নলবাৰীত নামনিমুৱা চিফুং ৰেলে কাটিলে এজনক

*নলবাৰীত নামনিমুৱা চিফুং ৰেলে কাটিলে এজনক*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৫ মাৰ্চ*


নলবাৰীত নামনিমুৱা যাত্ৰীবাহী চিফুং ৰেলে কাটিলে এজনক । নলবাৰী ৰেল ষ্টেচনৰ সমীপৰ খাতাবাৰীত ৰেল লাইনত টুকুৰা-টুকুৰকৈ পৰি ৰৈছিল এগৰাকী অচিনাক্ত লোকৰ মৃতদেহটো । প্ৰায় ৫০/৫৫ বছৰীয়া লোকজনে ৰেলৰ আগত নিজেই জপিয়ালে নে অসাবধানবশতঃ ৰেলৰ আগত পৰি গ'ল সেয়া নিশ্চিত নহয় যদিও এই পৰ্যন্ত পৰিচয় পোৱা হোৱা নাই লোকজনৰ । ইতিমধ্যে নলবাৰী ৰেল আৰক্ষীয়ে মৃতদেহৰ টুকুৰাবোৰ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে   ৷


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা