বৰপেটা সত্ৰত ৰঙৰ সমূদ্ৰত বুৰ গ'ল জনতা,ৰঙীন জনসমূদ্ৰত পাৰভঙা উছাহ

:: বৰপেটা সত্ৰত ৰঙৰ সমূদ্ৰত বুৰ গ'ল জনতা,ৰঙীন জনসমূদ্ৰত পাৰভঙা উছাহ ::

:ফাগুনৰ উন্মনা মাত মতলীয়া শংকৰদেৱ-মাধৱদেৱৰ পদৰেণুৰে ৰঞ্জিত সুন্দৰীদিয়া,বৰপেটা সত্ৰ:

কঞ্জল দাস,বৰপেটা ১১ মাৰ্চ : "প্ৰকৃতি পুৰুষ-দুয়ো নিয়ন্ত মাধৱহে-প্ৰকৃতি পুৰুষ... , আজি ফাগুন আহি যায়,যায় গুচি যায়...." আদি হোলীগীতেৰে মুখৰিত হৈ পৰিছে সত্ৰ নগৰী বৰপেটা। বসন্তৰ আগমনৰ লগে লগে শীতৰ ঠেঁটুৱা লগা সেমেকা বতৰ আঁতৰি গৈ ফাগুনৰ পছোৱাই চঞ্চলা ধৰণীৰ পুৰণি সাজপাৰ খুলি নতুন সাজেৰে সজাই দিয়ে। দৌল মহোৎসৱ বুলি ক'লেই জনতাৰ মনলৈ আহে বৰপেটা ধামৰ কথা।চৌদিশে কেৱল ৰং আৰু ৰং। ৰঙৰ সমূদ্ৰত বুৰ গৈছে সকলো। ৰঙা-নীলা-গুলপীয়া-সেউজীয়া ৰঙেৰে ৰঙীন হৈ পৰিছে প্ৰতিজনৰ মুখ। চৌদিশে বিয়পিছে পাৰ ভঙা উছাহ । পাৰ ভাঙিবলৈ গৈছে বৰপেটাবাসীৰ হৃদয়ে হৃদয়ে ভকতৰ ফলগুধাৰা। হোলীগীতৰ মূৰ্ছনাত মুখৰিত হৈছে আকাশ-বতাহ। যান্ত্ৰীকতাময় জীৱনৰ সকলো দুখ-শোক পাহৰি ৰঙৰ উৎসৱত আজি একাকাৰ হৈ পৰিল সত্ৰ নগৰী বৰপেটাবাসী। ৰঙৰ মাজেৰে তেওঁলোক যেন বিশ্ববাসীক দিব বিচাৰিছে প্ৰেম, ভক্তি আৰু ভাতৃবোধৰ বাৰ্তা। মহাপুৰুষ মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত দৌলোৎসৱ উপভোগ কৰিবলৈ আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন লোকৰ সমাবেশ ঘতে।বৰপেটা বাসীৰ উপৰি ভিন্ন প্ৰান্তৰ পৰা অহা দর্শনাৰ্থীৰ উপস্থিতিয়ে সত্ৰ চৌহদত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি কৰে। উপস্থিত সকলোৱে দৌল উৎসৱৰ আনন্দ উপভোগ কৰাৰ উপৰি গোসাঁইক ফাকুগুড়ি প্ৰদান কৰি সেৱা জনায়। কৃষ্ণ ভক্তিৰ আধ্যাত্মিক পৰিবেশ মাজেৰে সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে দৌল উৎসৱ পালন কৰি অহাৰ বাবে বৰপেটাই এক সুকীয়া স্থান দখল কৰি আহিছে। নক্ষত্ৰ গণনা কৰা অনুসৰি বৰপেটা সত্ৰত এইবেলি পালন কৰা হৈছিল চাৰিদিনীয়া দৌল উৎসৱ। যোৱা আঠ মাৰ্চৰ পৰা বিশাল আয়োজনেৰে উদযাপিত এই দৌল উৎসৱ উপলক্ষে হৰিনাম কীৰ্তন আৰু হোলীগীতৰ গুঞ্জনত দিনে নিশাই মূৰত হৈ আছে বৰপেটা সত্ৰ। আনহাতে, চহৰখনৰ বাইশখন হাতীৰ অলিয়ে গলীয়ে ডেকাসকলে লগ হৈ গোৱা হোলীগীতসমূহে দৌলউৎসৱৰ পৰিৱেশটো অধিক জীপাল কৰি তুলিছে।হোলীগীতৰ মূৰ্ছনাত মুখৰ হৈ পৰিছে চৌদিশ। ইয়াৰ উপৰিও চহৰ খনৰ বজাৰে সমাৰে , হাতীসমূহত ভিন্ন মুখাকৃতি আৰু ৰং-বিৰঙৰ আবিৰৰ দোকানসমূহে সকলোকে আকৰ্ষিত কৰা দেখা গৈছে। উৎসৱৰ অন্তিমটো দিনত পুৱাৰে পৰা ৰং-বিৰঙৰ আবিৰ সানি প্ৰতিখন হাতীৰ অলিয়ে-গলীয়ে ঢোল,তাল,খঞ্জুৰী লৈ গোৱা হোলী গীতসমূহে মুখৰিত হোৱা সত্ৰনগৰী বৰপেটাৰ হৈ বৰ্ণিল দৃশ্য উপভোগ কৰিবলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য লোকৰ সমাগম ঘটা দেখা যায়। বিশেষকৈ শিশু, কিশোৰ-কিশোৰীসকলে পথৰ ওপৰতে ডাঙৰ ডাঙৰ পাত্ৰত ৰং সানি, "ফিচকাৰী"ৰে ৰং দিয়া দৃশ্য আছিল অতিকৈ মোহনীয়। আন আকাংশই আকৌ বিভিন্ন আকৃতিৰ মুখা, পুতলা, পৰিধান কৰি দৌল উৎসৱৰ এই বিশেষ দিনটোক অধিক আকৰ্ষণীয় কৰি তোলা দেখা যায়। ৰীতিনীতি অনুযায়ী বিয়লি দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰক গোঁসাই মঠৰ চোতাললৈ উলিয়াই আনি পূজা অৰ্চনা কৰাৰ পিছত দুখন সুশোভিত দোলাত তুলি গায়ন বায়ন ঢুলীয়া সমন্বিতে অগণন ভক্তৰ উপস্থিতিত সত্ৰৰ দক্ষিণ দিশে থকা কলবাৰী সত্ৰলৈ "হেকেতা" খুৱাবলৈ নিয়া হয়। হেকেতা খুৱা পৰ্বৰ সমাপ্তিৰপিছত গোসাঁইক বৰপেটা সত্ৰলৈ অনা হয়। গোঁসাই আহি বৰপেটা সত্ৰৰ মুখ্য প্ৰৱেশ পথ পোৱাৰ লগে লগে টুপৰ চোতালত "বাঁহ ভঙা" পৰ্ব অনুষ্ঠিত হয়। বাঁহ ভঙা পৰ্বৰ পিছত গোসাঁইক কীৰ্তনঘৰৰ চাৰিওফালে সাতপাক ঘূৰোৱাৰ সময়তে মঠৰ চোতালত অনুষ্ঠিত হয় এক অৰ্ধনাটকীয় অনুষ্ঠান "বোলবোলনী" । উল্লেখযোগ্য যে, সমগ্ৰ ৰাজ্যবাসীয়ে দহ তাৰিখে ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰাৰ বিপৰীতে সত্ৰনগৰী বৰপেটা বাসীয়ে এঘাৰ অৰ্থাৎ দৌল উৎসৱৰ অন্তিমটো দিনত ফাকুৱা উদযাপন কৰিছে। দৌল উৎসৱ উপলক্ষে বৰপেটা সত্ৰৰ উপৰিও সুন্দৰীদিয়া , গনককুছি, পাটবাউসী, বাৰাদি আদি সত্ৰটো অতি উলাহ-মালহেৰে দৌল উৎসৱ( ফাকুৱা ) পালন কৰা হয়। সম্পূৰ্ণ শান্তি- শৃংখলা বজাই ৰাখি সত্ৰনগৰী বৰপেটাত এইদৰে অন্ত পৰিল চাৰিদিনীয়া বিস্তীৰ্ণ কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। 
উৎসৱৰ লগতে বৰপেটাত হোলীগীতকলৈ বাটৰ নাট প্ৰদৰ্শন কৰা হয়। আবিৰৰ ৰঙেৰে ৰঙিয়াল সত্ৰ নগৰী বৰপেটাত "শুভম " নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে  অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিবেশ পৰিষদৰ সহযোগত প্ৰাকৃতিক ফুলেৰে নিৰ্মিত ফাকু গুড়ি চটিয়াই এইবাৰৰ দৌল উৎসৱটি পালন কৰাৰ সংকল্পৰে এখনি প্ৰাকৃতিক আবিৰ নামেৰে বাটৰ নাট প্ৰস্তুত কৰি উলিয়াইছে।উক্ত নাট খনিৰ পাণ্ডুলিপি দীপমনি তালুকদাৰ ৰ ।এই নাট খনৰ এটা দৃশ্য বৰপেটা প্ৰেছ ক্লাৱ ৰ সন্মুখত আৰু আন এটা দৃশ্য বৰপেটা গলীয়া হাটী বৰবাৰী পথত প্ৰদৰ্শন কৰা হয়। সজাগতা মূলক প্ৰাকৃতিক আবিৰ এই বাটৰ নাট খনৰ জড়িতে ৰাসায়নিক ভাবে নিৰ্মিত ফাকু গুড়ি ৰ ভয়াবহতা আৰু প্ৰাকৃতিক ফাকু গুড়ি ৰ প্রয়োজনীয়তা বোৰ বহি প্ৰকাশ কৰাৰ চেষ্টা কৰে। 
প্ৰাকৃতিক ফুল পাতেৰে ঘৰতে নিৰ্মিত ফাকুৱা সানি আনন্দ মনেৰে দৌল উৎসৱ পালন কৰিব লাগে কিয়নো নিজৰ জীৱনটোত কৈ শ্ৰেষ্ঠ আৰু একোৱে হব নোৱাৰে । এজন মানুহ সুস্থ থাকিলে হে তেওঁ সকলো কৰিব পাৰে ইত্যাদি বিষয় বস্তু বোৰ মূল উদ্দেশ্য হিচাপে লৈ নাট খনত বহি প্ৰকাশ কৰিব চেষ্টা কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা