ৰাজ্যজুৰি স্বাক্ষৰ সংগ্ৰহ অভিযান চলাব ঋণগ্ৰস্ত মহিলাই
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ জুনঃ ৰাজ্য চৰকাৰৰ কেবিনেটত যোৱা ২৩ জুনত মাইক্ৰ'ফাইনেন্সৰ ক্ষুদ্ৰ ঋণ ৰেহাই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহনৰ বিপৰীতে ৰেজ্যু'লেচন লৈছে বুলি অসম চৰকাৰৰ মুখপাত্ৰ তথা মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰকাশ কৰা মন্তব্যত আশ্চৰ্য প্ৰকাশ কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই ৷ এক প্ৰেছ বিবৃতিৰ জৰিয়তে সন্থাৰ ৰাজ্যিক সমিতিৰ সভাপতি শুভ্ৰজ্যোতি বৰ্ধন আৰু সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কয় যে-- অসম চৰকাৰে ঋণমুক্তিৰ বাবে গঠন কৰা সিংঘল কমিটিৰ প্ৰতিবেদন কেবিনেটত উত্থাপন তথা ৰাজহুৱা নকৰাকৈ আৰু বিধানসভাৰ মজিয়াত আলোচনা, সমালোচনা তথা পৰামৰ্শক আওকাণ কৰি মুখ্যমন্ত্ৰীৰ মৌখিক ঘোষণাকে নীতি হিচাপে গ্ৰহণ কৰাটো দৰাচলতে গণতান্ত্ৰিক ৰীতি-নীতিক মোহাৰি দিয়াৰ কুচ-কাৱাজৰ বাহিৰে আন একো নহয় । প্ৰকৃততে চৰকাৰে ঋণমুক্তিৰ প্ৰসংগত স্বচ্ছতা বৰ্তাই ৰাখিবলৈ এটা ৱেবছাইট খুলিব লাগে যাতে সকলো নাগৰিকে কোন জিলাৰ কোন মাইক্ৰ'ফাইনেন্স কোম্পানীৰ কোন ঋণগ্ৰস্ত মহিলাৰ কিমান টকাৰ ঋণ আৰু সুদ মাফ হ'ব বা হ'ল তাক জানিব পাৰে ৷ সন্থাই ঋণ ৰেহাই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটি বৰ্গৰ ঋণগ্ৰস্ত ম...