ৰাজ্যিক হেণ্ডব'ল খেলুৱৈ নজৰুল ইছলামৰ মৃত্য
প্ৰতিবেদক, ৰঙিয়া ২ মাৰ্চঃ ৰঙিয়া ইছলামপুৰ নিবাসী ৰাজ্যৰ আগশাৰীৰ প্ৰাক্তন হেণ্ডব'ল খেলুৱৈ নজৰুল ইছলামৰ যোৱা নিশা মৃত্যু হয়। মাত্ৰ ৪৫ বছৰ গৰকা প্ৰাক্তন খেলুৱৈ ইছলামে দীৰ্ঘ দিনৰ পৰা যকৃত ৰোগত আক্ৰান্ত হৈ আছিল। ৰঙিয়াৰ বিভিন্ন মহলত পুতুল নামেৰে জনপ্ৰিয় হৈ পৰা ইছলামে শেহতীয়া ভাৱে তেওঁ জণ্ডিছ ৰোগতো ভুগি আছিল। কালি তেওঁৰ হঠাৎ স্বাস্থ্যৰ অবনতি হোৱাত পৰিয়ালৰ লোকে তেওঁক ৰঙিয়াৰ এখন ব্যক্তিগত নাৰ্চিংহোমত ভৰ্তি কৰোৱায়। তাৰ পিছতো তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত গুৱাহাটী জি এন আৰ চি লৈ নিয়ে যদিও আধাবাটতে তেওঁ মৃত্যক সাৱতি লয় । এগৰাকী সুদক্ষ ক্ৰিকেট খেলুৱৈ হিচাপেও সুনাম অৰ্জন কৰা ইছলামে মৃত্যুৰ সময়ত পত্নীৰ উপৰিও এজন পুত্ৰ সন্তানৰ লগতে এগৰাকী কণ্যা সন্তান এৰি থৈ যায় ।খেলুৱৈ গৰাকীৰ অকাল মৃত্যুত সমগ্ৰ ৰঙিয়াতে গভীৰ শোঁকৰ ছাঁ পৰে । ৰঙিয়াৰ বিভিন্ন সামাজিক কামৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত থকা পুতুলৰ মৃত্যুত ৰঙিয়াৰ যুৱ ছাত্ৰ পৰিষদ, বিভিন্ন দল সংগঠনৰ লগতে উত্তৰ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক বীৰেন কলিতা ৰেফাৰী বৰ্ডৰ তৰফৰ পৰা পহৰেদ আলী আহমেদে গভীৰ শোক প্ৰকাশ কৰে । তেওঁক বিগত ক্ৰীড়া দিৱসৰ দিনা ৰঙিয়াত ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনোৱা হৈছিল।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।
Comments
Post a Comment