ অন্তৰ্গত ৮৫৭ নম্বৰ নাৰপাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শিৱ চৰণ লহকৰৰ প্ৰচেষ্টাত আজি দিনৰ এঘাৰ বজাত লক্ ডাউনৰ মাজতে প্ৰশাসনৰ নীতি-নিৰ্ধাৰণমতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ মাজত চাউল, দাইল আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। ইফালে বড়িগোগ বনভাগ শিক্ষাখণ্ডৰ শিক্ষা বিষয়া ৰাজেন্দ্ৰ কলিতাই সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এক নিৰ্দেশ প্ৰদান কৰি মধ্যাহ্ন ভোজনৰ বাবে মজুত থকা চাউল আৰু দাইল অভিভাৱকসকলৰ জড়িয়তে প্ৰদান কৰিবলৈ দিয়ে যদিও লক্ ডাউনৰ অজুহাত দেখুৱাই একাংশ বিদ্যালয়ৰ বাহিৰে অধিকাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকে এই নিৰ্দেশ অমান্য কৰাৰো ৰাজহুৱা  অভিযোগ উত্থাপিত হৈছে।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা