বঙাইগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে



কৰ'ণাৰ আতংকৰ মাজতেই আজি বঙাইগা‍ঁৱত আহি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল

বঙাইগাঁৱত উপস্থিত হৈ প্ৰথমে বঙাইগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে

বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ আইচিইউ আৰু আইছোলেশ্বন কক্ষৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে

তাৰ পিছতে বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ বিশেষ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী

সাংবাদিকৰে হোৱা মুখামুখীত তেখেতে জনায় বঙাইগাঁও জিলা স্বাস্থ বিভাগে যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ সাজু হৈ আছে

আশাকৰ্মীৰ পৰা আৰম্ভ কৰি স্বাস্থ্যবিভাগত কাম কৰা সকলো কৰ্মচাৰীকে তেখেতে ধন্যবাদ জনায়

বঙাইগাঁও জিলা প্ৰশাসনক শিশু আৰু পৌঢ় মানুহসকলৰ স্বাস্থ্য পৰীক্ষা কৰাত যাতে কোনোধৰণৰ ত্ৰুটি নাহে তাৰে নিৰ্দেশ দিয়ে

সকলো ৰাইজকে সামাজিক দুৰত্ব বজাই ৰাখি ঘৰৰ ভিতৰত সোমাই থাকি কৰ'ণাক প্ৰতিহত কৰাৰ বাবে আহ্বান জনায়

বহিঃৰাজ্যত থকা অসমৰ মানুহখিনিৰ বাবে সকলোধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ বাবে সেই ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ চিঠি দিয়াৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে

লগতে অসমত থকা বহিঃৰাজ্যৰ মানুহৰ বাবেও অত্যাৱশ্যকীয় সকলো ধৰণৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে

*ৰাতুল দেৱ,বইটামাৰী, বঙাইগাঁও*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা