নলবাৰীৰ জাপাৰকুছিত এজাক মহিলাৰ ৰণচণ্ডী ৰূপ

*নলবাৰীৰ জাপাৰকুছিত এজাক মহিলাৰ ৰণচণ্ডী ৰূপ*। *চুলাই মদৰ বিৰুদ্ধে ৰাইজৰ উচ্ছেদ অভিযান*
*উত্তপ্ত পৰিস্থিতি*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৩ মাৰ্চ*


নলবাৰী জিলাৰ  জাপাৰকুছিত বৃহস্পতিবাৰে এজাক মহিলাই ধৰিলে ৰণচণ্ডী ৰূপ।মহিলাসকলে অঞ্চলটোত থকা কেইবাখনো চুলাই মদৰ ঘাটি উচ্ছেদ কৰি লণ্ড-ভণ্ড কৰে ব্যৱয়সায়ীক প্ৰতিষ্ঠানসমূহ । উল্লেখযোগ্য যে জাপাৰকুছি গাঁওত থকা প্ৰভাত বৰ্মন, বিনোদ বৰ্মন আৰু উত্তম বৰ্মনে দীৰ্ঘদিনৰ পৰা চুলাই মদৰ ব্যৱসায় চলাই অহাৰ অভিযোগ আনি উক্ত ব্যৱসায়ীক প্ৰতিস্থানত মদ্যপান কৰি বহু পৰিয়ালত অমানিশা নামি অহাৰ অভিযোগ আনিছে মহিলা সকলে । বৃহস্পতিবাৰে গাঁওখনৰ মহিলাসকলে একগোট হৈ দোকান-পোহাৰ ভাঙি চুৰ্ণ-বিচুৰ্ণ কৰাৰ লগতে বুজন পৰিমাণৰ চুলাই মদ জব্দ কৰে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চুলাই বেপাৰী প্ৰভাত বৰ্মনক আটক কৰে ।ইফালে মহিলাসকলৰ অভিযোগ অনুসৰি চুলাই সেৱন কৰি গাঁওখনত কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে । যোৱা পৰহিও ৰঞ্জিত বৰ্মন নামৰ লোক এজনে বিষাক্ত  চুলাই সেৱন কৰি মৃত্যুমুখত পৰাৰ অভিযোগ আনিয়ে এনে তাণ্ডৱলীলা চলোৱাৰ কথা ব্যক্ত কৰিছে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা