বঙাইগাঁৱত শ্ৰমজীৱী মহিলাৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

বঙাইগাঁৱত শ্ৰমজীৱী মহিলাৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ  

বঙাইগাঁওঃ ৬ মাৰ্চঃ সমান কামত সমান মজুৰি প্ৰদান কৰা , কৰ্মস্থলীত মহিলাৰ সুৰক্ষা প্ৰদান কৰা আৰু ঐক্য বিৰোধী 'কা' বাতিলৰ দাবীত আজি শ্ৰমজীৱী মহিলাৰ দেশজোৰা জেল ভৰো কাৰ্যসূচীৰ অংশ হিচাপে বঙাইগাঁৱতো শ্ৰমজীৱী মহিলাৰ সমন্বয়ৰক্ষী সমিতিৰ জৰিয়তে চি আই টি ইউৱেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত তিনি শতাধিক মহিলাই অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে শ্ৰমজীৱি মহিলাৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত প্ৰথমে মহিলাসকল স্থানীয় গান্ধী ময়দানত সমবেত হয় আৰু পিছত এক প্ৰতিবাদী সমদল কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্থ কৰে ৷ প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰ হায় হায় ,কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ , সমান কামত সমান মজুৰি  আদায় দিয়ক ,ঐক্য বিৰোধী 'কা' বাতিল কৰক, ৰন্ধন কৰ্মীসকলৰ বাবে বাজেটত অতিৰিক্ত মাননি আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰক আদি বিভিন্ন দাবীত শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ বঙাইগাঁও জিলা সমিতিয়েও অংশ গ্ৰহণ কৰে ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা