বিজেপি নেতৃত্বাধীন চৰকাৰে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিষয়ত পিঠি দিছে

সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী

বিজেপি নেতৃত্বাধীন চৰকাৰে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিষয়ত পিঠি দিছে 

ৰাজ্যসভাৰ আসমত জনগোষ্ঠীটোৰ ব্যক্তিক নিৰ্বাচিত কৰি পঠিয়াবলৈ দাবী

বঙাইগাঁওঃ ২ মাৰ্চঃ বিজেপি নেতৃত্বাধীন চৰকাৰে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিষয়ত পিঠি দিছে ৷ আনকি অসম চৰকাৰৰ দ্বাৰা গঠিত মন্ত্ৰী গোটে ইচ্ছাকৃতভাৱে জনজাতিকৰণৰ বিষয়টোত বিলম্ব কৰি আছে ৷ এই  অভিযোগ সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ ৷ এক প্ৰেছ বিবৃতিত সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে সংসদৰ চলিত অধিৱেশনতে জনগোষ্ঠীটোক জনজাতিকৰণ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ আনহাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ দিল্লীত উপযুক্ত ৰাজনৈতিক প্ৰতিনিধিৰ অভাৱত কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাসমূহ প্ৰতিফলিত হোৱা নাই বুলি উল্লেখ কৰি শাসনাধিস্থিত বিজেপি মিত্ৰজোটক সদ্য খালী হোৱা ৰাজ্যসভাৰ আসনত এজন কোচ ৰাজবংশী জনগোষ্ঠীৰ ব্যক্তিক নিৰ্বাচিত কৰি পঠিয়াবলৈ দাবী জনায় ৷ নেতাদ্বয়ে কয় যে কোচ ৰাজবংশী জনগণৰ সংখ্যাগৰিষ্ঠ ভোট বিজেপিয়ে আদায় কৰিছিল যদিও বিজেপি দলে এই জনগোষ্ঠীটোক উপযুক্ত ৰাজনৈতিক মৰ্যাদা দিয়া নাই বুলিও কয় ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা