ঐতিহ্যৰ পৰা বিজ্ঞানলৈ সংৰক্ষিত ব্যতিক্ৰম যাদুঘৰতো

*শিৱসাগৰৰ এক ব্যতিক্ৰমী যাদুঘৰ: ঐতিহ্যৰ পৰা বিজ্ঞানলৈ সংৰক্ষিত উত্তৰণ যাদুঘৰত: উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো একক যাদুঘৰৰ আজি সপ্তদশ প্ৰতিষ্ঠা দিৱস : দূৰ্লভ বৰাৰ একক প্ৰচেষ্টাত অতীত,বৰ্তমান আৰু ভৱিষ্যতৰ সমাহাৰ*





ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ১৩ মাৰ্চ : শিৱসাগৰৰ এটা ব্যতিক্ৰমী যাদুঘৰ ৷ ঐতিহ্যৰ পৰা বিজ্ঞানৰ উদ্ভাৱনালৈ সকলো সংৰক্ষিত যাদুঘৰটোত ৷ কেঁকোৱা দোলাৰ ইতিহাসৰ পৰা জীৱ বিজ্ঞানৰ বিষয়বস্তুলৈ সকলোৱেই উপলব্ধ যাদুঘৰটোত ৷ অসমীয়া জাতিৰ সম্ভ্ৰান্ত অতীতৰ সকলো সমলেই বিচাৰি পোৱা যায় উত্তৰণ যাদুঘৰত ৷
পেটাৰীৰ পৰা হেংদানলৈ,ভোগজৰাৰ পৰা চমতালৈ সংৰক্ষণ যাদুঘৰটোৰ প্ৰতিটো মহলাত ৷ উত্তৰ পুৰুষৰ বাবে অম্লান কীৰ্তি সংৰক্ষণ কৰি যোৱাৰ হেঁপাহত দুৰ্লভ বড়া নামৰ ব্যতিক্ৰমী ব্যক্তিৰ সৃষ্টি এই উত্তৰণ যাদুঘৰৰ আজি সপ্তদশ প্ৰতিষ্ঠা দিৱস ৷
এজন ব্যক্তিৰ লক্ষ্য কি হ'ব পাৰে ! কি হ'ব পাৰে জীৱনৰ উদ্দেশ্য ? এনে বিভিন্ন ব্যক্তি পৃথিৱীত আছে যি সকলৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য ব্যতিক্ৰম । তেনে এজন ব্যক্তিয়েই হল শিৱসাগৰৰ জয়সাগৰৰ দুৰ্লভ বৰা । দুৰ্লভ বৰাৰ লক্ষ্য আছিল এক যাদুঘৰ স্থাপন কৰা,আৰু আজি তেওঁ স্থাপন কৰা যাদুঘৰে সোতৰ বছৰ সম্পূৰ্ণ কৰিছে । তেওঁ উদ্দেশ্য যে সফল ৰূপ পাইছে |
আপুনি জীৱনত কিমানজন কৃচ্ছ্ৰসাধনা কৰা লোকক দেখিছে ? এনে সাধনা কৰা লোক বিৰল । তেনে এগৰাকী লোক হৈছে শিৱসাগৰৰ দুৰ্লভ বৰা । বৰাৰ নামৰ দৰে তেওঁৰ কামো দুৰ্লভ । তেওঁ মনত অংকুৰিত হোৱা উদ্দেশ্য ২০০৩ চনৰ আজিৰ দিনটোতে তেওঁ স্থাপন কৰিছিল তেওঁ এক সপোনৰ বীজ । এক যাদুঘৰৰ লাইখুটা । মানুহে ঘৰৰ খুঁটা স্থাপন কৰে,স্থাপন কৰে ৰাজহুৱা অনুষ্ঠানৰ আধাৰ,কিন্তু দুৰ্লভ বৰাই আজিৰ পৰা সোতৰ বছৰৰ আগত স্থাপন কৰিছিল উত্তৰণ যাদুঘৰৰ লাইখুটা । এই যাদুঘৰটোৱে আজি সোতৰ বছৰ সম্পূৰ্ণ কৰিছে ।
উত্তৰণ যাদুঘৰ মাত্ৰ এক পুৰণি সামগ্ৰীৰ সংগ্ৰহালয় নহয়,উত্তৰণ জ্ঞান-বিজ্ঞান-সংস্কৃতি-সমাজৰ এক যাত্ৰা । ঐতিহাসিক সমল,সাংস্কৃতিক উপাদান, সামাজিক আহিলা,জীৱন ধাৰণৰ মাধ্যম, বিজ্ঞানৰ আশ্চৰ্য, প্ৰকৃতিৰ ৰেহৰূপ আদি সকলো এক ক্ৰমানুসাৰে ৰাখি থোৱা হৈছে এই যাদুঘৰত । স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনৰ তৰোৱাল, আহোম যুগৰ বিভিন্ন যুদ্ধ, ঘৰুৱা ব্যৱহাৰ, সমাজ-সংস্কৃতিৰ আহিলা আদিকে কৰি জৈৱ বৈচিত্ৰ্যৰ বিভিন্ন বিষয়,বিজ্ঞান আৱিষ্কাৰৰ ইতিকথা আদি সমূহ এই যাদুঘৰৰ আকৰ্ষণ । যাদুঘৰটোত সংৰক্ষণ কৰা হৈছে প্ৰায় ৬০০০-৭০০০ বিধ সামগ্ৰী ।অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩৫০ টা পুখুৰীৰ পানী, শামুকৰ কণীৰ পৰা পূৰ্ণ বয়স্ক শামুকৰ খোলা,মাটি চাকিৰ পৰা এলইডি বাল্ব আদি বিভিন্ন বিষয়ৰ আকৰ্ষণীয় উপস্থাপন আছে এই যাদুঘৰত । কিহৰ মোহ আৰু তাড়নাত দুৰ্লভ বৰাৰ এনে চেষ্টা !! পঢ়কচোন তেওঁৰ মুখেৰে ব্যক্ত কৰা কথাখিনি আছিল এনেধৰণৰ ।
দুৰ্লভ বৰাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিল
এই তিনি মহলীয়া উত্তৰণ যাদুঘৰৰ ভৱনটোৰ প্ৰতি চপৰা ইটাই পৰশ পাইছে দুৰ্লভ বৰাৰ।কিয়নো উত্তৰণৰ পৰিকল্পনা আৰু নিৰ্মাণ তেওঁ নিজে কৰিছে। কোনো মিস্ত্ৰী-যোগালিৰ সহায় লোৱা নাই। ভৱনটোত ঠাই দিয়া সামগ্ৰী সমূহ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰে দুৰ্লভ বৰাই নিজে । আচয্যকৰ কথা হল সৰহ সংখ্যক সমল সামগ্ৰীয়েই বিনিময়ত অনা । কিছু ৰাইজে দান কৰা । দৰমহাৰ সৰহ ধন যাদুঘৰত বিনিয়োগ কৰা দুৰ্লভ বৰা সাহস তেওঁৰ পত্নী তৰামাই বৰা ।স্বামীৰ প্ৰতিটো কামৰ সহচৰ এইগৰাকী মহিলা । দুৰ্লভ বৰাৰ সকলো কামত সমৰ্থন আৰু সহায় আগবঢ়াইচে পত্নী তৰামাইয়ে।
তৰামাই বৰায়েও কলে আজি উত্তৰণে ১৭ বছৰত ভৰি দিছে। উত্তৰণ এতিয়া পৰ্যটকৰ এক চিনাকি নাম । শিৱসাগৰ আহিলে পৰ্যটকে উত্তৰণত ভুমুকি মাৰে। উপভোগ কৰে উত্তৰণৰ অতীত-ভৱিষ্যতৰ সমাহাৰ। বুকুত কঢ়িয়াই নিয়ে দুৰ্লভ বৰাৰ অতি দুৰ্লভ প্ৰয়াসৰ স্মৃতিক । শিৱসাগৰ বাসীয়ে তেওৰ প্ৰতিটো কামৰ ভূয়সী প্ৰশংসা কৰিছে |

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা