বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ উদ্যোগত কৰ'না প্ৰতিৰোধ সজাগতা অভিযান

বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ উদ্যোগত কৰ'না প্ৰতিৰোধ সজাগতা অভিযান 

 ৰাইজৰ মাজত হেণ্ড চেনিটাইজাৰ বিতৰণ

বঙাইগাঁওঃ২৪ মাৰ্চঃ বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা (এনএছএছ) গোটে বঙাইগাঁও চহৰৰ সমীপৰ বাখৰাপাৰা-মেচপাৰা গাঁৱত মঙলবাৰে কৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কত এক সজাগতা অভিযান অনুষ্ঠিত কৰে। এই সজাগতা অভিযানত ৰাষ্ট্ৰীয় সেৱা যোজনাৰ সমন্বয়ক ড°হেমন্ত সাউদ, বীৰঝৰা মহাবিদ্যালয়ৰ পদার্থ বিজ্ঞানৰ সহযোগী অধ্যাপক ড° বলেন চৌধুৰী আৰু সঞ্জীৱ কুমাৰ বাগলাৰীয়ে অংশ গ্রহণ কৰে। উল্লেখ্য সমগ্র বিশ্বতে ত্ৰাস সৃষ্টি কৰা কৰ'না ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা আৰু সংক্ৰমণ ৰোধৰ বাবে ল'বলগীয়া সাৱধানতাৰ ওপৰত বিশদ ব্যাখ্যা আগবঢ়োৱাৰ লগতে স্থানীয় ভাৱে প্ৰস্তুত কৰা জীবাণু প্ৰতিষেধকৰ বিষয়ে জ্ঞাত কৰে। ইপিনে অভিযানৰ অংশ হিচাপে বীৰঝৰা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে "বিশ্ব স্বাস্থ্য সংস্থা" ৰ অনুমোদিত আৰ্হি অনুসৰি প্ৰস্তুত কৰি উলিওৱা হেণ্ড চেনিটাইজাৰ গাঁওবাসীৰ মাজত বিতৰণ কৰে। মেচপাৰাৰ ৪২ নম্বৰ বাখৰাপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত সজাগতা অভিযানত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী তথা স্থানীয় ৰাইজে সহায়- সহযোগিতা আগবঢ়ায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা