গোলাঘাটত মুখ্যমন্ত্ৰীয়ে ক'ৰণা সন্দৰ্ভত পৰ্যালোচনা সভাত অংশ লৈ সেৱা মনোবৃত্তিৰে কাম কৰাৰ আহ্বান

গোলাঘাটত মুখ্যমন্ত্ৰীয়ে ক'ৰণা সন্দৰ্ভত পৰ্যালোচনা সভাত অংশ লৈ সেৱা মনোবৃত্তিৰে কাম কৰাৰ আহ্বান :  গোলাঘাট ২৮  মাৰ্চ : বৰ্তমান সমগ্ৰ বিশ্বত ভয়ংকৰ ৰূপ ধাৰণ কৰা ক'ৰণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে  অসম চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাপনা সম্পৰ্কত জানিবলৈ আজি গোলাঘাটত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল উপস্থিত হ'য়। হেলিকপ্টাৰে আহি উপস্থিত হোৱা  মুখ্যমন্ত্ৰী জনে  ক'ৰণা প্ৰতিৰোধৰ  ব্যৱস্থাপনা সম্পৰ্কত পৰ্যালোচনা কৰি পোনে পোনে   কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ সমগ্ৰ চিকিৎসালয়খন পৰিদৰ্শন কৰে। লগতে ক'ৰণা আক্ৰান্তৰ বাবে নিৰ্মাণ কৰা আছুতীয়া কক্ষ আৰু অন্যান্য সা - সুবিধা সমূহৰো বুজ লয়। ইয়াৰপিছতে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য, খাদ্য, অসামৰিক যোগান, শ্ৰম , পৌৰসভা তথা চেম্বাৰ্চ অৱ কৰ্মাচৰ প্ৰতিনিধি বৰ্গৰ সৈতে এক আলোচনাত মিলিত হ'য়। সভাত জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোদীয়ে শক্তি বিন্দু উপস্থাপনেৰে  প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কত অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এনে সংকটৰ সময়ত সকলো বিভাগীয় বিষয়া সকলক সেৱা মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা