Posts

"যোগ নিলয়মত প্ৰাকৃতিক চিকিৎসা দিৱসৰ" সংগতি ৰাখি প্ৰাকৃতিক চিকিৎসা কৰ্মশালা

Image
পঙ্কজ নাথ, চাংসাৰি, ১৭ নৱেম্বৰ : সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উত্তৰ গুৱাহাটী যোগনিলয়মত আজি Naturopathy Day celebration লগত সংগতি ৰাখি Naturopathy    কৰ্মশালা এটি আয়োজন কৰা হৈছিল । এই শুভাৰম্ভ অনুষ্ঠানত আতধৰে যোগ নিলয়মৰ মেডিকেল অফিচাৰ ‌Yognilyam Medical officer ডঃ ডনিৰাং ৰিয়াঙে তাৰ পিছতে বন্তি প্ৰজ্বলন আৰু ভাৰত বন্দনা আৰম্ভ কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সেৱা ভাৰতী পূৰ্বাঞ্চল প্ৰান্ত যোগ প্ৰমুখ অৰুপ জ্যোতি দাস, Sports authority of Assam, Yoga instructor/National yoga referee at yoga federation of India (অসম ক্ৰীড়া কৰ্তৃত্ব, যোগ প্ৰশিক্ষক / ভাৰতৰ যোগ ফেডাৰেচনত জাতীয় যোগ ৰেফৰি নৱলক্ষ্মী গগৈয়ে বৰ্তমান সমাজত যোগ আৰু প্ৰাকৃতিক চিকিৎসা সম্পৰ্কে মাৰ্গ দৰ্শন প্ৰদান কৰে। এই অনুষ্ঠানত যোগ শিক্ষক হিচাপে উপস্থিত থাকে ক্ৰমে- শেষৰ হালদাৰ, দিন্পল কাকতি,বিতু সন্দিকৈ,ৰিজু মনি দাস, বিদ্ধশ্ৰী মলচয়,তুপা চাকমা্ আদি । ইয়াৰ লগতে এই শুভাৰম্ভণি অনুষ্ঠানত স্হানীয় ব্যক্তি সকলৰ লগতে বিভিন্ন ঠাইৰ যোগাসনৰ প্ৰতি ৰুচি থকা ব্যক্তি সকলে অংশগ্ৰহণ কৰে ।

জামুগুৰিহাটৰ মধুপুৰতমহেশ্বৰ বৰাৰ সোৱৰণত শিশুৰ মনোজ্ঞ অনুষ্ঠান

Image
জামুগুৰিহাটৰ মধুপুৰত মহেশ্বৰ বৰাৰ সোৱৰণত শিশুৰ মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত। ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট,১৬ নবেম্বৰ : বৃহত্তৰ জামুগুৰিহাটৰ মধুপুৰ গাৱৰ সমাজ কৰ্মী মহেশ্বৰ বৰাৰ সোঁৱৰণত শিশু দিৱসৰ লগত সংগতি ৰাখী কালি  এখনি শিশু প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । এগৰাকী সমাজ কৰ্মী শংকৰী কলা কৃষ্টিৰ সাধক ৰুপে খ্যাত মহেশ্বৰ বৰাৰ পুত্ৰ জোন বৰাৰ উদ্যোগত মধুপুৰ মহিলা গাঁও উন্নয়ণ সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা এই শিশুৰ প্ৰতিযোগিতা খনত ঘোষা,অাধুনিক গীত,জ্যোতি সংগীত,অাধুনিক নৃত্য,ভেশচন  অাদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে টেকেলি ভঙা,সংগীত চকী,উঠা বহা,কাবাডি খেলো অনুষ্ঠিত হয়। প্ৰয়াত মহেশ্বৰ বৰাৰ স্মৃতিৰ বন্তি জ্বলাই পম্পী বৰাৰ বৰগীতৰে মুকলি কৰা প্ৰতিযোগিতা খনিত সঞ্চালকৰ অাসন অলংকিত কৰে শৈলেন বৰাই।মধুপুৰ মহিলা গাঁও উন্নয়ণ সমিতিৰ সম্পাদিকা সুৰ্বণ বৰাই অাঁত ধৰা এই অনুষ্ঠানত বিচাৰক হিচাপে উপস্থিত থাকে মৰনা কুৰি গাঁৱৰ গাঁওবুঢ়া বিভিন্ন শিশু অনুষ্ঠানৰ লগত জড়িত ব্যক্তি মৰনাকুৰি মইনা পাৰিজাতৰ সভাপতি প্ৰেম কান্ত শইকীয়াৰ লগতে বাৰেচহৰীয়া মহিলা সভাৰ সাংস্কৃতিক সম্পাদিকা চিন্তা মনি হা...

মুকালমুৱাত গৰু চুৰি কাৰ্যত ব্যৱহৃত বিলাসী বাহন জব্দ

Image
দীৰ্ঘদিনে মুকালমুৱা আৰক্ষীৰ মুৰৰ কামোৰণি হৈ থকা গৰু চুৰি কাৰ্য্যত ব্যৱহৃত  বিলাসী বাহন জব্দ কৰে আৰক্ষীয়ে।মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতা আৰু ASI মকচেদ আলীৰ নেতৃত্বত জব্দ কৰে AS 07Q 1171 নম্বৰৰ এখন বিলাসী বাহন খন।জব্দকৃত বিলাসী বাহন খনৰ ভিতৰত চুৰি,দেগাৰ,ৰচী আদি বিভিন্ন আপত্তিজনক  সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে।মুকালমুৱাৰ শনিৰোডত গাৰীখন ৰহস্যজনক অৱস্থাত ৰৈ থকা দেখি প্ৰত্যক্ষদৰ্শীয়ে মুকালমুৱা আৰক্ষীক খবৰ দিয়ে।আৰক্ষী যোৱা সম্ভেদ পাই শনিৰোডৰ পৰা পলায়ণ কৰি মুকালমুৱাৰ আদাবাৰীত বাহনখন এৰি পলায়ণ কৰে দুৰ্বৃত্তৰ দলটো।বাহন খনৰ স্বত্তাধীকাৰী লক্ষিমপুৰৰ বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে পূৰ্বেতে কেইবাটাও গৰু চোৰ কৰায়ত্ত কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল মুকালমুৱা আৰক্ষীয়ে।দীৰ্ঘদিনে এটা দুষ্ট চক্ৰই গৰু চুৰিকে ধৰি বিভিন্ন দুষ্কাৰ্য চলাই আছিল বুলি মুকালমুৱা আৰক্ষীয়ে জানিব দিয়ে।

ৰঙিয়াত মহকুমা প্ৰশাসনৰ অনলাইন প্ৰতিযোগিতাৰ বিজয়ীক পুৰস্কৃত

Image
প্ৰতিবেদক, ৰঙিয়া ,১৭ নৱেম্বৰঃ ৰঙিয়াৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত শিশু দিৱস উপলক্ষে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত বিজয়ী হোৱা ছাত্ৰ ছাত্ৰী সকলক আজি সম্বৰ্ধনা জনোৱা হয়। সমগ্র দেশৰ লগতে ৰঙিয়া মহকুমা প্ৰশাসনে ১৪ নৱেম্বৰৰ দিনা পণ্ডিত জৱহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে উদযাপন কৰে।এইবেলি কোভিড-১৯ মহামাৰী সংক্রমণৰ পৰিপ্ৰেক্ষিতত কোভিড প্ৰট'কল মানি মহকুমা প্ৰশাসনে অনলাইন যোগে শিশু দিৱসৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে। শিশু দিৱস উপলক্ষে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতা সমূহৰ ফলাফল ঘোষণা কৰে যদিওঁ বিজয়ী সকলক  আজি পুৰস্কৃত কৰা হয়। ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালৰ সভাপতিত্বত অনুষ্ঠিত বটা বিতৰণী সভাত  একক অভিনয়ৰ প্ৰথম পুৰস্কাৰ প্ৰাপ্ত তৰণীৰ বিদ্যাজ্যোতি শিশু নিকেতনৰ মেঘাৰঞ্জনী কলিতা, দ্বিতীয় ৰঙিয়া চাৰ্চ পাব্লিক স্কুলৰ হৰ্ষিতা মহন্ত আৰু তৃতীয় স্থানত বৰদৈপখিয়াৰ তথা পুঠিমাৰী পায়'নিয়াৰ একাডেমীৰ ছাত্র হিমানজ্যোতি দাসক পুৰস্কৃত কৰা হয় । আনহাতে চিত্ৰাঙ্কণ প্ৰতিযোগিতাত ক-শাখাৰ প্ৰথম স্থানত ৰঙিয়া মহৰ্ষি বিদ্যামন্দ...

গুৰুজনাৰ জন্মভূমিত চোৰৰ চাফাই অভিযান≈≈শিক্ষানুষ্ঠানৰ পৰা লুটি নিলে নগদ ধনসহ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭ নবেম্বৰঃ ধাৰাবাহিক অপৰাধজনিত ঘটনাৰে শীৰ্ষত এতিয়া নগাঁও জিলা। চোৰ-ডকাইত, চোৰাং ব্যৱসায়ী তথা দগাবাজৰ দুঃসাহসৰ সন্মুখত যেন হাৰ মানিবলৈ বাধ্য হৈছে নগাঁও আৰক্ষী। আনকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমিৰ বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন অঞ্চলসমূহ এতিয়া পৰিণত হৈছে অপৰাধীৰ ৰম্যভুমিলৈ। নিশা হলেই জীৱন আৰু সম্পত্তিৰ চৰম নিৰাপত্তাহীনতাত ভুগিছে বটদ্ৰৱা থানাৰ এলেকাধীন অঞ্চলসমূহৰ সৰ্বসাধাৰণ। ইয়াৰ মাজতে পুনৰ বটদ্ৰৱা আৰক্ষীৰ ফোপোলা স্বৰূপটো উদঙাই দিলে অসাধু চক্ৰই ৷ কিয়নো বটদ্ৰৱা আৰক্ষী থানাৰ নিচেই কাষতে থকা বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলিল চোৰৰ চাফাই অভিযান । বটদ্ৰৱা আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ আগশাৰীৰ শিক্ষানুষ্ঠানখনত সোমবাৰে নিশা চোৰে চলালে লুটপাত। লণ্ড-ভণ্ড কৰিলে পাঁচটাকৈ আলমিৰা ৷ লুটি নিলে নগদ ২৫ হেজাৰ টকাৰ লগতে বিদ্যালয়ৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ। মঙলবাৰে পুৱা তহলদাৰীৰ দায়িত্বত থকা ৰঞ্জিত কুমাৰ চাহানিয়ে বিদ্যালয় চাবলৈ আহোতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে । ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । আৰক্ষী থানাৰ নিচেই কাষতে থকা...

কামৰূপৰ সৰুলাহত অন্তসত্তা বোৱাৰী হত্যাক লৈ উত্তেজনা

Image
পঙ্কজ নাথ, চাংসাৰি, ১৭ নৱেম্বৰ : অন্ত সত্তা বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত কামৰূপৰ সৰুলাহ অঞ্চল। বোৱাৰী গৰাকীক হত্যাৰ অভিযোগ পৰিয়ালৰ লোকৰ। স্বামী কাৰ্তিক দাস আৰু শহুৰ পৰিয়ালে মিলি বোৱাৰী পিকুমণি দাসক হত্যা কৰাৰ অভিযোগ। সন্ধিয়া চিপ লোৱা অৱস্থাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ গৰ্ভৱতী পিকুমনিৰ মৃতদেহ আৰু তাৰ পিছতে হাহাকাৰ সমগ্ৰ অঞ্চলজুৰি। শ শ লোকে আহি তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিলে স্বামী গৃহত। লণ্ড ভণ্ড কৰিলে কাৰ্তিক দাসৰ ঘৰ। তিনি খন থানাৰ আৰক্ষী উপস্থিত হৈয়ো নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি। ঘটনস্থলীত মোটায়ন CRPF অৰ্ধ সামৰিক বাহিনী। বোৱাৰী গৰাকীৰ মৃতদেহৰ অৱস্থিতিয়ে সৃষ্টি কৰিছে ৰহস্যৰ আঁঠু কঢ়া অৱস্থাত আছিল মৃতদেহটো। মৃতদেহৰ অৱস্থিতি চাই এয়া যে এক পৰিকল্পিত হত্যাকাণ্ড সেয়া নিশ্চিত বুলি দাবী সকলোৰে। পিকুমনি আছিল ৫ মাহৰ অন্তসত্তা। বিয়াৰ পিছৰে পৰা পিকুমনিক শাৰীৰিক মানসিক নিৰ্যাতন চলাইছিল স্বামী কাৰ্তিক দাস আৰু তেওঁৰ পৰিয়ালৰ লোকে। ঘটনা এনে পৰ্যায় পাইছে যে আৰক্ষীয়ে লাঠী ছালনা কৰিবলৈ বাধ্য হল। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত স্বামী কাৰ্তিক দাসক। ইয়াক লৈ এতিয়া অঞ্চলজ...

ৰঙিয়াৰ মহকুমাধিপতিৰ ওপজা দিনত প্ৰাচীৰ পত্ৰিকা উন্মোচন

Image
কলা খিৰিকীয়ে বৌদ্ধিক উত্তৰণত ভূমিকা ল'ব- মহকুমাধিপতি স্বপ্নীল পাল  প্ৰতিবেদক, ৰঙিয়া ,১৭ নৱেম্বৰ: ৰঙিয়া মহকুমাৰ মাননীয় মহকুমাধিপতি তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰীযুত স্বপ্নীল পাল মহাশয়ৰ ওপজা দিনটিত মহকুমা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলে  এক নান্দনিক পৰিৱেশৰ মাজত উদযাপন কৰে। এই উপলক্ষে  আগন্তুক শিশু দিৱসৰ সৈতে সঙ্গতি ৰাখি  বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ ৰচনা সম্ভাৰেৰে সমৃদ্ধ 'কলা খিৰিকী' নামৰ  মহকুমা প্ৰশাসনে প্ৰস্তুত কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকাখনি ১২ নৱেম্বৰত উন্মোচন কৰে মহকুমাধিপতি শ্ৰীযুত পাল দেৱে। ৰঙিয়া মহকুমা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী সকলৰ উপস্থিতিত অনুষ্ঠিত এই উন্মোচনী অনুষ্ঠানত তেখেতৰ সৈতে থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে তেখেতৰ সহধৰ্মিনী অনন্যা চৌধুৰীয়ে। উন্মোচনী অনুষ্ঠানত মহকুমাধিপতি গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ উত্তৰণ, কৰ্মচাৰীৰ কৰ্মোৎসাহ  আৰু কলাত্মক ধাৰা প্ৰৱাহিত কৰাৰ ক্ষেত্ৰত 'কলা খিৰিকী'য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি উনুকিয়াই মননশীল আৰু সাৰগৰ্ভ বক্তব্য আগবঢ়ায়। মহকুমাধিপতি গৰাকীৰ ওপজা দিন উদযাপন আৰু কলা খিৰিকী ...