ধুলিময় নাজিৰা । পৰিত্ৰাণ বিচাৰি হাহকাৰ জনতা

ধুলিময় নাজিৰা । পৰিত্ৰাণ বিচাৰি হাহকাৰ জনতা । পানীলগা বেমাৰত আক্ৰান্ত বহুজন

ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা,২ মাৰ্চ

নাজিৰাত এতিয়া চাৰিউফালে কেৱল ধুলি আৰু ধুলি । নাজিৰা নগৰৰ লগতে শিমলুগৰি নগৰৰ উপৰিও নাজিৰা বালিঘাট পথটোত এতিয়া কেৱল ধুলি । এই ধুলিময় পথটোৰ উপৰেদি গাড়ী এখন গলেই গাড়ীৰ চকাই উৰোৱাই যোৱা ধুলিৰ ফলত নেদেখা হৈ পৰে । এই ধুলিয়ে ইতিমধ্যে নাজিৰাত হাহঁকাৰ সৃষ্টি কৰিছে । এই ধুলিৰ ফলত ইয়াৰ দাতি কাষঁৰীয়া বাসিন্দা সকলৰ বহুতো বেমাৰ হবলৈ আৰম্ভ কৰিছে । পানীলগা বেমাৰৰ লগতে কাঁহ হবলৈ আৰম্ভ কৰিছে এই নগৰ দুখনত বাস কৰা বাসীন্দা সকলৰ । ব্যৱসায়িক প্ৰতিষ্ঠান সমুহ ধুলিৰে ভৰি পৰিছে । এই ধুলিৰ ফলতে কেনেদৰে যক্ষ্মাৰোগ হব পাৰে এই বিষয়ে অলপতে নাজিৰাত স্বাস্থ্য বিভাগৰ সজগতা সভাত উল্লেখ কৰিছিল বিশেষজ্ঞ সকলে । কিন্ত নাজিৰা বাসীৰ এই আৰ্তনাদ শুনিবলৈ যেন কোনো নাই । দোষৰ কথা কাক কব কোনে উপকাৰ কৰিব । সেয়েহে সকলোৱে এইবাৰ বৰুণ দেৱতাকে কাকুতি কৰিছে । প্ৰভু বৰষুণ দি হলেও এই ধুলিময় নাজিৰাৰ পৰা ইয়াৰ বাসিন্দাক উদ্ধাৰ কৰা । অন্যহাতে ধুলিৰ পৰা নাজিৰাবাসীক প্ৰৰিত্ৰাণ দিবৰ বাবে নাজিৰা মহকুমা প্ৰশাসনে আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগল ।বাসিন্দা সকলৰ প্ৰতি সদিচ্ছা থকা হলে পুৱা আবেলি পানীৰ টেংকাৰৰ হতুৱাই নগৰৰ প্ৰধন পথটোত পানী চেতিয়াই দিব পাৰিলেহেতেন ।

মুনীন্দ্ৰ নাথ শইকীয়া, নাজিৰা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা