কালিৰ পৰা গুৱাহাটীৰ মাছখোৱাৰ নদী ঘাটত 'ফাগুন মহোৎসৱ'

কালিৰ পৰা গুৱাহাটীৰ মাছখোৱাৰ নদী ঘাটত 'ফাগুন মহোৎসৱ'

পঙ্কজ নাথ, চাংসাৰি, ৬ মাৰ্চ: 

গুৱাহাটীৰ মাছখোৱাৰ নদী ঘাটত সাত মাৰ্চৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ফাগুন মহোৎসৱ। প্ৰথমবাৰলৈ লুইতৰ বালিত আয়োজন কৰা হৈছে এই ফাগুন মহোৎসৱৰ। সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান ভি-অসমে গুৱাহাটীৰ মাছখোৱা নদীঘাটত আয়োজন কৰিছে এই উৎসৱৰ। আয়োজক সমিতিৰ সম্পাদক বন্দনা শইকীয়াই আজি সংবাদ মাধ্যমৰ জৰিয়তে এই বিষয়ে সদৰি কৰে।গীত,কবিতা,নৃত্য,ছবি,চিলাৰে সজিব হ'ব ফাগুন মহোৎসৱ। ইয়াৰোপৰি থাকিব সৌন্দৰ্য্যৰ বিভিন্ন অনুষ্ঠান আৰু চিত্ৰাংকন প্ৰতিযোগিতা। প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা নিশা ৯ বজালৈ ফাগুন মহোৎসৱ মুকলি থাকিব। সেয়েহে ফাগুন মহোৎসৱৰ দুয়োটা দিনতে সকলোৰে উপস্থিতি তথা সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে আয়োজক সমিতিয়ে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা