বঙাইগাঁৱৰ ডাংতল গাঁও পঞ্চায়তত ৰাইজৰ মাজত সুলভ মূল্যত খাদ্য সামগ্ৰী বিতৰণ

বঙাইগাঁৱৰ ডাংতল গাঁও পঞ্চায়তত ৰাইজৰ মাজত সুলভ মূল্যত খাদ্য সামগ্ৰী বিতৰণ

বঙাইগাঁওঃ ২৮ মাৰ্চঃ সমগ্ৰ দেশব্যাপী চলি থকা তলাবন্ধ কাৰ্যসূচী পালন কৰাৰ সময়চোৱাত ৰাইজৰ সুবিধাৰ্থে বঙাইগাঁও জিলা প্ৰশাসনে  বঙাইগাঁও জিলা পৰিষদৰ সহযোগত ডাংতল গাঁও পঞ্চায়ত কাৰ্যালয়ৰ জৰিয়তে ৰাইজৰ মাজত সুলভ মূল্যত খাদ্য সামগ্ৰী বিক্ৰী কাৰ্য আৰম্ভ কৰিছে। ৰাইজে যাতে তলাবন্ধ উলংঘন নকৰাকে খাদ্যসামগ্ৰী ক্ৰয় কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা হাতত লৈছে আৰু পৰৱৰ্তী পৰ্য্যায়ত আন সকলো গাঁও পঞ্চায়ততে এই ব্যৱস্থা লোৱা হ'ব আৰু পৰ্য্যায়ক্ৰমে আন বিভিন্ন স্থানৰ পৰা সামগ্ৰী বিক্ৰী কৰি জনসাধাৰণক চৰকাৰী নিৰ্দ্দেশনা পালন কৰিবলৈ আহ্বান জনাব । উল্লেখ্য যে ৯০ টকা  মূল্যৰ পেকেটত মুচুৰ ডাইল ১ কিলো, মিঠাতেল ২০০ মি. লি. আৰু ৫০০গ্ৰাম  নিমখ  উপলব্ধ হ'ব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা