হাউলীত লক ডাউন উলংঘা কৰা তিনিজন ব্যক্তিক আটক

হাউলীত লক ডাউন উলংঘা কৰা তিনিজন ব্যক্তিক আটক 

কঞ্জল দাস,বৰপেটা, ২৮ মার্চ ● সমগ্ৰ দেশতে এতিয়া লক ডাউন ঘোষণা কৰা হৈছে । প্ৰশাসনে পাৰ্যমানে বিভিন্ন মাধ্যমৰ জৰিয়তে ৰাইজক নিজৰ ঘৰত থকাৰ বাবে আহ্বান জনাই আহিছে । কিন্তু তাৰ মাজতেও একাংশ ব্যক্তিয়ে এতিয়াও লক ডাউনৰ নিয়ম উলংঘা কৰি ৰাজপথত ঘুৰি ফুৰা দেখা গৈছে । আজি হাউলী আৰক্ষীয়ে হাউলীত লক ডাউনৰ নিয়ম উলংঘা কৰি ৰাজপথত বিনা কাৰণত ঘুৰি ফুৰা তিনিজন ব্যক্তিক আটক কৰে । আটকাধীন ব্যক্তি তিনিজন ক্ৰমে হাউলীৰ বগাইজানপাৰাৰ মোজাম্মিল হুছেইন(২৪), খন্দকাৰপাৰাৰ শ্বৰিফুল ইছলাম(২৪), দেউৰীকুৰীৰ হাফিজুল হ'ক(২৯) । ব্যক্তিকেইজনৰ বিৰুদ্ধে হাউলী থানাত ১২৭/২০ নম্বৰত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা