বৰপেটাত জিলা ভিত্তিক এদিনীয়া "বাৰ্তালাপ" সাংবাদিক কৰ্মশালা সম্পন্ন

:: বৰপেটাত জিলা ভিত্তিক এদিনীয়া "বাৰ্তালাপ" সাংবাদিক কৰ্মশালা সম্পন্ন ::
সাংবাদিক সকল চৰকাৰ আৰু ৰাইজৰ মাজৰ সেতুস্বৰূপ : গুণীন্দ্ৰ নাথ দাস 

কঞ্জল দাস,বৰপেটা ৪ মাৰ্চ: "সংবাদপত্ৰ হৈছে ৰাইজৰ ঔষধস্বৰূপ", আৰু সময়ে সময়ে  সমাজৰ একো একোজন চিকিৎসক। সাংবাদিক সকল মানসিকভাবে শক্তিশালী হৈ থকাটো দৰকাৰ এইটো সাংবাদিকৰ প্ৰথম দায়িত্ব। দ্বিতীয়তে সাংবাদিকসকল সমাজৰ একো একোজন দায়িত্বশীল শিক্ষক কাৰণ বিদ্যালয় বা মহাবিদ্যালয় এখনত যেনেকৈ শিক্ষক অবিহনে চলিব বা আগবাঢ়িব নোৱাৰে আজিৰ দিনত এজন সত্য, নিষ্ঠাবান, ভাল আৰু দায়িত্বশীল সাংবাদিক অবিহনে এখন গাঁও বা চহৰ উন্নতিৰ পথত আগবঢ়াটো অলপ জটিল। কাৰণ এজন সাংবাদিকে অভাৱ অনুভৱ ইত্যাদিকে ধৰি সকলোবোৰ খতিয়ান চৰকাৰৰ আগত অৱগত কৰাত সহায় কৰে। সাংবাদিক সকল বিভিন্ন দিশত বৌদ্ধিক ,মানসিক আৰু শাৰীৰিক ভাবে সকলো সময়তে প্ৰস্তুত থকাটো দৰকাৰ আৰু সেইকাৰণে যথেষ্ট অনুশীলনৰ প্ৰয়োজন। এজন সচেতন নাগৰিক হিচাপে জনসাধাৰণৰ মঙ্গল, কল্যাণকামী আঁচনি, ইত্যাদিৰ বিষয়ে ৰাইজৰ মাজত বিলাই,বুজাই দিয়াটো সাংবাদিক এজনৰ দায়িত্ব। সেইকাৰণে সাংবাদিক সকলক সমাজ বা ৰাইজৰ এজন অতন্ত্ৰ প্ৰহৰী বুলি কয়। সাংবাদিক সকল নিৰপেক্ষ ভাবে কাম নকৰি সত্য পথত থাকি ৰাইজৰ হৈ ,ৰাইজৰ হকে ভাল কামৰ বাবে চৰকাৰক সমালোচনা আৰু প্ৰশংসা কৰিব লাগে। এই ভাষ্য বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্রৰ। ভাষণ সন্দৰ্ভত তেওঁ কয় যে মই ও এটা সময়ত ১২ বছৰ ধৰি সাংবাদিকতা কৰিছিলোঁ কিন্তু আজিৰ সংবাদ জগত আৰু আগৰ সংবাদ জগতৰ অলপ পাৰ্থক্য আহি পৰিছে। তুমি যদি সপ্তাহৰ ৭ দিন আৰু এদিনৰ ১৮ ঘণ্টা সময় দিব নোৱাৰা তেন্তে তুমি বা আমি এই বৃত্তিটো ত্যাগ কৰায় ভাল। যত মান, সন্মান বেছি তাত কষ্ট, দুখ আৰু লগতে সুখৰ অনুভৱও বহু বেছি। যত কোনো বন্ধ নাই , সপ্তাহৰ ৭ টা দিনেই কাম কৰিব লাগে,যি বৃত্তিত কোনো সময় নিৰ্ধাৰিত নাই তেনেকুৱা বৃত্তি কৰাটো বা কৰিব পৰাটো এক ডাঙৰ দায়িত্ব।
সাংবাদিক সকল তিনিধৰণৰ হব লাগে প্ৰথমটো হৈছে বৰল , যত দুৰ্নীতি হৈছে তাত কামুৰিব লাগিব। দ্বিতীয়টো হৈছে ভেনামাখি , গাঁও,চহৰ ৰাইজৰ মাজত হোৱা দুৰ্নীতি সমূহ মুক্ত কৰিবলৈ আৰু শেষ অৰ্থাৎ তৃতীয়টো হৈছে মৌ মাখি , চৰকাৰ বা অইনৰ দ্বাৰা হোৱা ভাল কামবোৰ ৰাইজৰ আগত বিলোৱা। কেন্দ্ৰীয় তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু বৰপেটা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত  বৰপেটাৰ সুন্দৰীদিয়া পথত থকা কৃষি বিভাগৰ প্ৰশিক্ষণ ভৱনত অনুষ্ঠিত হোৱা কৰ্মশালাত কাৰ্যসূচী অনুসাৰে প্ৰথমে বন্তি প্ৰজ্জ্বলন কৰে জিলা উপায়ুক্ত মুনিন্দ্ৰ শৰ্মাই। পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত এনেকুৱা এখন কৰ্মশালাৰ এজন সমল ব্যক্তি হিচাপে উপস্থিত থাকিবলৈ পায় তেওঁ আপ্লুত হোৱা বুলি জনায়।  বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাসে কয় "সাংবাদিক সকল চৰকাৰ আৰু ৰাইজৰ সেতুস্বৰূপ। ভাষণ সন্দৰ্ভত বৰপেটা জিলাৰ বহুখিনি কথায়ে তেওঁ সাংবাদিক সকলৰ আগত ব্যক্ত কৰে। বাৰ্তালাপ নামৰ কৰ্মশালা অনুষ্ঠানটোত বৰপেটা জিলাৰ স্বাস্থ্য, কৃষিকে ধৰি ভিন্ন প্ৰান্তৰ বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ নিজ নিজ খতিয়ান সমূহ সুন্দৰ ভাবে উপস্থাপন কৰে। কৰ্মশালা অনুষ্ঠানটোত সদৰ সাংবাদিক সকল ক্ৰমে অশোক কুমাৰ দাস, নবজিত বায়ন, কমলেশ বৈশ্য, জুঠিকা দাস, কঞ্জল দাসৰ উপৰিও হাউলি,বৰপেটাৰোড, ভৱানিপুৰ, মন্দিয়া, পাঠশালাকে ভিন্ন ষ্টেচনকে ধৰি প্ৰায় ৭০ জনৰো অধিক সাংবাদিকে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই জিলাখনৰ তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা