ছয় বজাৰ লগে লগে লকডাউন হ'ল বঙাইগাঁও

ছয় বজাৰ লগে লগে লকডাউন হ'ল বঙাইগাঁও 

বঙাইগাঁওঃ২৪ মাৰ্চঃ মহামাৰী কৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অসম চৰকাৰে আজি সন্ধিয়া ছয় বজাৰ পৰা অহা ৩১ মাৰ্চৰ নিশা ১২ বজালৈ সমগ্ৰ অসমতে ঘোষণা কৰা লক ডাউন বঙাইগাঁও চহৰতো কাৰ্যকৰী হয় ৷ সন্ধিয়া ছয় বজাৰ লগে লগে গোলামাল আৰু ফাৰ্মাচী আদিক বাদ দি বন্ধ হৈ পৰে চহৰখনৰ আন সকলো দোকান -পোহাৰসমূহৰ লগতে বজাৰ সমাৰ ৷ একেদৰে বন্ধ হৈ পৰে যান - বাহনৰ চলাচলো ৷ চৰকাৰৰ নিৰ্দেশনা সম্পৰ্কত বঙাইগাঁও পৌৰ সভাৰ তৰফৰ পৰা মাইকযোগে জনসাধাৰণৰ মাজত প্ৰচাৰো কৰা হয় ৷ সেইদৰে বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ বাহনেৰে চাইৰেন বজাই চহৰখনৰ জনসাধাৰণক লকডাউনৰ বিষয়ে জাননী দিয়ে ৷ ফলত জনশূন্য হৈ পৰে বাট- পথ ৷ আৰক্ষী প্ৰশাসনে সমগ্ৰ জিলাখনতে চাইৰেন বজাই বজাই লকডাউনৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰ চলায় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা