ৰঙিয়াত পালছাৰ মটৰ চাইকেল চুৰি
ৰঙিয়াত পালছাৰ মটৰ চাইকেল চুৰি
প্ৰতিবেদক, ৰঙিয়া, ২ মাৰ্চঃ
ধনলুট, চুৰি, ডকাইতি আদি ঘটনাত বিপৰ্যস্ত হৈ পৰিছে ৰঙিয়াৰ আইন শৃংখলা ব্যৱস্থা।মহকুমাটোত দিনে নিশাই আৰক্ষী আৰু নিৰাপত্তা ৰক্ষী গিজগিজাই থকা বুলি দাবী কৰাৰ পাছতো দুৰ্বৃত্তৰ দলে ধাৰাবাহিক ভাৱে চুৰি কাৰ্য সংঘটিত কৰি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এনেক্ষেত্ৰত আৰক্ষীয়ে হাত সাৱতি বহি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।যোৱা নিশা ৰঙিয়াৰ সমীপৱৰ্তী কাছাৰী শৌলমাৰী গাওঁৰ কাছিম আলীৰ পুত্ৰ মইদুল ইছলামৰ এএছ ০১-ডিএছ-৯৪৬৭ নম্বৰৰ পালছাৰ ১৮০ ডিটিএছ-১ মটৰ চাইকেলখন ইছলামৰ ঘৰৰ পৰিয়ালৰ লোকসকলে টোপনি যোৱাত চোৰে চুৰি কৰি লৈ যায়।এবছৰ সাতমাহ আগতে ক্ৰয় কৰি অনা পালছাৰ মটৰ চাইকেল খন চুৰি হোৱাত পৰিয়ালটোৰ মূৰত যেন সৰগ ভাগি পৰে। অৱশেষত উপায়হীন হৈ ৰঙিয়া সদৰ থানাত এটি গোচৰ ৰুজু কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।
Comments
Post a Comment