কৃষ্ণাই মন্টেশ্বৰী হাইস্কুলৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা সম্পন্নঃ
কৃষ্ণাই মন্টেশ্বৰী হাইস্কুলৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা সম্পন্নঃ প্ৰাচীৰ পত্ৰিকা ৰেঙণি উন্মোচনঃকৃতি শিক্ষাৰ্থীক বঁটা প্ৰদান
------------
গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান "কৃষ্ণাই মন্টেশ্বৰী হাইস্কুল"ৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানখনি আজি দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন কৰা হয় ৷ অনুষ্ঠান উপলক্ষে আজি পুৱা ১০ বজাত মুখ্য অতিথিৰ আদৰণি পৰ্বৰ পিছতে মঞ্চ মুকলি কাৰ্যসূচী সম্পাদন কৰা হয় ৷ ১০:১৫ বজাত বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী হিৰণ্ময়ী শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে ৷ ১০:৩০ বজাত মুখ্য অতিথিৰ ভাষণ আগবঢ়ায় অৱসৰপ্ৰাপ্ত ৰাষ্টীয় বঁটা প্ৰাপক শিক্ষক এম, আব্দুল মজিদ খান আৰু হাব্ৰাঘাট মহাবিদ্যালয়,কৃষ্ণাইৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শিকদাৰ হানিফ উদ্দিন আহমেদে ৷ ইয়াৰ পৰবৰ্তী সময়ত দিনৰ ১০:৪৫ বজাৰ পৰা আৰম্ভ হয় সাংস্কৃতিক অনুষ্ঠান ৷ সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন নৃত্য-গীত পৰিবেশন কৰে ৷ অনুষ্ঠানত অভিভাবিকা এদলে পৰিবেশন কৰা এটি বিয়া নামে সকলোকে আহ্লাদিত কৰি তোলে ৷ সাংস্কৃতিক অনুষ্ঠানৰ মাজতে এইবেলি প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে প্ৰথম হৈ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলক বঁটা প্ৰদান কৰা হয় ৷ আনহাতে বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয় খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থী ক্ৰমে
ঋত্বিক নুন ,সৌৰভ দাস,চাকিল আহমেদ,বিশাল সৰকাৰ,মণীষ কুমাৰ ঝা,মফিদুজ জামান,মহচিন হাছান,মুস্কান আলী য়াচমিন,ৰাকেশ সাহা,ছুজান ইছলাম, ববিদুল ইছলাম,অভিজিত ৰয়, দেবাঞ্জন শৰ্মা, স্নেহা সৰকাৰ আৰু লিয়াকত আলীকো আনুষ্ঠানিক ভাৱে সন্মান জনোৱা হয় ৷ উল্লেখযোগ্য যে ১৯৯৫ চনতে ভেলাখামাৰ গাঁৱৰ কৃতি সন্তান কেশৱ শৰ্মা আৰু তেঁৱৰ সহধৰ্মিনী হিৰণ্ময়ী শৰ্মাই কৃষ্ণাই জ্যোতিনগৰত প্ৰতিষ্ঠা কৰা কৃষ্ণাই মন্টেশ্বৰী হাইস্কুলে চলিত বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে ৷ এই উপলক্ষে বিদ্যালয়খনে বছৰ জোৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ সেই কাৰ্যসূচীৰে অংশ হিচাপে কালি বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত এক অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ আনহাতে, প্ৰাচীৰ পত্ৰিকা ’ৰেঙণি’ খন উন্মোচন কৰে প্ৰধান শিক্ষয়িত্ৰী হিৰণ্ময়ী শৰ্মাই ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report
*** *** *** *** *** *** ***:*****
Comments
Post a Comment