গোলাঘাটৰ চিকিৎসালয়ত ভৰ্ত্তি তিনিওজন ক'ৰণা মুক্ত

গোলাঘাটৰ চিকিৎসালয়ত  ভৰ্ত্তি তিনিওজন ক'ৰণা মুক্ত : গোলাঘাট ,২৮ মাৰ্চ : গোলাঘাটবাসীৰ উদ্বিগ্নতাৰ  অন্ত পেলাই গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত নিৰিক্ষণত ৰখা ক'ৰণা সন্দেহীত   তিনিওজন লোক ক'ৰণামুক্ত বুলি প্ৰমাণিত হ'ল। ইতিমধ্যে মিজোৰামৰ ক'ৰণা আক্ৰান্ত যুৱকৰ সহযাত্ৰী হোৱা যুৱকজনৰ লগতে যোৰহাটৰ বিমানবন্দৰৰ পৰা আনিবলৈ যোৱা ড্ৰাইভাৰ সহ সম্বন্ধীয় লোকজনকো প্ৰশাসনে আছুতীয়া কক্ষত ভৰ্ত্তি কৰিছিল। যদিও তেজৰ নমুনাৰ পৰীক্ষাৰ অন্তত কালি নিশা তিনিওজন ব্যক্তিৰ দেহত ক'ৰণা নেগেটিভ অহাত গোলাঘাটবাসীৰ মাজত স্বত্বিৰ নিশ্বাস আহিছে।

Comments