Posts

শিৱসাগৰত স্বদেশ প্ৰেম মূলক অনলাইন কবিতা লিখা প্ৰতিযোগিতাৰ আয়োজন

Image
শিৱসাগৰত স্বদেশ প্ৰেম মূলক অনলাইন কবিতা লিখা প্ৰতিযোগিতাৰ আয়োজন ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৫ আগষ্ট : অসম সাহিত্য সভাৰ শিৱসাগৰ জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি অঞ্জনা গগৈৰ সভাপতিত্ব  জিলা কবি সন্মিলনৰ এখনি অন লাইন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সভাত সমগ্র বিশ্বত কভিড-১৯ ভাইৰাছৰ সংহাৰী ৰূপত স্তব্ধ হোৱা জনজীৱনৰ লগতে সামাজিক কৰ্মৰাজিৰ স্থবিৰ হোৱাৰ প্ৰতি লক্ষ্য কৰি সাহিত্য সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত অনলাইন যোগে এখনি কবিতা লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সিদ্ধন্ত কৰিছে । তদুপৰি সমগ্র দেশত লকডাউনৰ প্ৰভাৱৰ লগতে সামাজিক দূৰত্ব মানি চলিব লগা হোৱাত অসম সাহিত্য সভাৰ শিৱসাগৰ জিলা কবি সন্মিলনেও এনেদৰেই অনলাইনত সভা আহ্বান কৰিব লগা পৰিস্থিতি উদ্ভৱ হৈছে বুলি মত প্ৰকাশ কৰে । লগতে জিলা কবি সন্মিলনৰ তৰফৰ পৰা এখনি অন লাইন কবিতাৰ লিখা প্ৰতিযোগিতা দেশপ্ৰেম মূলক কবিতাক কেন্দ্ৰ কৰি অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে |  জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি অঞ্জনা গগৈয়ে এই সুন্দৰ পদক্ষেপেৰে আয়োজন কৰা কবিতা প্ৰতিযোগিতাই অসমীয়া সমাজখনক অধিক উ$সাহ যোগোৱাৰ লগতে  ৰাইজৰ সমাদৰ লাভ কৰিব বু...

সৃজনাসমৰ নেতৃত্বত অসমে মুকলি কৰিলে প্ৰথমটো ছেৰো সমীক্ষা

Image
ষ্টাফৰিপ'ৰ্টাৰ,২৪,আগষ্ট।। ন'ভেল ক'ৰণা ভাইৰাছৰ বিস্তৃতি আৰু প্ৰসাৰৰ বিষয়ে বুজা লোৱা আৰু সকলো লোকৰ বাবে ব্যয়সাধ্য চিকিৎসা ব্যৱস্থা উপলদ্ধ কৰোৱাৰ উদ্দেশ্যে বেচৰকাৰী সংস্থা সৃজনাসমে সোমবাৰৰ পৰা ৰাজ্যেত প্ৰথমবাৰৰ বাবে ছেৰোল'জিকাল সমীক্ষা আৰম্ভ কৰিছে। সৃজনাসমে গুৱাহাটীস্থিত মেডিচিটি গ্ৰুপ অৱ ক্লিনিক এণ্ড ডাইগ্ন'ষ্টিকৰ সহযোগত এই অভিযান মুকলি কৰিছে। A.A.S.H.A-Assessment of Anti  SARSCoV2 Seroprevalence in habitanse of Assam: A population based cross sectional study" শীৰ্ষক এই অভিযান মুকলি অনুষ্ঠানত ৰাজ্যৰ কনিষ্ঠ স্বাস্থ্য মন্ত্রী পীয়ুষ হাজৰিকাৰ উপৰিও কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পৰিচালনা সঞ্চালক আৰু সংশ্লিষ্ট সমীক্ষাৰ অন্যতম প্ৰধান ব্যক্তি তথা আইআৰএছ বিষয়া পদ্মপানী বৰা উপস্থিত থাকে। নিজৰ ভাষণ প্ৰসংগত  স্বাস্থ্য মন্ত্ৰী পিয়ুষ  হাজৰিকাই  আইআৰএছ আৰু সৃজনাসমক এনে পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আনহাতে অনুষ্ঠানত সৃজনাসমৰ পৰিচালন ন্যায়ৰক্ষী তথা মুখ্য কাৰ্যবাহী বিষয়া মৃদুস্মিতা দাসে কয়"-এই সমীক্ষাই ক'ৰণা ভ...

সাংবাদিক-সংবাদ কৰ্মীক সাহায্য প্ৰদান

ষ্টাফৰিপৰ্টাৰ, ২৫ আগষ্ট : কভিড -১৯ মহামাৰীয়ে জুৰুলা কৰা সংবাদ জগতৰ  লগত জড়িত কৰ্মচাৰীসকলৰ বাবে  লাওচৰ ৰাজধানী ভিয়েনটাইনত  বাস কৰা  দুই অসমীয়া  ব্যৱসায়ী ভাতৃ হবিব মহম্মদ চৌধুৰী আৰু চাদিক মহম্মদ চৌধুৰী ৰ উদ্যোগত সোমবাৰে প্ৰায় 200 সাংবাদিক আৰু সংবাদ কৰ্মীক সাহায্য প্ৰদান কার্যসূচীৰ আয়োজন কৰা হয়। মহানগৰীৰ চানমাৰী উৰণীয়া সেতুৰ তলত পুৱা ১০ বজাৰ পৰা ৩বজালৈ এই সাহায্য প্ৰদান কৰা হ'য় । জেএফ ফাউণ্ডেশ্যনে ক’ভিড প্ৰট’কল মানি আয়োজন কৰা এই কার্যসূচীয়ে স্বাভাৱিকতে  প্ৰশংসা  বুটলিছে  সংবাদ মাধ্যমৰ পৰা ।

বিশিষ্ট গীতিকাৰ , লোক সংস্কৃতিৰ সাধক অসমৰ বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্যৰ মৃত্যু

Image
ষ্টাফৰিপৰ্টাৰ, বিশিষ্ট গীতিকাৰ , লোক সংস্কৃতিৰ সাধক অসমৰ বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্যৰ গুৱাহাটী হেলথ চিটি হাস্পতালত সোমবাৰে নিশা মৃত্যু হয়। 'ও ফুলেশ্বৰি  বুকুৰে লগৰী, বেলি গ'ল গধূলি হল ,  মধুৰ মুৰতি, নামামী ব্ৰহ্মপুত্ৰ   আদি জনপ্ৰিয় গীতেৰে অসমৰ সংগীত জগত খনক সমৃদ্ধ  কৰা  বিশিষ্ট গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক মনমথ বৈশ্য যোৱা  ১৫ আগষ্টৰ পৰা গুৱাহাটীৰ হেল্থ চিটি হস্পিতালত  চিকিৎসাধিন হৈ আছিল। বৰপেটাৰ কেওটকুছি গাঁওৰ প্ৰয়াত গীতিকাৰ গৰাকী গুৱাহাটীৰ বেলতলাৰ বাসিন্দা আছিল। ও ফুলেশ্বৰি  বুকুৰে লগৰী, বেলি গ'ল গধূলি হল ,  মধুৰ মুৰতি, নামামী ব্ৰহ্মপুত্ৰ   আদি জনপ্ৰিয় গীতেৰে অসমৰ সংগীত জগত খনক সমৃদ্ধ  কৰা  বিশিষ্ট গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক মন্মথ বৈশ্য ২৪ আগষ্টৰ নিশা ১১-৩০ বজাত   গুৱাহাটীৰ হেল্থ চিটি হস্পিতালত  পৰলোক প্ৰপ্তি ঘটে। অসম সাহিত্য সভাৰ মুখপাত্ৰ ড০ সঞ্জীৱ কুমাৰ শৰ্মা,ৰামধেনুৰ আহভায়াক মানিক আহমেদ প্ৰমুখ্যে এটি দলে দিনৰ ভাগত স্বাস্থ্যৰ বুজ লোৱা উদেশ্যে উপস্থিত হৈছিল  চিকিৎসালয় খ...

নলবাৰীত পুথি অধ্যয়নৰ নীৰৱ বিপ্লৱ- জীতেন ডেকা-প্ৰণব কুমাৰ বৰ্মন-সুভাষ বৰ্মনে লৈছে বিশেষ পদক্ষেপ

Image
*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৪ আগষ্ট*     বৃহত্তৰ পূব নলবাৰী অঞ্চলত নীৰৱে চলি আছে পুথি অধ্যয়নৰ ব্যাপক আন্দোলন । নলবাৰীৰ বিশিষ্ট প্ৰকাশক তথা সমন্বয় গ্ৰন্থালয়ৰ স্বত্তাধিকাৰ জীতেন ডেকাই বহুদিন ধৰি গ্ৰন্থমেলা উদ্‌যাপনকে ধৰি গ্ৰন্থ অধ্যয়নৰ স্পৃহা বঢ়াবলৈ চলাই আছে নীৰৱ আন্দোলন । আজি পূব নলবাৰীৰ পোৰাকুছি নিবাসী শিক্ষক  সুভাষ বৰ্মনৰ ঘৰত উপস্থিত হৈ বিশিষ্ট প্ৰকাশকগৰাকীয়ে গ্ৰন্থ অধ্যয়ন প্ৰক্ৰিয়া সমাজত তৰান্বিত কৰিবলৈ আহ্বান জনায় । অসমৰ বিশিষ্ট কবি প্ৰণব কুমাৰ বৰ্মনে ব্ৰহ্মপুত্ৰ অধ্যয়ন উৎসৱ আয়োজনৰে পূব নলবাৰী অঞ্চলত গ্ৰন্থ অধ্যয়নৰ ধাউতি বঢ়াবলৈ নিৰৱছিন্নভাৱে কাম কৰি আহিছে । বিজ্ঞান আৰু প্ৰযুক্তি নিৰ্ভৰ এই সময়ত যুৱচামে অধ্যয়নতকৈ ছ'ছিয়েল মিডিয়াতে অধিক গুৰুত্ব দি থকাৰ পৰিপ্ৰেক্ষিতত পোৰাকুছিৰ শিক্ষক দম্পতী সুভাষ বৰ্মন আৰু ধৰিত্ৰী বৰ্মনেয়ো লৈছে বিশেষ পণ । সচেতন লেখক সুভাষ বৰ্মনে নিজৰ ৪৫সংখ্যক জন্মদিনটোৰ পৰা কাৰ্যকৰী হোৱাকৈ নিজৰ বিশালাকাৰ পুথিভঁৰালটো প্ৰতি দেওবাৰে ৰাতিপুৱা ৯ বজাৰ পৰা ১১বজালৈ ৰাজহুৱা অধ্যয়নৰ বাবে মুকলি ৰাখিব বুলি জানিবলৈ দিছে । আগ্ৰহী পাঠকে নিৰ্...

নগাঁও-ডুমডুমীয়া-বালিসত্ৰ সংযোগী গড়কাপ্তানী পথৰ বিধ্বস্ত ৰূপ

Image
নগাঁও-ডুমডুমীয়া-বালিসত্ৰ সংযোগী গড়কাপ্তানী পথৰ বিধ্বস্ত ৰূপ≈≈জধে-মধে খন্দা পুখুৰীৰ পানীয়ে সৃষ্টি কৰিছে কৃত্ৰিম বানৰ # নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ আগষ্টঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ অতিকে গুৰুত্বপূৰ্ণ নগাঁও-ডুমডুমীয়া-বালিসত্ৰ সংযোগী গড়কাপ্তানী পথটো বৰ্তমান ঠায়ে ঠায়ে কৃত্ৰিম বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ স্মৃতি বিজড়িত শ্ৰী শ্ৰী নৰোৱা বালিসত্ৰ আৰু শ্ৰী শ্ৰী ওপৰ ডুমডুমীয়া সত্ৰ সংযোগী এই পথটোৰ কদৰ্যময় ৰূপে অঞ্চলবাসীক যমৰ যাতনা ভোগাইছে । আশ্চৰ্যজনক কথাটো হ’ল এই পথটো যোৱা বছৰ মেৰামতি কৰা হৈছিল যদিও মেৰামতিৰ কিছু দিনৰ পাছতে পথটো ঠায়ে ঠায়ে একেবাৰে জহি খহি যোৱাত যাতায়াত কৰাত জীয়াতু ভূগিব লগা হৈছে ৰাইজে। তথাপি কানসাৰ নাই বিয়াগোম গড়কাপ্তানী বিভাগৰ লগতে পৰিৱৰ্তন কামী বিজেপি চৰকাৰৰ স্থানীয় জনপ্ৰতিনিধি গৰাকীৰ। তদুপৰি সম্প্ৰতি পথটোৰ দুয়ো কাষে জধে-মধে অবিজ্ঞান সন্মত ভাবে গঢ়ি উঠা বৃহৎ বৃহৎ পুখুৰী সমূহে পথটোৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে । কিয়নো স্থানীয় এচাম লোকে একমাত্র ব্যক্তিগত মুনাফা লাভৰ বাবে পথৰ কাষলৈকে পুখুৰী খন্দাত পথটোৰ কাষবোৰ দিনে দিনে খহি যোৱাত ...

নগাঁৱত পাঁচদিনে সন্ধান নাই আঠ বছৰীয়া শিশুৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ আগষ্টঃ নগাঁও জিলাৰ কঠীয়াতলীৰ সমীপৰ ৰাঙলু আৰক্ষী পহৰা চকীৰ এলেকাধীন জুমৰমুৰৰ উৰিয়াগ্ৰান্ট টুবুকী গাঁও নিবাসী হাৰুন ইছলাম নামৰ লোকজনৰ আঠ বছৰীয়া পুত্ৰ আৰিফুল ইছলাম বিগত পাঁচদিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, যোৱা ২০ আগষ্টৰ সন্ধিয়াৰে পৰা শিশুটি নিজ গৃহৰ পৰাই আশ্চৰ্যজনকভাবে অন্তৰ্ধান হয় ৷ এনেদৰে হঠাতে শিশুটি নিখোজ হৈ পৰাত ঘৰত হুৱাদুৱা লাগে আৰু পৰিয়ালৰ লোকে ওচৰ-চুৰীয়াৰ সমনীয়া আৰু আত্মীয়-স্বজনৰ ঘৰৰ লগতে সম্ভাব্য সকলো ঠাইতে বিচাৰ-খুচাৰ কৰিও কোনো শুংসূত্ৰ নোপোৱাত চৰম দুঃশ্চিন্তাত পৰি শিশুটিৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গই ইতিমধ্যে ৰাঙলু আৰক্ষী পহৰা চকীত নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে ৷ কিন্তু আৰক্ষীয়েও পাঁচদিন উকলি যোৱাৰ পিছতো শিশুটিৰ কোনো সম্ভেদ বাহিৰ কৰিবলৈ সক্ষম নোহোৱাত দুৰ্ভগীয়া পৰিয়ালটো এতিয়া মানসিকভাবে ভাগি পৰিছে ৷ সেয়ে কোনো সদাশয় লোকে শিশুটিৰ যদি কোনো সম্ভেদ পায় তেন্তে ওচৰৰ আৰক্ষী থানা নাইবা ৯১০১৯-৮৮৯৭৪ নম্বৰত যোগাযোগ কৰিবলৈ শিশুটিৰ পৰিয়ালৰ লোকে অনুৰুধ জনাইছে ৷