কৃষ্ণাইৰ জ্যেষ্ঠ সাংবাদিক চৈয়দ ৰবিউল হকৰ বাসগৃহত দুৰ্বৃত্তৰ শিলাবৰ্ষণঃবিভিন্ন দল সংগঠনৰ গৰিহণা

কৃষ্ণাইৰ জ্যেষ্ঠ সাংবাদিক চৈয়দ ৰবিউল হকৰ বাসগৃহত দুৰ্বৃত্তৰ শিলাবৰ্ষণঃবিভিন্ন দল সংগঠনৰ গৰিহণা

--------

 গোৱালপাৰা জিলাৰ কৃষ্ণাইত বৃহস্পতিবাৰে নিশা জিলাখনৰ জ্যেষ্ঠ সাংবাদিক তথা কৃষ্ণাই প্ৰেছ ক্লাৱৰ সভাপতি চৈয়দ ৰবিউল হকৰ বাসগৃহত কোনো অচিনাক্ত দুৰ্বৃত্তই শিল দলিয়াই আক্ৰমণ কৰে ৷ জিলাখনৰ প্ৰতিষ্ঠিত সাংবাদিক জনৰ গৃহত এনে অনাকাংক্ষিত আক্ৰমণৰ  ঘটনা সংঘটিত হোৱাৰ বাতৰিয়ে সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে,যোৱা নিশা  প্ৰায় ২:১৫ বজাত দুখন মটৰ চাইকেলত অহা চাৰিজন অচিনাক্ত দুৰ্বৃত্তই শিলাবৰ্ষণেৰে আক্ৰমণ কৰে সাংবাদিক জনৰ বাসগৃহত ৷ এই আক্ৰমণত সাংবাদিক জনৰ বাসগৃহৰ বিশেষ ক্ষতিসাধন হোৱা নাই যদিও এনে গৰ্হিত কৰ্মক একেমুখে ধিক্কাৰ দিছে অঞ্চলবাসীয়ে ৷ আনহাতে সাংবাদিক জনৰ ওপৰত সংঘটিত এই আক্ৰমণ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে 
কৃষ্ণাই প্ৰেছ ক্লাৱ, সাংবাদিক কৰ্ম পৰিষদ,অসমৰ গোৱালপাৰা জিলা সমিতি আৰু সাংবাদিক যৌথ মঞ্চ,গোৱালপাৰা আদিকে ধৰি জিলাখনৰ বিভিন্ন দল সংগঠণে ৷ ইফালে ঘটনা সন্দৰ্ভত আজি সাংবাদিক জনে কৃষ্ণাই আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰেে ৷ ইয়াৰ পিছতে আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ


××× ××× ×××× ××× ××× ××× ××× ××× 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা