আনলা-বিৰচা কমাণ্ডো-আছাৰ নামত মাটি বেদখলথলীত আৰক্ষী, উঠালে ফলক

#আনলা-বিৰচা কামাণ্ডো আৰু আছাৰ বেনাৰত ম্যাদি মাটি বেদখল কাণ্ড৷
#বেদখলথলীত আৰক্ষী-চক্ৰ বিষয়া উপস্থিত৷
#আতৰাই দিলে ফলক,ভাঙি দিলে অস্থায়ী ঘৰ আৰু বাঁহৰ বেৰা৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৩ মাৰ্চ:যুদ্ধবিৰত আদিবাসী সশস্ত্ৰ সংগঠন “আনলা”,“বিৰচা কামাণ্ডো ফৰ্চ” আৰু ছাত্ৰ সংগঠণ “আছা”ৰ বিৰুদ্ধে ম্যাদি পট্টাৰ মাটি বেদখলৰ গুৰুতৰ অভিযোগৰ বাতৰি “ফাৰ্ষ্ট নিউজ”ত প্ৰকাশ পোৱাৰ পিছতেই  আজি বেদখলস্থলী জামুগুৰিহাটৰ টুপীয়াৰ নিকটৱৰ্তী বগাবিলত উপস্থিত হয় জামুগুৰি আৰক্ষী সহিতে নদুৱাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ এটি দল৷উল্লেখ্য যে টুপীয়া বগাবিলৰ কল্পনা চিয়াকুটি নামৰ এগৰাকী মহিলাই  ২০১৫ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে একেখন গাৱৰে দীগম্বৰ ভুমিজ নামৰ ব্যক্তিজনৰপৰা ক্ৰয় কৰা নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মূঢ়াদল মৌজাৰ বগাবিল গাঁৱৰ ম্যাদি পট্টা নং ১৩ৰ ৪১ নং দাগৰ সৰ্বমুঠ ৩ বিঘা ৩ কঠা ১৫ লোচা ম্যাদি পট্টা মাটি ক্ৰয় কৰি সেই মাটি চৰকাৰী নীতি নিয়ম অনুসৰি পঞ্জীয়ন কৰে আৰু তাৰপাছৰপৰা সেই মাটি নিজা দখলত ৰাখি বৰ্তমানপৰ্য্যন্ত খাজানা পৰিশোধ কৰি আছে৷কিন্তু যোৱা ১০ মাৰ্চৰ দিনা হাৰাধন ভুমিজ,শ্যেমন্ত ভুমিজ আৰু মুকুন্দ ভুমিজ নামৰ লোককেইজনৰ ষড়যন্ত্ৰত মাটিৰ গৰাকী কল্পনা চিয়াকুটিৰ উল্লেখিত মাটিখিনিত বাঁহৰ বেৰা আৰু খেৰী ঘৰ নিৰ্মান কৰি দখলৰ চেষ্টা কৰাৰ লগতে উক্ত মাটিত যুদ্ধবিৰতিত থকা উগ্ৰপন্থী সংগঠণ আনলা,বিৰচা কমাণ্ডো ফৰ্ছ আৰু ছাত্ৰ সংগঠণ  আছাৰ নদুৱাৰ আঞ্চলিক সমিতিৰ নাম আৰু প্ৰতীক সম্বলিত বেনাৰ আৰু ধনু-কাঁঢ় লগাই সংৰক্ষিত ভূমি এলেকা বুলি ফলক আৰি থৈ আহে৷ইয়াৰ পিছতে এগৰাকী উগ্ৰপন্থী সংগঠনৰ সদস্যই মাটিৰ গৰাকী কল্পনা চিয়াকুটিত ফোনযোগে ভাবুকী প্ৰদান কৰে বুলিও জামুগুৰি আৰক্ষী থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰাৰ বাতৰি সবিস্তাৰে ১২ মাৰ্চৰ ফাৰ্ষ্ট নিউজত প্ৰকাশ পোৱাৰ পিছত আজি ম্যাদি মাটি বেদখলস্থলীত নদুৱাৰ ৰাজহ চক্ৰ বিষয়া(সংলগ্ন) মন্টুচ চক্ৰৱৰ্তী সহিতে মণ্ডল কাননগো আৰু জামুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক বৰমুদৈসহ এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ এজাহাৰত উল্লেখ কৰা লোকসকলক মতাই আনি সোধপোচ কৰাৰ লগতে তেঁওলোকৰ আৰু ফলকত নাম উল্লেখিত সংগঠণসমুহৰ এই কাৰ্য্য বে-আইনী উল্লেখ কৰাৰ লগতে ভৱিষ্যতদিনত এনে বে-আইনী কাৰ্য্যকলাপৰপৰা বিৰত থাকিবলৈ প্ৰশাসনৰ ফালৰপৰা সকীয়াই দিয়ে৷ইয়াৰোপৰি মাটিৰ গৰাকী কল্পনা চিয়াকুটিৰ মাটিৰ নথি পত্ৰসমুহ পৰীক্ষা কৰি সেয়া বৈধ বুলি উল্লেখ কৰাৰ লগতে সেই মাটিৰ গৰাকী কল্পনা চিয়াকুটি বুলিয়েই ঘোষণা কৰে৷অঞ্চলটোৰ শতাধিক লোক গৈ উপস্থিত হোৱা বেদখলস্থলীত ১০ মাৰ্চ তাৰিখেই নিৰ্মাণ কৰা অস্থায়ী খেৰৰ ঘৰ আৰু চৌপাশৰ সীমাত বাঁহৰে দিয়া বেৰাও ৰাইজৰ জৰিয়তে ভঙাই দিয়ে প্ৰশাসনে৷ম্যাদি মাটিৰ বৈধ নথি পত্ৰ থকাৰ পিছতো যুদ্ধবিৰত উগ্ৰপন্থী আৰু ছাত্ৰ সংগঠনৰ বেনাৰত ম্যাদি মাটি দখল কৰা প্ৰচেষ্টাৰ এনে অভিসন্ধিয়ে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে৷
  জোন বৰা,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা