দালালৰ বিৰুদ্ধে বৃহৎ অভিযান
দালালৰ বিৰুদ্ধে বৃহৎ অভিযান ষ্টাফ ৰিপ'ৰ্টাৰ : ৰাজ্যত দীৰ্ঘদিনৰ পৰা মাটিৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত মধ্যভোগীৰ কাম কৰি অহা দালাল শ্ৰেণীটোৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হোৱাৰ ইংগিত কিছুদিন পুিৰ্বে দিয়াৰ পিছতে এতিয়া কাৰ্যক্ষেত্ৰত নামি পৰিছে আৰক্ষী বাহিনী। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অৰ্ধ সহস্ৰাধিক দালালক আটক কৰিছে অসম আৰক্ষীয়ে। ইয়াৰ পিছতে ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাধাৰণ ৰাইজ তথা মাটিৰ কামত চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ তাঁতবাতি কাঢ়ি মণ্ডল, তৰণী আদিৰ লগত দূৰ্ভোগ ভূগি থকাৰ অভিজ্ঞতা থকা ভুক্তভোগীসকলে স্বাভাৱিকতে আনন্দিত হৈছে। অৱশ্যে ৰাজ্যৰ বিৰোধী পক্ষই এই কাৰ্যক সমৰ্থন কৰিলেও চৰকাৰে প্ৰকৃততে সৰু সুৰা দালালীসকলক ধৰি ডাঙৰ তথা ক্ষমতাশালীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলিছে। সেয়া যিয়েই নহওক চৰকাৰে দালালৰাজত বিৰুদ্ধে যি অভিযান আৰম্ভ কৰিছে এয়া আধৰুৱা হৈ ৰ'ব যদিহে যিমান ক্ষমতাশালী হ'লেও পুলিয়ে পোখাই দালালৰাজক উৎসাত কৰা নহয়। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা এই দালালৰাজৰ স্বীকাৰ হৈ আহিছে ৰাজ্যৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল। গুৱাহাটী মহানগৰীৰ লগতে ইয়াৰ পাৰ্শ্চৱতী...