ডিব্ৰুগড়ত শান্তিপূৰ্ণ ভাৱে ঈদ উল ফিটৰ উদযাপন: বিভিন্নজনৰ শুভেচ্ছা
চাবুৱাঃ ডিব্ৰুগড়ৰ ইছলাম ধৰ্মী লোকসকলে দেশৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো আজি ( সোমবাৰ )শান্তিপূৰ্ণ ভাৱে ঘৰতে পৰিয়ালৰ সৈতে ঈদ উৎসৱ আৰু ঈদৰ নামাজ সম্পন্ন কৰে ।এই ঈদক 'ঈদ উল ফিটৰ' বুলি কোৱা হয় । ফিটৰা বা দান দিয়া হয় বাবে এই ঈদক ঈদুল ফিটৰ বা দানৰ উৎসৱ বুলি কোৱা হয়। সম্প্ৰতি সমগ্ৰ বিশ্বতে ক'ৰোণা মহামাৰীয়ে যি তাণ্ডৱৰ সৃষ্টি কৰিছে তাৰ পৰা মানৱ জাতিয়ে পৰিত্ৰাণ পাবলৈ ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰে লক ডাউনৰ বাবে যি নীতি নিৰ্দেশনা জাৰি কৰিছে তাৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই ডিব্ৰুগড়ত থকা দুখনকৈ ঈদগাহ ক্ৰমে গ্ৰাহাম বজাৰত থকা 'কেন্দ্ৰীয় ঈদগাহ' আৰু আমোলাপট্টিৰ " আলহজ জালাল উদ্দিন আহমেদ ঈদগাহ ময়দান " সম্পূৰ্ণ ৰূপে বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত আজি নিজৰ নিজৰ বাসগৃহৰ চৌহদত পৰিয়ালৰ লগত সম্পূৰ্ণ ভাৱে সামাজিক ব্যৱধান মানি লৈ ঈদৰ দুই ৰাকাত "ৱাজীৱ নামাজ" সম্পন্ন কৰে। ডিব্ৰুগড় জিলাত থকা ২৭ টা মছজিদতো সামাজিক ব্যৱধান মানি তিনি চাৰি জনৰ ভিতৰতে সীমাবদ্ধ ৰাখি ঈদৰ নামাজ শান্তিপূৰ্ণ ভাবে আদায় কৰে। ঈদৰ দিনাখন সৰুৱে ডাঙৰক 'তছলিম 'কৰাৰ লগতে আলিংগন কৰাৰ প্...