Posts

Showing posts from March, 2022

পাতিদৰং বিদ্যাপিঠ হাইস্কুলৰ প্ৰধান শিক্ষকৰ লজ্জাজনক কাণ্ড

Image
ছাত্ৰীক মেট্ৰিক পৰিক্ষাত সুবিধাজনক স্থানত বহিব দিয়াৰ প্ৰলোভনেৰে অশ্নীল প্ৰস্তাৱ গোৰেশ্বৰ,৩১মাৰ্চঃকামৰূপ(গ্ৰাম্য) জিলাৰ  মুক্তাপুৰস্থিত পাতিদৰং বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষকে নিজ শিক্ষানুষষ্ঠানৰে ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দি গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সনাৰ এক লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। শিক্ষানুষ্ঠানখনৰ দুগৰাকী ছাত্ৰীক মেট্ৰিক পৰীক্ষাৰ পৰীক্ষা গৃহত ব্যক্তিগত খণ্ডৰ মেধাৱী পৰীক্ষাৰ্থীৰ কাষত তথা সুবিধাজনক স্থানত বহিব পৰাকৈ ব্যৱস্থা কৰি দিয়াৰ প্ৰলোভন দি পৰেশ চন্দ্ৰ ডেকাই অশ্লীল প্ৰস্তাৱ দিয়াৰ কেইবাটাও অভিঅ আৰু মেছেজ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত ইয়াকেলৈ সমগ্র অঞ্চলটোত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ঘটনা ফাদিল হোৱাৰ পিছতে  মুক্তাপুৰৰ সচেতন মহলৰ লগতে শিক্ষানুষ্ঠানখনৰ একাংশ প্ৰাক্তন ছাত্ৰ জাঙুৰ খাই উঠিছে আৰু লম্পদ চৰিত্ৰৰ শিক্ষকজনক কঠোৰ ভাষাৰে গৰিহণা দিছে। উল্লেখ্য যে বিতৰ্কিত কৰ্মকাণ্ডৰ বাবে পূৰ্বে চাকৰিৰ পৰা নিলম্বিত হোৱা পৰেশ চন্দ্ৰ ডেকাৰ এনে অপকৰ্মৰ বিষয়ে জানিব পাৰি ভূক্তভোগী এগৰাকী ছাত্ৰীৰ অভিভাৱকে বাইহাটা চাৰিআলি থানাত  মোবাইল ফোনত  ছাত্ৰীক অ...

বিশ্বনাথৰ বাঘমাৰিস্থিত পাৱাৰ গ্ৰীডৰ গুণ্ডাগিৰীৰ অভিযোগ*

*বিশ্বনাথৰ বাঘমাৰিস্থিত পাৱাৰ গ্ৰীডৰ গুণ্ডাগিৰীৰ অভিযোগ* *ম্যাদি পট্টাৰ ভুমিত কোনো নটিচ অবিহনে পাৱাৰগ্ৰীড কৰ্তৃপক্ষৰ খনন কাৰ্য* আমাৰ প্ৰণাম বিশেষ সেৱা, বিশ্বনাথ, ৩০ মাৰ্চ :- বিশ্বনাথ বাঘমাৰিস্থিত পাৱাৰগ্ৰীডৱ বিৰুদ্ধে গুণ্ডাগিৰীৰ।টাৱাৰ নিৰ্মানৰ নামত অবৈধভাবে আনৰ ম্যাদিপট্টা ভূমিত অবৈধভাবে খনন কাৰ্য চলোৱাৰ অভিযোগ।খনন কাৰ্যত বাধা দিৱবলৈ যাওতে পাঁচজনকৈ ভুমি মালিকক আটক জিনজিয়া আৰক্ষীৰ।আটকাধীন লোক সকল ক্ৰমে অৰুনাভ শইকীয়া,জিতু শইকীয়া,বকুল ভূঞা, পৃথিবীৰাজ শইকীয়া আৰু নেত্ৰ কমল হাজৰিকা সহ আৰু তপন শইকীয়া আটক কৰে জিনজিয়া আৰক্ষীয়ে ।খনন কাৰ্যত বাধা প্ৰদান কৰাৰ বাবে এই সকল লোকক আটক কৰে জিনজিয়া আৰক্ষীয়ে ।আটকাধীন লোক সকলে ভুমিৰ উচিত মূল্য নোপোৱাৰ বাবে বাধা প্ৰদান কৰিছিল এই খনন কাৰ্যত।স্থানীয় লোকৰ অভিযোগ ৰাজ্যত এতিয়া গণতন্ত্ৰ নহয়, ৰাজতন্ত্ৰ চলিছে, প্ৰধান মন্ত্ৰীৰ ভাবুকি দি কামৰ অগ্ৰগতি পাৱাৰগ্ৰীড কৰ্পৰেচনৰ।উচিত মূল্য নিদিয়াকৈ,কোনো ধৰণৰ আগজাননী নিদিয়াকৈ ম্যাদি পট্টা ভূমিত চিনেমাৰ কায়দাৰে গুণ্ডামী কৰি চলালে খনন কাৰ্য । আনহাতে বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক বাধা প্ৰদান আৰু দুব্যৱহাৰ অৰ্ধসামৰিক বাহিনীৰ । ...

বৰপেটাৰ মৌটুপুৰীৰ কস্তুৰবা গান্ধী আৱাসিক বালিকা বিদ্যালয় পৰিদৰ্শন অতিৰিক্ত উপায়ুক্ত লখিমী দত্তৰ

# বৰপেটাৰ মৌটুপুৰীৰ কস্তুৰবা গান্ধী আৱাসিক বালিকা বিদ্যালয় পৰিদৰ্শন অতিৰিক্ত উপায়ুক্ত লখিমী দত্তৰ # প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ৩০ মাৰ্চঃ বৰপেটা জিলাৰ  মৌটুপুৰীত অৱস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ  অধীনত পৰিচালিত কস্তুৰবা গান্ধী আৱাসিক বালিকা বিদ্যালয় অাজি পৰিদৰ্শন কৰে বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই ৷ বৰপেটাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই বিদ্যালয়খন পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে ৷ বিশেষকৈ বিদ্যালয়খন চাফ চিকুনকৈ ৰখাৰ বাবে বিদ্যালয়খনৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰীসকলক প্ৰশংসা কৰে বিষয়াগৰাকীয়ে ৷ ইপিনে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰীসকলক সকলো বিষয়তে পাৰদৰ্শী কৰি তোলাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে শিক্ষা বিষয়া লখিমী দত্তই ৷ অানকি  ছাত্ৰীসকলক তাঁত শালত কাপোৰ বোৱা, মেচিনত কাপোৰ চিলোৱাৰ লগতে সংগীত, নৃত্য আৰু সমৰ কলাৰো শিক্ষাও প্ৰদান কৰা হয় ৷ ছাত্ৰীসকলে প্ৰদৰ্শন কৰা নৃত্য আৰু সমৰ কলাৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰি লখিমী দত্তই অতিকে সন্তোষ প্ৰকাশ কৰে ৷ (ফটো অাছে)

নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত ৬ দিনীয়া ফল-মুল সংৰক্ষণ মূলক প্ৰশিক্ষণ শিবিৰ

নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত ৬ দিনীয়া ফল-মুল সংৰক্ষণ মূলক  প্ৰশিক্ষণ শিবিৰ । বিশেষ বাৰ্তা , নগাঁও , ৩০ মাৰ্চ ,   নগাঁও জিলাত প্ৰায় ২১০০ হাজাৰ হেক্টৰ মাটি কালিত নানা ধৰণৰ শাক-পাচলিৰ লগতে ফল মূলৰ খেতি কৰা হয়৷ কৃষক সকল প্ৰতক্ষ বা পৰোক্ষভাৱে উপকৃত হোৱাৰ লগতে মহিলাসকলো ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ বহু উদাহৰণ আছে ৷ ফল -মূলৰ পৰা জাম , জেলি চৰবত আচাৰ আদি বনাই ঘৰখনৰ চাহিদা পূৰন কৰাৰ উপৰিও এই সমূহ খাদ্য সামগ্ৰী বিক্ৰীৰ দ্বাৰা মহিলাসকল আৰ্থিকভাৱে উপকৃত হব পাৰে ৷ এই মন্তব্য নগাঁও জিলা কৃষি তৰুণ হাজৰিকাৰ । জিলা কৃষি বিষয়াৰ অন্তৰ্গত "সমূহীয়া ফলমূল সংৰক্ষণ আৰু প্ৰশিক্ষণ কেন্দ্ৰ" নগাঁৱৰ কাৰ্য্যলয়ত মহিলা সবলীকৰণ কাৰ্য্যসূচীৰ অংশ হিচাপে ১০ জনীয়া এক মহিলা গোটৰ সদস্যা সকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়াৰ এক সুবিধা কৰা হৈছে ৷ এই ৬ দিনীয়া বিনামূলীয়া প্ৰশিক্ষণৰ দ্বাৰা মহিলাসকলক বিজ্ঞানসন্মত ভাৱে জাম ,জেলি চৰবত ,আচাৰ ইত্যাদি বনোৱাৰ কৌশলবোৰ ব্যৱহাৰিক ভাৱে শিকোৱাৰ লগতে দিহা পৰামৰ্শ দিয়া হয় ৷ যাতে প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকলে স্বাধীনভাৱে এই খাদ্যসামগ্ৰীবোৰ প্ৰস্তুত আৰু সংৰক্ষণ কৰি নিজক ন...

শিৱসাগৰত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত আৰু বেজবৰুৱা বংশ সদনৰ উদ্যোগত ৰসৰাজৰ স্মৃতি দিৱস উদ্‌যাপন

Image
শিৱসাগৰত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত আৰু বেজবৰুৱা বংশ সদনৰ উদ্যোগত ৰসৰাজৰ স্মৃতি দিৱস উদ্‌যাপন আমাৰ প্ৰণাম বিশেষ সেৱা, শিৱসাগৰ শিৱসাগৰৰ অন্যতম সামাজিক ও সাংস্কৃতিক অনুষ্ঠান *সমন্বয় সাংস্কৃতিক গোষ্ঠী* ৰ সৌজন্যত, *বেজবৰুৱা বংশ সদনৰ উদ্যোগত* আৰু *সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম* ৰ বিশেষ সহযোগত শিৱসাগৰ নগৰৰ হিন্দু ধৰ্মসভা নামঘৰ প্ৰেক্ষাগৃহত *ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ স্মৃতি দিৱস দিৱস* টি উলহমালহেৰে উদ্‌যাপন কৰা হয় ৷ পুৱা নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু উদ্যানস্থিত ৰসৰাজৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলী অৰ্পণ কৰি কাৰ্য্যসূচীৰ শুভাৰম্ভণি কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ছায়া বেজবৰুৱা আৰু বেজবৰুৱা বংশ সদনৰ সদস্যা অঞ্জনা বেজবৰুৱাই ৷ তাৰ পিছতেই দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত *শিৱসাগৰ জিলা ভিত্তিত ছবি অঁকা, সাধু কোৱা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা* অনুষ্ঠিত হয় ৷ সংবাদকৰ্মী তথা সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰধান সম্পাদক অমৃত কুমাৰ শৰ্মা ই পৰিচালনা কৰা স্মৃতি দিৱসৰ অনুষ্ঠানত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড০ অদিতি...

গুৱাহাটী প্ৰেছ ক্লাৱত লাইফ স্মাৰ্ট উৎকৰ্ষ বঁটা প্ৰদান।

Image
গুৱাহাটী প্ৰেছ ক্লাৱত  লাইফ স্মাৰ্ট উৎকৰ্ষ বঁটা প্ৰদান।  পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ৩০ মাৰ্চ : আৰ্থ সামাজিক আৰু সাংস্কৃতিক সংস্থা লাইফ স্মাৰ্টৰ চতুৰ্থ বৰ্ষ পূৰ্তি আৰু লাইফ স্মাৰ্ট বটা ২০২২ অনুষ্ঠানটি ২৮ মাৰ্চ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈ যায় । ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন লাইফ স্মাৰ্টৰ সভানেত্ৰী বিনিতা দত্ত চৌধুৰীৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডা : জয় বৰা, সোনতলী আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড: আজমল হক, গেট হস্পিতালৰ পৰিচালন সঞ্চালক ডা: বেদব্ৰত পাঠক, বিশিষ্ট সমাজসেৱক বাবুল আলী, কবি আৰু সাহিত্যিক আল আমিনে। সংগঠনটোৰ সম্পাদিকা গীতাঞ্জলি গগৈয়ে বিভিন্ন কাৰ্যসূচীৰ আত ধৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক নেকিবুজ্জামানে। এই সভাত গেট হস্পিতালৰ পৰিচালন সঞ্চালক ডা: বেদব্ৰত পাঠক, ইছমাইল হুছেইন, বিশিষ্ট সাংবাদিক মেছেৰ আলী, আমিন মইনুল হক, মুক্তাৰ মণ্ডল, যুব সমাজ কৰ্মী সঞ্জয় সৰকাৰ, প্ৰতিভা নাথ, চাজিদা বেগম, বিভা বৰুৱা, ড:আজমল হক, কৰবী বৰা শইকীয়া, শিশু শিল্পী ৰাছিদুল হক, ৰুনুমা পাৰবিন, নেপনি গ্ৰুপ অৱ ইন্সটিটিউটৰ  বা...

মানকাচৰ বৈদ্যুতিক উপ সংমণ্ডলত চলিছে চৰম অৰাজকতা।

Image
মানকাচৰ বৈদ্যুতিক উপ সংমণ্ডলত চলিছে চৰম অৰাজকতা।  ২৪ ঘণ্টাৰ ভিতৰত মাথোঁ তিনি চাৰি ঘণ্টা বিদ্যুৎ যোগান দিয়াৰ অভিযোগ৷  দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ৩০ মাৰ্চঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ বৈদ্যুতিক উপ সংমণ্ডলত চলিছে চৰম অৰাজকতা৷ বৈদ্যুতিক উপ সংমণ্ডলৰ বিষয়া কৰ্মচাৰীৰ মৈমতালিয়ে জলাকলা খুৱাইছে জিলাবাসীক৷ ২৪ ঘণ্টাৰ ভিতৰত মাথোঁ তিনি চাৰি ঘণ্টা হে বিদ্যুত পায় উপভোক্তাই তথাপি একেবাৰে কম ভল্টেজত বিদ্যুত যোগান ধৰাৰ বাবে অতিষ্ঠ হৈ পৰিছে জিলা খনৰ সাধাৰণ ৰাইজ। সময় মতে বিদ্যুৎ যোগান নিদিয়াত আৰু কম ভল্টেজৰ বাবে বিদ্যুতেৰে চলোৱা সকলো ব্যৱসায় বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে। লগতে পৰিক্ষা চলি থকাত ছাত্ৰ ছাত্ৰীয়ে লেম্প আৰু চাকি জ্বলাই পঢ়া শুনা কৰিব লগা হৈছে। মুঠৰ ওপৰত বিদ্যুতৰ লুকাভাকুয়ে যমৰ যাতনা ভোগাইছে জিলাবাসীক৷  ৰাইজে মানকাচৰ বৈদ্যুতিক উপ সংমণ্ডলৰ বিষয়া কৰ্মচাৰী সকলক বাৰে বাৰে জনোৱাৰ পিছতো কান সাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে জিলা আমছুৰ সাধাৰণ সম্পাদক ফিৰোজ আলফাৰুক খন্দকাৰে৷ ৰাইজৰ সকলো অভিযোগ নস্যাৎ কৰি দীৰ্ঘ দিনৰ পৰা চলাই আছে এনে চৰম অৰাজকতা৷ এইক্ষেত্ৰত নি...

নলবাৰীত বিহু আৰু জনগোষ্ঠীয় নৃত্যৰ সাত দিনীয়া কৰ্মশালা

## নলবাৰীত    বিহু আৰু  জনগোষ্ঠীয় নৃত্যৰ  সাত দিনীয়া   কৰ্মশালা    ##                                                                                                                                                     আমাৰ প্ৰণাম  সেৱা, নলবাৰী  , ৩০ মাৰ্চ :::  চাওতে চাওতে আকৌ আহিল অসমীয়াৰ হেপাহৰ বহাগ বিহু  । বহাগ বিহুলৈ মাজত মাত্র কেইটা মান দিন বাকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাতো বিহু নাচ , জনগোষ্ঠীয় নৃত্যৰ আৰু  বিহু বাদ্যৰ কৰ্মশালাৰ ব্যাপক আয়োজন চলিছে । নলবাৰী আঞ্চলিক ছাত্র সন্থা আৰু নলবাৰী জিলাৰ অন্যতম সাংস্কৃতিক  গোষ্ঠী  "নৃত্যা...

বৰপেটা জিলাৰ ২৩৬ বিদ্যালয়ক শ্ৰেষ্ঠতাৰ বঁটা প্ৰদানঃ স্কুলখনক অতি আপোন ভাৱত ললে দুখ-ভাগৰ নালাগে-উপায়ুক্ত ভূচাল #

# বৰপেটা জিলাৰ ২৩৬ বিদ্যালয়ক শ্ৰেষ্ঠতাৰ বঁটা প্ৰদানঃ             স্কুলখনক অতি আপোন ভাৱত ললে দুখ-ভাগৰ নালাগে-উপায়ুক্ত ভূচাল # প্ৰদীপ কুমাৰ সৰকাৰ, বৰপেটা, ৩০ মাৰ্চঃ  বৰপেটা জিলাৰ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়সমূহৰ মণ্ডল ভিত্তিক নিৰ্বাচিত শ্ৰেষ্ঠ পৰিচালনা সমিতি আৰু মাতৃ-গোটক আজি আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই উপলক্ষে  আয়োজিত এটি অনুষ্ঠানত অবিভক্ত বৰপেটা জিলাৰ মুঠ ২৩৬ টা শৈক্ষিক মণ্ডলৰ পৰা নিৰ্বাচিত ২২৬ খন বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু ১০ খন বিদ্যালয়ৰ মাতৃ গোটক আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰা হয়।  জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে পুৰস্কাৰ প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে, নিজৰ বিদ্যালয়খনক আৰু ইয়াৰ ছাত্ৰ-ছাত্ৰী সকলক অতি আপোন ভাৱত গ্ৰহণ কৰিলে দুখ-কষ্টৰ অনুভৱ নোহোৱা হয়। কাৰণ সকলো ধৰণৰ দুখ-,ভাগৰ বহু পৰিমাণে মানসিক অৱস্থাৰ ওপৰতে নিৰ্ভৰ কৰে। তেখেতে শিক্ষক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সকলক বিদ্যালয়ৰ শৈক্ষিক পৰিবেশৰ বিকাশৰ বাবে আত্মোৎসৰ্গাৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জন...

চি কে নাইডু ট্ৰফীত উজ্বলি উঠিছে বৰপেটাৰ ডেনিছ দাস

Image
# চি কে নাইডু ট্ৰফীত উজ্বলি উঠিছে বৰপেটাৰ ডেনিছ দাস # প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৩০ মাৰ্চঃ গুজৰাটৰ ৰাজকোটত চলি থকা কৰ্ণেল চি কে নাইডু অনুৰ্ধ্ব ২৫ বছৰ ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাত বৰপেটাৰ ডেনিছ দাসে এই মূহুৰ্তলৈকে দুখন মেছত দুটাকৈ শতৰাণ অৰ্জন কৰি সুনাম কঢ়িয়বলৈ সক্ষম হৈছে। বৰপেটাৰ বিলৰতাৰীহাটীৰ খেলুৱৈ গৰাকীয়ে ছত্তিছগড়ৰ বিপক্ষে অসমৰ অনুৰ্ধ্ব ২৫ বছৰীয়া দলটোৰ হৈ প্ৰথম ইনিংছত কালি ১২ টাকৈ বাউণ্ডেৰী সহ ১২৮ টা বলত দুৰ্দান্ত ১০২ ৰানৰ ইনিংছ উপহাৰ দি আউট হয়। তেওঁৰ লগতে সৌৰভ সাহাই ৯১ ৰান সংগ্ৰহ কৰিছিল। উল্লেখযোগ্য যে, এইখন মেছত ডেনিছ আৰু সৌৰভৰ বাহিৰে বাকীসকল বেটছমেনে চৰম বেটি ব্যৰ্থতা প্ৰদৰ্শন কৰে। ডেনিছে দৰ্শনীয় বেটিঙেৰে অসম দলটোৰ সন্মান ৰক্ষা কৰিছিল। ডেনিছ আৰু সৌৰভে অকলে মিলি অসম দলৰ ৰান সংখা কৰিছিল ১৯৩ । অতিৰিক্ত ৰান আহে ১৪ আৰু অসমৰ প্ৰথম ইনিংছত ৰান সংগ্ৰহ হয়গৈ ২৬০ । লক্ষনীয়ভাৱে ডেনিছ আৰু সৌৰভৰ বাহিৰে বাকী ৯ গৰাকী বেটছমেনৰ পৰা ৰান আহে মাত্ৰ ৫৩ ৰান। বৰ্তমান বৰপেটাৰ ক্লাৱ ত্ৰিৰংগ'ৰ খেলুৱৈ ডেনিছ দাসে প্ৰথম খন মেছতো পুডুছেৰীৰ বিপক্ষে প্ৰথম ইনিংছত ১৪৪ বলত ১৭ টা বাউণ্ডেৰী ক...

বিজনীৰ ২ নং দৈলংঝাৰ ৬০৭ নং দৈলংঝাৰ LP স্কুলত পঞ্চম শ্ৰেণীৰ উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক লৈ বিদায় সম্ভাষণ সভা

Image
বিজনীৰ ২ নং দৈলংঝাৰ ৬০৭ নং দৈলংঝাৰ LP স্কুলত  পঞ্চম শ্ৰেণীৰ উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক লৈ বিদায় সম্ভাষণ সভা । আমাৰ প্ৰণাম ,৩০ মাৰ্চ  ------------------------------- চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ২ নং দৈলংঝাৰ গাঁৱৰ ৬০৭ নং দৈলংঝাৰ প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণী উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক লৈ বিদায় সম্ভাষণ সভা  অনুষ্ঠিত কৰে । আজিৰ সভাখনত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি * সঞ্জীৱ মণ্ডল , আজি বিদায় সম্ভাষণ  সভাত উপস্থিত ঝাৰবিষপানীৰ গোলকানন্দ এম ই স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক বসন্ত কুমাৰ বৰ্মনে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ -ছাত্ৰীক আগুৱাই যোৱাৰ উদেশ্যে বহু মূল্যৱান ভাষন আগবঢ়ায় । আজিৰ কাৰ্যসূচীত বিদ্যালয়ৰ খনৰ উত্তীৰ্ণ হোৱা পঞ্চম শ্ৰেণীৰ  ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীক আজি সুপৰামৰ্শৰে বিদায় জনায় । লগতে ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰধান শিক্ষক * মুকুল চন্দ্ৰ ৰায় , সহকাৰী শিক্ষক তথা CRCC অশিত দত্ত আৰু সহকাৰী শিক্ষক জগদীশ চন্দ্ৰ দাসৰ লগতে SMC সমিতিৰ বিষয়ববীয়া সকলক ছাত্ৰ -ছাত্ৰীসকলে  ফুলাম গামোচা , গেঞ্জী আৰু কলম দি সম্ভাষন জনায় । আজিৰ ...

সৰুক্ষেত্ৰীৰ নলীগাঁও অংগনৱাডী কেন্দ্ৰত পোষণ পষেক সজাগতা সভা #

Image
# সৰুক্ষেত্ৰীৰ নলীগাঁও অংগনৱাডী কেন্দ্ৰত পোষণ পষেক সজাগতা সভা # প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৩০ মাৰ্চঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অধীনস্থ পাকা বেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ভক্তৰডবা চক্ৰৰ অন্তৰ্গত ২১০ নং নলীগাঁও উত্তৰ চোপা অংগনৱাডী কেন্দ্ৰত আজি চতুৰ্থ পোষণ পষেক উপলক্ষে এক সজাগতা আৰু প্ৰতিকাৰ সভা অনুষ্ঠিত হৈ যায়। উক্ত শিৱিৰত কিশোৰী,গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ ৰক্তহীনতা পৰীক্ষা  আৰু স্বাস্থ্য সম্পৰ্কে বিভিন্ন দিহা পৰামৰ্শ দিয়া  হয় । শিৱিৰত থলুৱা শাক পাচলিৰ প্ৰদৰ্শনী পতাৰ  লগতে ইয়াৰ সমাজ জীৱনৰ ওপৰত গুৰুত্বৰ বিষয়ে অৱগত কৰা হয়। আজিৰ এই সজাগতা শিৱিৰত পাকাবেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কমল কুমাৰ শৰ্মা, ভক্তৰডবা উপ-স্বাস্থ্য কেন্দ্ৰৰ এ এন এম ৰমেনা খাতুন, মুখ্য সেৱিকা ক্ৰমে জুৰি দাস, ৰেহেনা হক, খণ্ড সমন্বয়ক ক্ৰমে সৌৰৱ কুমাৰ দাস, ননী গোপাল গোস্বামী, ২১০ নং নলীগাঁও অংগনৱাডী কেন্দ্ৰৰ কৰ্মী হালিমা খাতুন, ৯০ নং মধ্য নলীগাঁও অংগনৱাডী কেন্দ্ৰৰ কৰ্মী ইলিজা খানম, ১৭৫ নং মহন বজাৰ অংগনৱাডী কেন্দ্ৰৰ কৰ্মী, মৰ্জিয়ানা খাতুন, ৮৯ নং নলীগাঁও অংগনৱাডী ক...

নিশা দুলীয়াজানৰ টেঙাখাতত ভয়ংকৰ অগ্নিকাণ্ড/জুইত ভস্মীভূত ১৭ খন ব্যৱসায়িক প্ৰতিষ্ঠান, ৩ টা বাসগৃহ/১০ টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ/ডেৰ কোটিৰ টকাৰ ক্ষতিসাধন

নিশা দুলীয়াজানৰ টেঙাখাতত ভয়ংকৰ অগ্নিকাণ্ড/জুইত ভস্মীভূত ১৭ খন ব্যৱসায়িক প্ৰতিষ্ঠান, ৩ টা বাসগৃহ/১০ টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ/ডেৰ কোটিৰ টকাৰ ক্ষতিসাধন  প্ৰতিবেদ ডিব্ৰুগড় আজি নিশা প্ৰায় ২-৩০ মান বজাত টেঙাখাতৰ মাজ মজিয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । অগ্নিকাণ্ডত ১০টাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ লেলিহান শিখাই নিমিষতে ১৭ খনকৈ ব্যৱসায়ী প্ৰতিষ্ঠানৰ লগতে তিনিটা বাসগৃহ নিমিষতে ভস্মীভূত হয় । ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেড, অসম গেছ কোম্পানী, বিচিপিএলৰ আঠ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখে যদিও প্ৰায় দুইঘণ্টাৰো অধিক সময়ৰ পিচতহে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অৱশ্যে ইতিমধ্যেই ব্যৱসায়ী প্ৰতিষ্ঠানকেইখনৰ লগতে তিনিটা বাসগৃহ জ্বলি ভস্মীভূত হয় ।  ইফালে অগ্নিকাণ্ডৰ ফলত প্ৰায় ডেৰ কোটিৰো অধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যায় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । এতিয়ালৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই । অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱা নাই । শেহতীয়াকৈ ঘটনা সন্দৰ্ভত টেঙাখাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ডিব্ৰুগড় পৰা জিতু দাসৰ ৰিপৰ্ট।

গোসাইগাৱত নেৰসন নামৰ বেচৰকাৰী সংন্থাৰ উদ‍্যাগত সজাগতা সভা

গোসাইগাৱত নেৰসন নামৰ বেচৰকাৰী সংন্থাৰ উদ‍্যাগত  সজাগতা সভা। গোসাঁইগাঁও -শ্ৰীৰামপুৰ ৩০ মাৰ্চ: আজি গোসাইগাৱত নেৰসন নামৰ বেচৰকাৰী সংন্থাৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত হয়। সভাত ছাত্ৰ-ছাত্ৰী সকলক সমাজত চলা বিভিন্ন ধৰণৰ কু-সংস্কাৰৰ, ডাইনী হত্যাৰ লগতে আন আন অপৰাধ মূলক কাৰ্য্যৰ বিৰুদ্ধে কেনেধৰণে আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয় আৰু আদালতত গোচৰ ৰুজু কৰিব পাৰি সেই দিশ সমূহ বুজাই দিয়াৰ লগতে সমাজৰ আন আন দিশৰ  ওপৰতো আলোচনা কৰা হয়।আজিৰ এই সভাত সংন্থাৰ সঞ্চালক হুদুংগৰা নাৰ্জাৰী ,গোসাইগাও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰ জ্যোতি বাইলুং ,যুৱ- অধিবক্তা  জিতেন্দ্ৰ কুমাৰ প্ৰসাদ উপস্থিত থাকে।

চিলিঙত অনুষ্ঠিত হল সাংবাদিকৰ কৰ্মশালা

Image
চিলিঙত অনুষ্ঠিত হল সাংবাদিকৰ কৰ্মশালা  উত্তৰ পুৱৰ সংবাদকৰ্মীক একত্ৰিত কৰি শ্বিলঙত এক কৰ্মশালাৰ আয়োজন কৰিছে মেঘালয় STATE CONMISSION FOR PROTECTION OF CHILD RIGHT  আৰু সেৱা ভাৰতী পুৰ্বাঞ্চলে । ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ অধীনৰ REGIONAL LEVEL ORIENTATION WORKSHOP OF NORTH EAST STATES কৰ্মশালাখনি শ্বিলঙৰ পাইনুউড  হোটেলত এদিনীয়াকৈ কালি অনুষ্ঠিত হৈ যায় । উত্তৰ পুৱৰ শতাধিক সংবাদিকে ভাগলোৱা কৰ্মশালাখনিত উপস্থিত থাকে মেঘালায়ৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালক ডঃ ডি ডি চিৰাই । ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ উত্তৰ পুৱ শাখাৰ জেষ্ঠ কাৰিকৰী বিশেষজ্ঞ পৰেশ ছাই শিশু অধিকাৰ আৰু সংবাদকৰ্মীৰ দায়িত্ব সম্পৰ্কত বক্তব্য ৰাখে এই কৰ্মশালাত । সংবাদ কৰ্মী আৰু বিশেষজ্ঞ বক্তাৰ মাজত এক মত বিনিময় অনুষ্ঠানে এই অনুষ্ঠানৰ গুৰুত্ব বৃদ্ধি কৰে  । মেঘালয় শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষা ইমন এম শ্যামে আতধৰা অনুষ্ঠানটিৰ জৰিয়তে সংবাদ কৰ্মী সকল শিশু বিষয়ক বাতৰি পৰিবেশনত অধিক সংযত হব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তা সকলে ।    পঙ্কজ নাথৰ ৰিপৰ্ট ।

কটৰা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ জন আৰোগ্য সমিতি গঠন

Image
### কটৰা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ জন আৰোগ্য সমিতি গঠন  ###  আমাৰ প্ৰণাম সেৱা :: নলবাৰী ৩০ মাৰ্চ :::  স্বাস্হ্য সেৱা সমূহ অতি সহজ লভ্য কৰাৰ কাৰণে চৰকাৰৰ স্বাস্হ্য বিভাগে নিত্য নতুন নতুন কৌশল আৰু আচনি হাতত লৈছে। জনসাধাৰণে অতি ওচৰতে সেৱা সমূহ পোৱাৰ বাবে প্ৰতিটো অঞ্চলতে একোখন উপস্বাস্হ্য কেন্দ্ৰ স্হাপন কৰা দেখা যায়।এই স্বাস্হ্য কেন্দ্ৰসমূহত জনসাধাৰণক জড়িত ৰখা আৰু  সুচাৰুৰূপে পৰিচালনা কৰিবলৈ একোখন সমিতি গঠনৰ ব্যৱস্হা কৰিছে। চৰকাৰৰ স্বাস্হ্য বিভাগৰ নিৰ্দেশ মৰ্মে গঠণ কৰা হয় এই  সমিতি সমূহ। যোৱা  ২৯ মাৰ্চ মংগলবাৰে কটৰা স্বাস্হ্য  আৰু কল্যাণ কেন্দ্ৰ পৰিচালনা কৰিবলৈ  সাধাৰণ সভাৰ জৰিয়তে"জন আৰোগ্য সমিতিখন " গঠন কৰা হয়।পুৰণা সমিতিৰ সভাপতি প্ৰদীপ ৰাজবংশীয়ে সমিতিখনৰ হকে পদত্যাগ কৰাৰ লগে লগে নতুন সমিতিখন গঠন হয়।নতুন সমিতিত   সমাজ সেৱক শনিয়াৰাম ৰাজবংশী,সমাজ কৰ্মী ৰ্যোগেন্দ্ৰ ডেকা, সমাজ কৰ্মী অনিল গোস্বামীক উপদেষ্টা  ,  গাও পঞ্চায়ত সদস্য  ফনীন্দ্ৰ শৰ্মাক সভাপতি , স্বাস্থ্য বিষয়া ডাঃ চক্ৰেশ্বৰ হালৈক উপ সভাপতি ,   ভ...

বঙাইগাওঁ মানিকপুৰত আকৌ কাঠ ফলা মিল জব্দ

Image
বঙাইগাওঁ মানিকপুৰত আকৌ  কাঠ ফলা মিল জব্দ  বঙাইগাঁও আই ভেলি বন বিভাগৰ বিশেষ বন সুৰক্ষা বাহিনীৰ বিষয়া শচিমহোন সিংহৰ সফলতা  বঙাইগাঁওৰ প্ৰতিবেদক, ৩০ মাৰ্চঃ-বঙাইগাঁও জিলাৰ মানিকপুৰ বিট ফৰেষ্ট অফিচৰ অন্তৰ্গত ১নং চালাবিলাত কিছুদিন আগতে কাঠ ফলা মিল জব্দ কৰিছিল। কিন্তু্ু তাতেই ক্ষেন্ত থকা নাই বন সুৰক্ষা বাহিনীৰ বিষয়াই। আজিও ৩ নং চালাবিলাত অৱস্হিত বঙাইগাঁও আই ভেলিৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নিৰ্দেশ মৰ্মে বিশেষ বন সুৰক্ষা বাহিনীৰ বিষয়া শচিমহোন সিংহৰ নেতৃত্বত সজাতী দলে বিশেষ সুত্ৰে খৱৰ পাই,  অবৈধ কাঠ ফলা মিল, জব্দ কৰিবলৈ সক্ষম হয়।  জব্দ কৃত কাঠ ফলা মেছিন, , কাঠৰ কুন্ডা, ফলা কাঠ, তক্তা আদি   লৈ মানিকপুৰ বিট ফৰেষ্ট কাৰ্যালয়ত লৈ যায়।     প্ৰেৰক, কুৰবান আলী আহমেদৰ, বঙাইগাওঁ

কাইলৈ কামৰূপ জিলা দিৱস।

Image
কাইলৈ কামৰূপ জিলা দিৱস।  চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কামৰূপ জিলা দিৱস উদযাপনৰ প্ৰস্তুতি। জিলাবাসীক যোগদান কৰিবলৈ আহ্বান উপায়ুক্ত কৈলাশ কাৰ্তিকৰ।  পঙ্কজ নাথ, চাংসাৰি , ৩০ মাৰ্চঃ কাইলৈ কামৰূপ জিলা দিৱস৷ কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত চাৰিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে জিলা দিৱস উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ জিলা সদৰ আমিনগাঁৱত কেন্দ্ৰীয়ভাৱে এই দিৱস উদ্‌যাপনৰ আয়োজন কৰাৰ উপৰি জিলাখনৰ প্ৰতিটো ৰাজহ চক্ৰ, উন্নয়ন খণ্ড আৰু গাঁও পঞ্চায়ত পৰ্যায়তো এই দিৱস উদ্‌যপনৰ ব্যৱস্থা কৰা হৈছে৷ জিলা দিৱসৰ সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে ওলাই আহিবলৈ জিলাবাসীক আহ্বান জনাইছে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে৷ কালি জিলা দিৱস উপলক্ষে জিলাখনৰ সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰিবলৈ এক সংবাদ মেলৰ আয়োজন কৰি উপায়ুক্ত কাৰ্তিকে কয় যে ৰাষ্ট্ৰৰ সামগ্ৰিক উন্নয়ন নিৰ্ভৰ কৰে ৰাজ্যসমূহৰ সামগ্ৰিক উন্নয়নৰ ওপৰত আৰু ৰাজ্যসমূহৰ উন্নয়ন নিৰ্ভৰ কৰে জিলাসমূহৰ উন্নয়নৰ ওপৰত৷ সেয়ে নিজৰ লগতে জিলাখনৰ সামগ্ৰিক উন্নয়নৰ বাবে প্ৰশাসন আৰু ৰাইজৰ সমূহীয়া প্ৰচেষ্টা ত্বৰান্বিত কৰাই হৈছে এই জিলা দিৱস উদ্‌যাপনৰ তাৎপৰ্য৷ কি...

মন্দিয়াৰ কপোহাত ভংয়কৰ পথ দুৰ্ঘটনাঃ সংকটজনক অৱস্থাত তিনিজনক চিকিৎসালয়ত ভৰ্তি #

Image
# মন্দিয়াৰ কপোহাত ভংয়কৰ পথ দুৰ্ঘটনাঃ সংকটজনক অৱস্থাত তিনিজনক চিকিৎসালয়ত ভৰ্তি #   প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৯ মাৰ্চঃ বৰপেটা-বাঘবৰ সংযোগী গড়কাপ্তানী পথৰ কপোহাত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে মন্দিয়াৰ সমীপৰ কপোহাত  দুখন মটৰ চাইকেলৰ লগত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত গুৰুতৰভাৱে আহত হয় তিনিগৰাকী বাইক আৰোহী। পিছত আহত আটাইকে মন্দিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও দুজনক অতি সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয়লৈ প্ৰেৰন কৰা হয়। আনহাতে নাম্বাৰবিহীন দুখন মটৰচাইকেল ৰাইজে জব্দ কৰে। সম্প্ৰতি বাতৰি লিখা পৰ্যন্ত বাইক দুৰ্ঘটনাগ্ৰস্ত আৰোহী কেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই। (ফটো অাছে)

চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দেখা সপোনত চেঁচাপানী: এই অভিযোগ চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ কমিটিৰ*

Image
*চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দেখা সপোনত চেঁচাপানী: এই অভিযোগ চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ কমিটিৰ*  আমাৰ প্ৰণাম শিৱসাগৰ: চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দেখা সপোনত চেঁচাপানী। এই গুৰুতৰ তথ্য সদৰি কৰিছে চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ কমিটীয়ে। আজি শিৱসাগৰৰ অডিঅ" চিটি কনফাৰেন্স হলত এক সংবাদমেলযোগে মংগলবাৰে এই শংকা প্ৰকাশ কৰে কমিটিৰ সভাপতি ড° জীতেন বৰপাত্ৰগোঁহাই আৰু সদস্য ড° জাকিৰুল আলমে চুকাফাৰ সৈতে তাই খামটিলৈকে মুঠ ৭ জন ৰজাই ১৩৭  বছৰ ৰাজত্ব কৰিছিল। বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে জনোৱা আবেদনৰ লগত যি প্ৰামাণিক তথ্য  দিয়া হৈছে তাত এই ৭ জন ৰজাৰ মৈদাম  অন্তৰ্ভুক্ত হোৱা নাই। কেৱল ইমানেই নহয়, গড়গাঁও ৰাজধানী কালত থকা ৰজাসকলৰ  বেছি সংখ্যক ৰজাৰ মৈদাম DOSSIER ত উল্লেখ নাই। চাওলুং চুকাফাৰ  মৈদামেই অন্তৰ্ভুক্ত হোৱা নাই । অসম চৰকাৰৰ প্ৰত্নতাত্বিক বিভাগে কৰা নাই অন্তৰ্ভুক্ত। এনেদৰে অধিকাংশ ৰজাৰ  মৈদাম DOSSIER ত অন্তৰ্ভুক্ত নোহোৱা বাবেই চৰাইদেউ বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ আশা নিৰ্বাপিত হ'বলৈ ধৰিছে  বুলি ক্ষোভ প্ৰকাশ কৰ...

গোসাইগাৱৰ খলিচানীমাৰীত ছি আৰ পি এফৰ দ্বাৰা বিদ্যালয় পুন:নিৰ্মাণ কৰি বিদ্যালয়টোৰ উদ্বোধন।

গোসাইগাৱৰ খলিচানীমাৰীত ছি আৰ পি এফৰ দ্বাৰা বিদ্যালয় পুন:নিৰ্মাণ কৰি বিদ্যালয়টোৰ উদ্বোধন।  শ্ৰীৰামপুৰ-গোসাইগাঁও, ২৯মাৰ্চঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰি ৭৫ বছৰত ভৰি দিয়া উপলক্ষে সমগ্ৰ দেশ ব্যাপী আয়োজন হৈ থকা "আজাদী কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি "এক ভাৰত শ্ৰেষ্ঠ ভাৰত" গঢ় দিয়াৰ উদ্দেশ্যে গোসাইগাও মহকুমাৰ খলিচানীমাৰী গাৱত স্থিত খলিচানীমাৰী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ বিদ্যালয় গৃহ আৰু লেট্ৰিন ছি আৰ পি এফৰ ১২৯ নম্বৰ বাহিনীৰ দ্বাৰা পুন:নিৰ্মান কৰি আজি তাৰ শুভ উদ্বোধন কৰে ছি আৰ পি এফৰ বঙাইগাঁও ৰেঞ্জৰ ডি আই জি পি জয়দেৱ কেশৰী।বিদ্যালয় গৃহ উদ্বোধনৰ অন্তত এক মুকলি সভা অনুষ্ঠিত হয়।শিক্ষা বিষয়া জাহাংগীৰ হুচেইনে আচধৰা মুকলি সভাতে মেধা তথা দুখীয়া ছাত্র-ছাত্ৰী সকলক বিন্যামূলীয়া ছোলাৰ লাইট বিতৰণ কৰা হয়। অনুষ্ঠানত ছি আৰ পি এফৰ ১২৯ নম্বৰ বাহিনীৰ কামাণ্ডাৰ গোলাপ সিং সহ আন আন বিষয়া,কেইবাটাও বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষয়িত্ৰী, প্ৰাক্তন শিক্ষক, গাওবুঢ়া আৰু কেইবা শতাধিক ৰাইজ উপস্থিত থাকে। ৷

বি, এইচ্ মহাবিদ্যালয়ত ধান খেতিৰ আধুনিকীকৰণৰ ওপৰত কৰ্মশালা

# বি, এইচ্ মহাবিদ্যালয়ত ধান খেতিৰ আধুনিকীকৰণৰ ওপৰত কৰ্মশালা # প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৯ মাৰ্চঃ বৰপেটা জিলাৰ হাউলীৰ কৃষিবিজ্ঞান কেন্দ্ৰ আৰু বি.এইচ মহাবিদ্যালয়ৰ  প্ৰতিপালিত গাঁও কোষৰ যুটীয়া সহযোগত মহাবিদ্যালয়খনৰ চেমিনাৰ হলত অাজি  এখন কৰ্মশালাৰ আয়োজন কৰা হয়। সম্প্ৰতি ধান খেতিৰ উৎপাদনৰ লগত জড়িত গৱেষণা আৰু সম্প্ৰসাৰণৰ মাজত সমন্বয় স্থাপন কৰাৰ উদ্দেশ্যে অাগত ৰাখি  অসম কৃষি বিশ্ববিদ্যালয়ে ইন্টাৰনেছনেল ৰাইচ্ ৰিচাৰ্ছ ইনষ্টিটিউটৰ কাৰিকৰী পৰামৰ্শত আৰু অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ অধীনত ৰাইচ নলেজ বেংক নামৰ এটি এপ্ মূকলি কৰিছে আৰু তাৰ জৰিয়তে খেতিয়কসকলক ডিজিটেল মাধ্যমৰ জৰিয়তে ধান খেতিৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰিবলৈ প্ৰয়াস কৰা হয়। ইপিনে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ভূষন চন্দ্ৰ পাঠক, উপাধ্যক্ষ ৰঞ্জিত ভূঞা, প্ৰতিপালিত গাঁওকোষৰ উপ-সভাপতি খুৰছেদ আলম ,হাউলী কৃষিবিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড০ অৰূপ কুমাৰ ডেকা, বিষয় বিশেষজ্ঞ পিংকুধৰ  বৰ্মন, ফিলিপাইনচৰ আন্তৰ্জাতিক ধান গবেষনা কেন্দ্ৰৰ বিশেষজ্ঞ জ্যোতিবিকাশ নাথ,হাউলী কৃষিবিজ্ঞান কেন্দ্ৰৰ প্ৰকল্প সহযোগী হেমাংগ দাস, জ্যোত...

হস্ত তাত বস্ত্ৰ মেলাত অসমীয়া ভাষাক এলাগী কৰাৰ অভিযোগ *

* হস্ত তাত বস্ত্ৰ মেলাত অসমীয়া ভাষাক এলাগী কৰাৰ অভিযোগ * বিশেষ বাৰ্তা নগাওঁ ২৯ মাৰ্চ, যোৱা ২১ মাৰ্চৰ পৰা নগাঁ‌ও নেহেৰুৱালিত  আৰ্টফেডৰ দাৰা আয়োজিত হস্ততাঁ‌ত উন্নয়ন আয়ুক্ত,বস্ত্ৰ মন্ত্ৰালয় ভাৰত চৰকাৰৰ সৌজন্যত চলি থকা ৰাজ্যিক হস্ততাঁ‌ত বস্ত্ৰমেলা,২০২১-২২ ই অসমীয়া ভাষাক সম্পূৰ্ণ ৰূপে এলাগী কৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নগাঁ‌ও জিলা সমিতিৰ পৰিলেক্ষিত হৈছে। বিভিন্ন বেনাৰত বানান বিভ্ৰাটকে আদি কৰি ভিতৰৰ থলুৱা শিপিনীৰ বিপনী সমূহৰ নামৰ ফলকত অকল  ইংৰাজী ভাষা ব্যৱহাৰ কৰি  অসমীয়া ভাষাক উপলুঙা কৰাত নগাঁ‌ও জিলা সমিতিয়ে দাবী সম্ব্লিত এখনি স্মাৰক পত্ৰ নগাঁ‌ও উপায়ুক্তক প্ৰদান কৰে। পৰিষদৰ জিলা সমিতিৰ সভাপতি দীপমনি বড়া আৰু সাধাৰন সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই সংবাদ  মাধ্যমক জনাই যে যদি অসম চৰকাৰে এনে ধৰনে অসমীয়া ভাষাক উপেক্ষিত কৰি আহে তেনে হলে অনাগত দিনত তীব্ৰ প্ৰত্যাবানৰ সন্মুখীন হব।লগতে কয় যে বস্ত্ৰমেলা খনৰ সমূহ বিপনীৰ ফলকত অসমীয়া ভাষাক অতি শীঘ্ৰে সংযোজন কৰিবলৈও দাবী জনায়। অন্যথা বস্ত্ৰমেলাৰ সন্মুখত নেতাদ্বয়ে প্ৰতিবাদী কাৰ্য্যসূচী লোৱাৰো  হুংকাৰ দিয়ে নগাঁও জিলা সমিতিৰ সভাপতি দ...

মানকাচৰৰ ধানুৱা গাওঁ পঞ্চায়তৰ জনজাতীয় লোকসকলে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ৷

Image
চকু মুদা কুলিৰ ভাওত জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ৷ দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ২৯ মাৰ্চঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী ধানুৱা গাওঁ পঞ্চায়তৰ জনজাতীয় লোকসকলে বছৰ বছৰ ধৰি মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নিগৰি অহা লেতেৰা পানী খাই জীয়াই থকা পৰিলক্ষিত হৈছে৷ জনজাতীয় লোকসকলে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে দীৰ্ঘ দিনৰ পৰা হাহাকাৰ কৰিবলগীয়া হৈছে। কি কৰি আছে জিলাখনত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগ টোৱে ? বিভাগৰ বিষয়া কৰ্মচাৰীৰ চকু পৰিবনে এই জনজাতীয় লোক সকলোৰ ওপৰত৷  মনকৰিবলগীয়া যে, মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা লেতেৰা আৰু জীৱাণুযুক্ত পানী খাই জীয়াই আছে ধানুৱাৰ জনজাতীয় লোকসকলে। দীৰ্ঘ দিনৰ পৰা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকলোক জনজাতীয় লোক সকলে বাৰম্বাৰ অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে জনজাতীয় লোকসকলে৷ ইফালে সাংসদ, বিধায়কৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকলে অকল ভোট ভিক্ষাৰ বাবে এই অঞ্চলত আহে আৰু নিৰ্বাচন শেষ হলে এই দুখীয়া জনজাতীয় লোক সকলোক পাহৰি যায় বুলি জনজাতীয় লোক সকলে সাংবাদিকৰ আগত বিক্ষোভ প্ৰকাশ কৰে৷ প...

তামুলপুৰ অৰ্ধ সাপ্তাহিক বজাৰত নৱ নিৰ্মিত বজাৰ গৃহৰ শুভ উদ্বোধনঃ*

Image
নয়নজ্যোতি দাস, তামুলপুৰ,২৯ মাৰ্চঃ মুছলপুৰস্থ বাক্সা জিলা গ্ৰামোন্নয়ন অভিকৰণৰ অধীনস্থ আৰু তামুলপুৰ ৰুৰবান ক্লাষ্টাৰৰ অন্তৰ্গত ২ নং তামুলপুৰ ভি চি ডি চিৰ অধীনৰ তামুলপুৰ অৰ্ধ সাপ্তাহিক বজাৰত আজি পুৱা নৱ নিৰ্মিত এটি বজাৰ গৃহৰ শুভ উদ্বোধন কৰা হয়। শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান অভিযানৰ অধীনত তামুলপুৰ ৰুৰবান ক্লাষ্টাৰৰ অন্তৰ্গত তামুলপুৰ বজাৰৰ নৱ নিৰ্মিত এই বজাৰ গৃহটো শুভ উদ্বোধন কৰি গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ এম চিএল এ তথা বজাৰ বিভাগৰ অধ্যক্ষ পবিত্ৰ কুমাৰ বড়োই কয় যে বিটিআৰ চৰকাৰে বিটিআৰৰ পাঁচখন জিলাতে শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান আঁঁচনিৰ অধীনত বহু কেইটা বজাৰ গৃহ নিৰ্মাণ আৰু বজাৰৰ উন্নয়নৰ কাম ইতিমধ্যে সমাপ্ত কৰিছে। বিটিআৰত থকা ৩৩৪ খন বজাৰৰ ভিতৰত ইতিমধ্যে কেবাখনো বজাৰৰ নিৰ্মাণ কাৰ্য আৰু উন্নয়নৰ কাম চলি আছে। ২০২২-২৩ বৰ্ষত বিটিআৰ চৰকাৰে এনে বহু কেইখন অভিলাষী আঁঁচনি ইতিমধ্যে গ্ৰহণ কৰা বুলিও সভাত তেওঁ সদৰি কৰে  । ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত বজাৰ গৃহ উদ্বোধনী অনুষ্ঠানত মুছলপুৰস্থ বাক্সা জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক আশ্ৰাফুল আমিন আৰু চৰকাৰী মনোনীত এম চি এল এ হেমন্ত কুম...

বঙাইগাঁও জিলাৰ চৌৰাগুৰী আদৰ্শ গাঁওৰ স্থায়ী মুখ্য প্ৰবেশদ্বাৰ মুকলি কৰে বঙাইগাঁওৰ উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াই

Image
আমাৰ প্ৰণাম ,২৯ মাৰ্চ , বঙাইগাঁও জিলাৰ চৌৰাগুৰী আদৰ্শ গাঁওৰ স্থায়ী মুখ্য প্ৰবেশদ্বাৰ মুকলি কৰে বঙাইগাঁওৰ উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াই । গাঁওখনৰ ড০ ভূপেন হাজৰিকা পথৰ ওপৰত অসম আদৰ্শ গাঁও যোজনা ২০১৮-১৯ বৰ্ষৰ অধিনত মুঠ ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় এই চৌৰাগুৰী আদৰ্শ গাঁওৰ মুখ্য প্ৰবেশদ্বাৰ।  তদুপলক্ষে অনুষ্ঠিত হোৱা এখন সভাত বঙাইগাঁওৰ উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াৰ লগতে মানিকপুৰ খণ্ড উন্নয়ন বিষয়া মঞ্জুশ্ৰী ঘোষ, বাঘমাৰা-চৌৰাগুৰী গাঁও পঞ্চায়তৰ সভাপতি অমল সৰকাৰ সহ অন্যান্য অতিথিবৃন্দ উপস্থিত থাকে।

লক্ষীমপুৰত সদৌ অসম চাহু বৈশ্য তেলী সন্মিলনৰ চতুৰ্থ দ্বিবাৰ্ষিক ৰাজ্যিক অধিবেশন সম্পন্ন

Image
অম্লান কাশ্যপ চাহা, বিশ্বনাথ, ২৮ মাৰ্চ :- ১৯৩২ চনতে জন্ম লাভ কৰা বৃহত্তৰ অসমীয়া জাতিৰ অভিন্ন অংগ সদৌ অসম চাহু বৈশ্য তেলী সন্মিলনৰ ৰাজ্যিক অধিবেশনখনি দুদিনীয়া কাৰ্যসূচীৰে লক্ষীমপুৰ জিলাৰ বাসুদেৱ ট্ৰাষ্টত কালি অনুষ্ঠিত হৈ যায় । প্ৰথম দিনা পতাকা উত্তোলন, বৃক্ষ ৰোপন, স্মৃতি তৰ্পণ, প্ৰতিনিধিৰ শিবিৰ মুকলি, বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চাহু সকলৰ অৱদান শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ দ্বিতীয় দিনা মুকলি সভা অনুষ্ঠিত হয় । সমিতিৰ সভাপতি ৰাম কুমাৰ বৰুৱাই সভাপতিত্ব কৰা সভাখন উদ্ধোধন কৰে ধেমাজিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জোৎস্না মেদকে । সভাত চাহু বৈশ্য সন্মিলনৰ স্মৃতি গ্ৰন্থ প্ৰজন্ম উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ প্ৰেমানন্দ হাওবৰাই । ইয়াৰ  উপৰিও সভাত আন ৪ খন গ্ৰন্থ ক্ৰমে শিপাৰ সন্ধানত (বংশাৱলী) সভাপতি ৰাম কুমাৰ বৰুৱাই, তুমি বিচৰা ছবিখন (কবিতা পুথি) মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ যতীন চুতীয়াই,  মুক্তি যুদ্ধা পেঞ্চনাৰ ৰঘুনাথ চাহু শীৰ্ষক গ্ৰন্থ খন মৰাণৰ বাল্য বিকাশ বিদ্যালয়ৰ অধ্যক্ষ ডঃ স্বপন চুতীয়াই আৰ...

নলীগাঁও মণ্ডল সমল কেদ্ৰত তিনিদিনীয়াকৈ পৰিচালনা সমিতিৰ অনাৱাসাৱিক প্ৰশিক্ষণ সম্পন্ন #

Image
# নলীগাঁও মণ্ডল সমল কেদ্ৰত তিনিদিনীয়াকৈ পৰিচালনা সমিতিৰ  অনাৱাসাৱিক প্ৰশিক্ষণ সম্পন্ন # প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৯ মাৰ্চঃ বৰপেটা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নলীগাঁও মণ্ডল সমল কেদ্ৰৰ এলেকাধীন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ  সদস্য-সদস্যাসকলৰ তিনিদিনীয়া অনাৱাসাৱিক প্ৰশিক্ষণ আজি সামৰণি পৰে। সমগ্ৰ শিক্ষা অভিযান মিছনৰ নিৰ্দেশত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিৱিৰটো যোৱা ২৬ মাৰ্চত আৰম্ভ হৈছিল। নলীগাঁও ছোৱালী এম ই মাদ্ৰাছাত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিৱিৰটো যোৱা ২৬ মাৰ্চত পুৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলীগাঁও ছোৱালী এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক ৰাইজ উদ্দিন আহমেদে । তিনিদিনীয়া প্ৰশিক্ষণ শিৱিৰটোত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে নলীগাঁও ছোৱালী এম ই মাদ্ৰাছাৰ সহকাৰী শিক্ষয়িত্ৰী মৰ্জিনা খাতুন আৰু ৫৮৪ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পৰাগ কলিতাই। প্ৰশিক্ষণৰ প্ৰথম দিন অৰ্থাৎ যোৱা ২৬ মাৰ্চত হঠাৎ পৰিদৰ্শনৰ বাবে উপস্থিতিত হয় জিলা আঁচনি বিষয়া ক্ৰমে সিতাঙ্গ ডেকা আৰু নিৰঞ্জন ওজা। বিষয়া দুগৰাকীয়ে এই প্ৰশিক্ষণৰ উদ্দেশ্য কি তথা বিদ্যালয় পৰিচালনা স...

দুঃসময়ৰ ভগ্নস্তূপত

**** দুঃসময়ৰ ভগ্নস্তূপত****     ✍🏻মনোৰঞ্জন ডেকা  কাজল চুলিতাৰীৰ ভাজত জোনাকী মনৰ পোহৰ সজল চকুৰ গভীৰ নীলাত ওমলিছে জোন বেলি তৰা কণ্ঠ নইৰ স্ফটিক বুকুত সোণালী সূতাৰ সাঁকো কঁহুৱা কোমল উমত গলিছে পাষাণ শিলৰ হৃদয় জৰাজীৰ্ণ শিলাময় মৰুত গজালি মেলিছে সেউজীয়া বিষয়ী কানন চ'ৰাত জকমকাই ফুলিছে সপোন কামনাৰ দুহাত মেলি চিঙিছে লিহিৰী দেহৰ তৰাফুল তৃষ্ণাতুৰ মনৰ কৰণিত ভৰিছে অমিয়া প্ৰেমৰ পৃথিৱী কৰ্ষণৰ গ্ৰাসত খহি পৰিছে পপীয়া দুৰ্দিন দুঃসময়ৰ ভগ্নস্তূপৰ মাজত হৃদয়ে সাজিছে মণিকূট থাপনাৰ চাকিৰ পোহৰত চিৰ সুন্দৰৰ আৰাধনা।।

ককাদেউ অবিহনে বিহু উৰুঙা------------------------------------------

ককাদেউ অবিহনে বিহু উৰুঙা ------------------------------------------ নিজান বননিত শুনিছোঁ ৰিণিকি ৰিণিকি কেতেকী বিননি, হিয়া আমঠু বহাগী নিচেই কাষ পালেহি। কেইবাবছৰো ককাইদেউ তোৰ অবিহনে ষোল্ল টা বহাগ, সাতাইশটা পূজা,একত্ৰিশটা ঘৰুৱা উৎসৱ উৰুঙা হৈ ৰৈছে। এইবাৰো তই আহিবি বুলি আইয়ে চিৰা,পিঠা খুন্দি যতনাই থৈছে, পিতাই কৈছে গোহালিৰ গৰুহাল এইবাৰ তইয়ে নৈ পাৰলৈ লৈ যাবি, মাহ হালধিৰে গা ধুৱাই তৰালি পঘাৰে বান্ধিবি। ককাদেউ তোৰ বাবে মই বৰ হেঁপাহেৰে ভমকা ফুলৰ গামোচা আৰু টঙালি বৈ থৈছোঁ, ককাইদেউ এইবাৰ বহাগত আহিলে মই তোৰ চাইকেলৰ কেৰিয়াৰত বহি গছতলৰ বিহু চাবলৈ যাম। ককাইদেউ তই বাৰু আহিবিনে? তোৰ অবিহনে বহাগৰ বিহুটি উৰুঙা।                              পূৰৱী শইকীয়া (অনন্যা)

বঙাইগাঁওত কৃষকৰ মূৰত ৰামটাঙোন

Image
বঙাইগাঁওত কৃষকৰ মূৰত ৰামটাঙোন বঙাইগাঁওৰ প্ৰতিবেদকঃ-  বঙাইগাঁও জিলাৰ সৃজন গ্ৰাম ৰাজচক্ৰৰ অন্তৰ্গত গণবিন্না গাওঁৰ কৃষক সকলোৰ কথা। গাঠিৰ ধন, আৰু হাৰভঙা পৰিশ্ৰমেৰে কপালৰ ঘাম মাটিত পেলাই খেতি কৰিছিল কৃষক সকলোৱে। মূৰে কপালে হাত ৰামটাঙোন খালে বছৰটোৰ অচিনাকী বেমাৰত নষ্ট হৈ গল জলকীয়া খেতি। এতিয়া কৃষিজীৱি মানুহৰ বিপদৰ সময়ত কৃষকৰ কাষত থিয় দিয়া  নাই বঙাইগাঁও জিলা কৃষি বিভাগীয় কৰ্তৃপক্ষই। যদি  কোনো পদক্ষেপ গ্ৰহণ  বিভাগীয় কৰ্তৃপক্ষই নকৰে তেন্তে  কৃষকৰ পৰিয়ালত পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হব। কৃষক সকলোৱে  নিজা প্ৰচেষ্টাত এই অচিনাকী বেমাৰ প্ৰতিৰোধ কৰিবলৈ বিভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ কৰিছে। কিন্তু কৃষক সকলে বেমাৰ প্ৰতিৰোধ কৰিব পৰা নাই এতিয়া অসম চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সময়ত সেয়া  হ'ব লক্ষ্যনীয়।   কুৰবান আলী আহমেদ, বঙাইগাওঁ

অহা ১ এপ্ৰিলত ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ বিষখোৱাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ‘সৰহদ কো স্বৰাঞ্জলি’’ অনুষ্ঠান –অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগিতাত অনুষ্ঠিত হ’বলগীয়া সেই কাৰ্যসূচীক লৈ চলিছে তুমুল প্ৰস্তুতি

Image
অহা ১ এপ্ৰিলত ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ বিষখোৱাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ‘সৰহদ কো স্বৰাঞ্জলি’’ অনুষ্ঠান –অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগিতাত অনুষ্ঠিত হ’বলগীয়া সেই কাৰ্যসূচীক লৈ চলিছে তুমুল প্ৰস্তুতি ধুবুৰী, ২৯ মাৰ্চ অহা ১ এপ্ৰিলৰ দিনা অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগিতাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ, ধুবুৰী জিলা সমিতিয়ে  জিলাখনৰ গোলকগঞ্জৰ বিধানসভা সমষ্টিৰ ভাৰত–বাংলাদেশ সীমান্তৰ সমীপৰ বিষখোৱাত আয়োজন কৰিছে ‘‘সৰহদ কো স্বৰাঞ্জলি’’ নামৰ এক বিশেষ কাৰ্যসূচীৰ। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশ ব্যাপি উদযাপিত হৈ থকা ‘‘আজাদি কি অমৃত মহোৎসৱ’’ৰ সৈতে সংগতি ৰাখি জিলাখনৰ বিষখোৱাৰ ‘‘কাৰ্গিল পথাৰ’’ত আয়োজিত সেই অনুষ্ঠানক লৈ এতিয়া দিনে–নিশাই চলিছে প্ৰস্তুতি। উল্লেখ্য যে, অহা ১ এপ্ৰিলৰ বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ‘‘সৰহদ কো স্বৰাঞ্জলি’’ অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰিব।  উদ্যোক্তাসকলে সিদিনাৰ সেই বিশেষ কাৰ্যসুচীত জিতুল সোনোৱাল, সীমান্ত শেখৰ,  বিদ্যাসাগৰ, ববিতা শৰ্মা,  মন্মথ বৰুৱা, শৰত ৰাগ,...

চিলাপথাৰত ডিমৌ নদীৰ বানত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালক ক্ষতিপূৰণ প্ৰদানত অনিয়মৰ অভিযোগ :

চিলাপথাৰত ডিমৌ নদীৰ বানত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালক ক্ষতিপূৰণ প্ৰদানত অনিয়মৰ অভিযোগ :  দৈনিক আমাৰ প্ৰণাম  চিলাপথাৰ ২৯ মাৰ্চ বিগত ২০২০ বর্ষতেই অৰুণাচলৰ পৰা নামি অহা ডিমৌ নদীৰ প্ৰবল বানৰ ফলত নদীখনে গতি সলাই উটুৱাই নিছিল চিলাপথাৰৰ সমীপৰ ১ নং মহাৰাণীপুৰৰ ১৪ টাকৈ পৰিয়ালৰ ঘৰবাৰী । বান-গৰাখহনীয়াত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালকেইটাক ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰৰ নিৰ্দেশত গাঁওবুঢ়া গোবিন্দ পেগু আৰু মালা উপাধিধাৰী লাট মণ্ডল গৰাকীয়ে ১৪ টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ তালিকা প্ৰস্তুত কৰে আৰু সেই তালিকা অনুসৰি ১৪ টা পৰিয়ালৰ বাবে ক্ষতিপূৰণ মঞ্জুৰ কৰে চৰকাৰে । কিন্তু মাত্ৰ ৬ টা পৰিয়ালক ৯৫ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিয়ে যদিও বাকী থকা ৮ টা পৰিয়ালে আজিলৈকে ক্ষতিপূৰণ পাবলৈ সক্ষম হোৱা নাই । তেওঁলোকে কৰা অভিযোগ অনুসৰি ক্ষতিপূৰণ দিবৰ বাবে গাঁওবুঢ়া গোবিন্দ পেগুৱে প্ৰতিটো পৰিয়ালৰ পৰা ২০ হাজাৰকৈ টকা বিচাৰিছিল কিন্তু সৰ্বশ্ৰান্ত পৰিয়ালকেইটাই ২০ হাজাৰকৈ দিব নোৱাৰি ১০ হাজাৰকৈ টকা দিয়ে । কিন্তু দহ হাজাৰকৈ টকা দিয়াৰ পিছতো ক্ষতিপূৰণ নোপোৱাত তেওঁলোকে চিচিবৰগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ কাষ চাপে যদিও মণ্ডলজনে তেওঁলোকক কাৰ্...

বঙাইগাঁও চৌৰাগুৰীত আদৰ্শ গাওঁ শুভাৰম্ভ কৰে জিলা উপায়ুক্তাই

বঙাইগাঁও চৌৰাগুৰীত আদৰ্শ গাওঁ শুভাৰম্ভ কৰে জিলা উপায়ুক্তাই। প্ৰতিবেদক বঙাইগাওঁ বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বাঘমাৰা চৌৰাগুৰী পঞ্চায়তত চৌৰাগুৰী আদৰ্শ গাওঁ শুভাৰম্ভ কৰে বঙাইগাঁও জিলা উপায়ুক্তা ডঃ এম, এছ, লক্ষ্মী প্ৰিয়া। ইয়াত উপস্থিত থাকে জিলা উন্নয়ন বিষয়া, মানিকপুৰ খন্ড উন্নয়ন বিষয়া, সহকাৰী অভিযন্তা, পঞ্চায়ত সচিৱ, সভাপতি অমৰ সৰকাৰ আৰু আন আন বিষয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ মানিকপুৰ মন্ডলৰ সভাপতি ভাস্কৰ ৰায়, সাধাৰণ সম্পাদক মুকুল ৰায়, বঙাইগাওঁ জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক কুৰবান আলী আহমেদে। বঙাইগাঁওৰ পৰা কুৰবান আলী আহমেদৰ প্ৰতিবেদন

ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ প্ৰাচুৰ্য্য মেছৰ অকাল মৃত্যু

ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ প্ৰাচুৰ্য্য মেছৰ অকাল মৃত্যু  প্ৰতিবেদক ডিব্ৰুগড়:-ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্র প্ৰাচ্যুৰ্য মেছৰ অকাল মৃত্যুত শোকাস্তব্ধ হৈ পৰিছে কানৈৰ ছাত্র সমাজ। আজি কানৈ মহাবিদ্যালয় ছাত্র একতা সভা আৰু কানৈ আছু গোটৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই ছাত্ৰজনৰ প্ৰতিছৱিত বন্তি প্ৰজ্বলন কৰি কম সময়ৰ ভিতৰতে মহাবিদ্যালয়খনলৈ আগবঢ়োৱা অৱদানক স্মাৰণ কৰে। অতি অমায়িক আৰু ভদ্ৰ মনৰ ছাত্রজনৰ শোকসন্তপ্ত পৰিয়াললৈয়ো জনালে সমবেদনা। ইফালে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অধ্যাপিকা ড০ নিৰ্মালী পেগু আদিকে ধৰি ছাত্ৰ একতা সভা আৰু আছু গোটৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ ৰিপৰ্ট

আকৌ জনসাধাৰণৰ ওপৰত মুল্য বৃদ্ধিৰ মাধৱৰ ।

আকৌ জনসাধাৰণৰ ওপৰত  মুল্য বৃদ্ধিৰ মাধৱৰ । প্ৰতিবেদক ডিব্ৰুগড়:-পুনৰ আকৌ জনসাধাৰণৰ জীৱন অতি বাহিত কৰাত অসুবিধাত পেলাইছে মুল্য বৃদ্ধিয়ে  ৰন্ধন গেছৰ লগতে পেট্ৰল,ডিজেলৰ মুল্য আকাশ  লঙ্ঘী দাম হোৱাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি হৈ পৰিছে। চৰকাৰে সঘনাই অত্যাৱশ্যকীয় সামগ্ৰী মুল্য বৃদ্ধি কৰাক লৈ খাটি খোৱা ৰাইজৰ দশা কি হব পাৰে সেয়া এক চিন্তনীয় বিষয়? প্ৰত্যেকটো গেছ ছিলিণ্ডাৰ দাম ৫০টকাকৈ মুল্য বৃদ্ধি কৰাৰ লগতে পেট্ৰলৰ প্ৰতি লিটাৰৰ দাম বৃদ্ধি পাইছে '৮৯ পইচা আৰু ডিজেলৰ প্ৰতি লিটাৰত বৃদ্ধি পাইছে '৬৯ পইচা।এনেই দৰে গেছ,পেট্ৰল আৰু ডিজেলৰ মুল্য দিনক দিনে বৃদ্ধি পোৱাত দুখীয়া ৰাইজৰ জ্বলাকলা খুৱাইছে? চৰকাৰে জনসাধাৰণক কয় যে "চব কা চাট চব কা বিকাশ"এতিয়া জনসাধাৰনে চৰকাৰক প্রশ্ন কৰে যে  এইয়া নেকি "আচ্ছা দিন" ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ ৰিপৰ্ট।

বৰপেটাৰ নগাঁওত নকল যোগানধাৰী এজন শিক্ষক অাৰু দুজন জেৰক্সকাৰীক আটক

Image
# বৰপেটাৰ নগাঁওত নকল যোগানধাৰী এজন শিক্ষক অাৰু দুজন জেৰক্সকাৰীক আটক #  প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৮ মাৰ্চঃ বৰপেটাৰ নগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা মেট্ৰীক পৰীক্ষা কেন্দ্ৰৰ পৰা এগৰাকী নকল যোগান ধৰা শিক্ষকক অাৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে মেট্ৰিক পৰীক্ষাত কেন্দ্ৰৰ প্ৰস্বাৱগাৰৰ পৰা বৃহৎ পৰিমানৰ নকলসহ  শিক্ষকগৰাকীক অাটক কৰা হয়। নগাওঁ শিক্ষামন্দিৰ হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ পৰা আটকাধীন শিক্ষকগৰাকীৰ নাম খবিৰ ভূঞা। তেওঁ গৰেমাৰী মিলন হাইস্কুলৰ আৰবী বিষয়ৰ শিক্ষক বুলি জানিব পৰা গৈছে। অানকি শিক্ষকজনৰ পৰা পৰীক্ষাৰ্থীৰ ৰোল নম্বৰ আৰু নামসহ বৃহৎ পৰিমানৰ নকল অাৰক্ষীয়ে জব্দ কৰিছে ৷ ইপিনে নকল যোগানৰ বাবে নকল জেৰক্স কৰি থকা  অৱস্থাত জেৰক্স চেন্টাৰৰ পৰাও দুই অভিযুক্তক আটক কৰা হৈছে। বৰপেটাৰ পালহাজীত ছেমিম জেৰ'ক্স দোকানৰ পৰা পালহাজী গাঁৱৰ ইনামুল হ'ক আৰু দংৰা গাঁৱৰ ছহিদুল ইছলামক আটক কৰা বুলি জানিব পৰা গৈছে।(ফটো অাছে)

নগাৱঁত পুনৰ চুৰিৰ ঘটনা।

নগাৱঁত পুনৰ চুৰিৰ ঘটনা।   ধৰ্মীয় স্থানতো লুট।  বিশেষ বাৰ্তা , নগাওঁ, শেহতীয়াভাৱে নগাৱঁত চুৰি ডকাইতিৰ ঘটনা বৃদ্ধি হৈছে। বিগত কেইবাদিনো ধৰি নগাওঁ জিলাৰ বিভিন্ন স্থানত চুৰি ডকাইতি ঘটনা সংঘটিত হৈ থকাৰ পিছত যোৱা নিশাও নগাওঁ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দুটা স্থানত চুৰি কাৰ্য্য সংগঠিত হয়। নগাওঁ চহৰৰ  পৰা কিছুদুৰ নিলগৰ ডাকৰঘাটত আজি পুৱতিনিশা চুৰি কাৰ্য্য সংঘটিত হয়। জানিব পৰামতে ডাকৰঘাটৰ পাচঁ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চুৰি কাৰ্য্য সংগটিত কৰি কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুট কৰি নিয়ে। তদুপৰি ডাকৰঘাট জাতীয় বিদ্যালয়তো চোৰে তাণ্ডৱ চলায়। চোৰৰ দলে বিদ্যালয়খনৰ ফেন , বৰ্ডকে ধৰি বিভিন্ন সামগ্ৰী লুট কৰি নিয়ে। ইপিনে দক্ষিণপাটৰ দেউৰী গাওঁস্থিত ঐতিহ্যমণ্ডিত বুঢ়াগোহাঁই থানত যোৱা নিশা চোৰে তাণ্ডৱ চলায়। চোৰৰ দলে থানখনৰ প্ৰবেশদ্বাৰৰ তলা ভাঙি এই চুৰি কাৰ্য্য সংগটিত কৰে। জানিব পৰা মতে চোৰৰ দলে বত্ৰিশ ভৰি ৰূপ আৰু আঢ়ৈ ভৰি সোণৰে নিৰ্মিত এটি মুকুট, তিনি ভৰি ৰূপেৰে নিৰ্মিত এটি সাপ, আঠখন পিতলৰ থাল, তামৰ ঘটি , নগদ ধনকে ধৰি বিভিন্ন সামগ্ৰী লুট কৰি নিয়ে। আজি পুৱা থানখনৰ পুজাৰী অহাৰ পিছত চুৰিকাৰ্য্য সংগটিত হোৱা...

নগাৱঁত সাধাৰন ধৰ্মঘট পালন ।

নগাৱঁত সাধাৰন ধৰ্মঘট পালন ।    বিশেষ বাৰ্তা , নগাওঁ , ২৮ মাৰ্চ   কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমুহৰ আহবানত আজি সমগ্ৰ দেশৰ লগতে নগাওঁ জিলাতো সাধাৰণ ধৰ্মঘট পালন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি বাতিল কৰা, বিদ্যুত সংশোধনী বিল ২০২১ বাতিল কৰা, ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান আদি ব্যক্তিগত কৰন বন্ধ কৰা, জাতীয় মুদ্ৰাকৰণ পাইপলাইন বাতিল কৰা, আয়কৰৰ আওতাত নপৰা প্ৰতিগৰাকী লোকক ৭৫০০ টকা আদায় দিয়া, শ্ৰমিকৰ দৈনিক মজুৰি ৮০০ টকালৈ বৃদ্ধি কৰা, অংগনবাড়ী, ৰন্ধনকৰ্মী, আশাকৰ্মী আদিক মজুৰি প্ৰদান কৰা, মটৰ শ্ৰমিকসহ সকলো অসংগঠিত শ্ৰমিকৰ বাবে সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত আজিৰ পৰা দুই দিনীয়াকৈ সাধাৰণ ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্য্যসূচী সময়ত বেংক বীমা প্ৰতিষ্ঠানকে ধৰি বিত্তীয় প্ৰতিস্থান, ডাকঘৰ, টেলিকম, বেচৰকাৰী মটৰ পৰিবহন শ্ৰমিক কৰ্মচাৰী সকলে ধৰ্মঘটত অংশগ্ৰহণ কৰি কামকাজ অচল কৰি তোলে। নগাওঁ জিলা মটৰ শ্ৰমিক সন্থাই আজি সাধাৰণ ধৰ্মঘটৰ সৰ্মথনত নগাওঁ চহৰত এক প্ৰতিবাদী সমদল উলিয়ায়। ইপি...

ৰাজ্যসভাৰ ৰাজনীতি : হিমন্তৰ কাষত হাগ্ৰামা, প্ৰমোদ সন্দিহান

Image
দীপজ্যোতি ডেকা : ৰাজ্যসভা নিৰ্বাচনত অসমৰ দুখন আসনকলৈ এতিয়া ৰাজনীতি উত্তাল হৈ পৰিছে। বিজেপি মিত্ৰজোটে ইতিমধ্যে বিজেপিৰ পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ইউপিপিএলৰ ৰণগৌড়া নাৰ্জাৰীক প্ৰক্ষেপ কৰিছে। মিত্ৰজোটৰ বাবে বাকী সকলো ঠিকেই আছিল, কিন্তু দুয়োখন আসন দখল কৰাৰ বাবে সংখ্যাৰ অংকত পুনৰ জংক পংকৰ সৃষ্টি কৰিছে ইউপিপিএল প্ৰধান প্ৰমোদ বড়ো আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ পুৰণি সংঘাতে। বিজেপি মিত্ৰজোঁটক ৰাজ্যসভাৰ দুয়োখন আসন দখলৰ বাবে প্ৰয়োজন ৮৪ টা ভোটৰ । কিন্তু বৰ্তমান আছে ৮০ টা ভোট। সেয়ে মিত্ৰজোটক আন চাৰিটা ভোটৰ প্ৰয়োজন দুয়োখন আসন দখলৰ বাবে। এই সুযোগ বুজি কালি হাগ্ৰামা মহিলাৰীয়ে নিজৰ তিনিজন বিধায়কৰ সমৰ্থনৰ একপ্ৰকাৰ প্ৰস্তাৱ লৈ সদলবলে সাক্ষাত কৰে মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাক। উল্লেখ্য যে হাগ্ৰামাৰ বিপিএফ বৰ্তমান মিত্ৰজোঁটৰ বিধায়িনী পৰিষদৰো মিত্ৰ। তেনেস্থলত যদিহে হাগ্ৰামাৰ প্ৰস্তাৱ দখল কৰে তেন্তে মিত্ৰজোটৰ ৰাজ্যসভা নিৰ্বাচনত ভোটৰ সংখ্যা হ'ব ৮৩ টা। আন এটা ভোটৰ বাবে তেতিয়া মিত্ৰজোটে বেছি চিন্তা লৰিবলগীয়াত নপৰিব। এই অংকটো বিজেপি-বিপিএফৰ বাবে ঠিকেই আছিল। কিন্তু ইয়াক লৈ এতিয়া অসন্তুষ্...

নলবাৰী ঘগ্ৰাপাৰৰ -ভিঠামহলৰ একালৰ এগৰাকী মেধা ছাত্ৰৰ দুয়োটা কিডনী বিকল**

Image
নলবাৰী ঘগ্ৰাপাৰৰ -ভিঠামহলৰ একালৰ এগৰাকী মেধা ছাত্ৰৰ দুয়োটা কিডনী বিকল**  *মুখ্যমন্ত্ৰী-বিধায়ক আৰু দল-সংগঠনক সহায়ৰ আহ্বান পৰিয়ালৰ* নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত  ভিঠামহল গাঁৱৰ একালৰ এগৰাকী মেধাসম্পন্ন  ছাত্ৰৰ দুয়োটা কিডনী বিকল হোৱাত পৰিয়ালটোলৈ ঘোৰ অমানিশা নামি আহিছে।ব‍্যাক্তিগত খণ্ডৰ এটা প্ৰতিষ্ঠানত বনুৱা হিচাপে কাম কৰি কোনো মতে পৰিয়াল ভৰণ-পোষণ দিয়া পিতৃ গোলোক কলিতা আৰু মাতৃ ৰীনা কলিতাৰ একমাত্ৰ পুত্ৰ সীমান্ত কলিতা বিভিন্নখন চিকিৎসালয়ত চিকিৎসাৰ নামত ইতিমধ্যে  বহুত টকা ব‍্যয় কৰিলে যদিও গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ  ডাক্তৰে দুয়োটা কিডনী বিকল বুলি ঘোষণা কৰাৰ পিছত চিন্তাত পৰিছে পৰিয়ালটো।কাৰণ নতুন কিডনী সংস্থাপন কৰিলেহে সীমান্ত সুস্থ হৈ উঠিব, কিন্তু কিডনী নতুনকৈ সংস্থাপনৰ বাবে প্ৰয়োজন হৈছে কে'বালাখ টকাৰ। ব‍্যাক্তিগত প্ৰতিষ্ঠানত কাম কৰি পৰিয়ালটো পোহপাল দিয়া গোলোক কলিতাৰ মূৰত এতিয়া সৰগ ভাগি পৰিছে। একালৰ মেধা সম্পন্ন ছাত্ৰগৰাকীৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিভিন্ন দল সংগঠনৰ লগতে সু-হৃদয়বান...

নলবাৰী ঘগ্ৰাপাৰৰ -ভিঠামহলৰ একালৰ এগৰাকী মেধা ছাত্ৰৰ দুয়োটা কিডনী বিকল** *মুখ্যমন্ত্ৰী-বিধায়ক আৰু দল-সংগঠনক সহায়ৰ আহ্বান পৰিয়ালৰ*নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভিঠামহল গাঁৱৰ একালৰ এগৰাকী মেধাসম্পন্ন ছাত্ৰৰ দুয়োটা কিডনী বিকল হোৱাত পৰিয়ালটোলৈ ঘোৰ অমানিশা নামি আহিছে।ব‍্যাক্তিগত খণ্ডৰ এটা প্ৰতিষ্ঠানত বনুৱা হিচাপে কাম কৰি কোনো মতে পৰিয়াল ভৰণ-পোষণ দিয়া পিতৃ গোলোক কলিতা আৰু মাতৃ ৰীনা কলিতাৰ একমাত্ৰ পুত্ৰ সীমান্ত কলিতা বিভিন্নখন চিকিৎসালয়ত চিকিৎসাৰ নামত ইতিমধ্যে বহুত টকা ব‍্যয় কৰিলে যদিও গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ ডাক্তৰে দুয়োটা কিডনী বিকল বুলি ঘোষণা কৰাৰ পিছত চিন্তাত পৰিছে পৰিয়ালটো।কাৰণ নতুন কিডনী সংস্থাপন কৰিলেহে সীমান্ত সুস্থ হৈ উঠিব, কিন্তু কিডনী নতুনকৈ সংস্থাপনৰ বাবে প্ৰয়োজন হৈছে কে'বালাখ টকাৰ। ব‍্যাক্তিগত প্ৰতিষ্ঠানত কাম কৰি পৰিয়ালটো পোহপাল দিয়া গোলোক কলিতাৰ মূৰত এতিয়া সৰগ ভাগি পৰিছে। একালৰ মেধা সম্পন্ন ছাত্ৰগৰাকীৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিভিন্ন দল সংগঠনৰ লগতে সু-হৃদয়বান লোকক সহায় কৰাৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। কোনোবাই সহায় কৰিব বিচাৰিলে সীমান্তৰ নামত থকা পাঞ্জাৱ নেচনেল বেংক,বৰাজোল শাখাত থকা 1386000100161409 একাউণ্ট নম্বৰ IFSC-PUNB 0138600 নম্বৰত সহায় কৰিব পাৰিব। নাইবা 9365000476 ফোন নম্বৰত যোগাযোগ কৰি পৰিয়ালটোক সহায় কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।নলবাৰী পৰা শংকৰ দাস ।

নলবাৰী ঘগ্ৰাপাৰৰ -ভিঠামহলৰ একালৰ এগৰাকী মেধা ছাত্ৰৰ দুয়োটা কিডনী বিকল**  *মুখ্যমন্ত্ৰী-বিধায়ক আৰু দল-সংগঠনক সহায়ৰ আহ্বান পৰিয়ালৰ* নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত  ভিঠামহল গাঁৱৰ একালৰ এগৰাকী মেধাসম্পন্ন  ছাত্ৰৰ দুয়োটা কিডনী বিকল হোৱাত পৰিয়ালটোলৈ ঘোৰ অমানিশা নামি আহিছে।ব‍্যাক্তিগত খণ্ডৰ এটা প্ৰতিষ্ঠানত বনুৱা হিচাপে কাম কৰি কোনো মতে পৰিয়াল ভৰণ-পোষণ দিয়া পিতৃ গোলোক কলিতা আৰু মাতৃ ৰীনা কলিতাৰ একমাত্ৰ পুত্ৰ সীমান্ত কলিতা বিভিন্নখন চিকিৎসালয়ত চিকিৎসাৰ নামত ইতিমধ্যে  বহুত টকা ব‍্যয় কৰিলে যদিও গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ  ডাক্তৰে দুয়োটা কিডনী বিকল বুলি ঘোষণা কৰাৰ পিছত চিন্তাত পৰিছে পৰিয়ালটো।কাৰণ নতুন কিডনী সংস্থাপন কৰিলেহে সীমান্ত সুস্থ হৈ উঠিব, কিন্তু কিডনী নতুনকৈ সংস্থাপনৰ বাবে প্ৰয়োজন হৈছে কে'বালাখ টকাৰ। ব‍্যাক্তিগত প্ৰতিষ্ঠানত কাম কৰি পৰিয়ালটো পোহপাল দিয়া গোলোক কলিতাৰ মূৰত এতিয়া সৰগ ভাগি পৰিছে। একালৰ মেধা সম্পন্ন ছাত্ৰগৰাকীৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিভিন্ন দল সংগঠনৰ লগতে সু-হৃদয়বান লোকক সহায় ক...

নাজিৰাত দিল্লী পাৱলিক স্কুলৰ দায়িত্ব সমাপনৰ সুন্দৰ অনুষ্ঠান সম্পন্ন

Image
নাজিৰাত দিল্লী পাৱলিক স্কুলৰ দায়িত্ব সমাপনৰ সুন্দৰ অনুষ্ঠান সম্পন্ন আজি নাজিৰাস্থিত দিল্লী পাৱলিক স্কুলৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰী সকলৰ নতুন সমিতিৰ দায়িত্ব সম্পন্ন হৈ যায় । এই উপলক্ষে অনুষ্ঠিত এক সুন্দৰ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে নাজিৰা অএনজিছিৰ উতপাদন বিভাগৰ প্ৰৱন্ধক । বিদ্যলয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ নিমানুবৰ্তিতা আৰু পৰিপাতিকৈ থাকি সুন্দৰ নীতি নিয়মেৰে আজি এই দায়িত্ব সমাপন অনুষ্ঠান অনুষ্ঠিত হৈ যায় । কৃপা আগৰৱালাক সভাপতি আৰু ৰুহিত কেডিয়া HEAD BOY আৰু অন্নেশা শইকীয়া HEAD GIRL হিচাবে নিৰ্বাচিত কৰে বিদ্যালয় কতৃপক্ষই  । বিদ্যালয়ৰ অধক্ষ পি এচ চৰকাৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰে অনুষ্ঠানটো সুন্দৰকৈ পৰিচালনা কৰাৰ বাবে । নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

জামুগুৰি বাৰেচহৰীয়া যুৱ সভাৰ শাখা সমিতি গঠন

Image
জামুগুৰি বাৰেচহৰীয়া যুৱ সভাৰ শাখা সমিতি গঠন  আধ্যাত্মিক মূল্যবোধ অবিহনে নৱ প্ৰজন্মক ড্ৰাগছ মুক্ত কৰিব নোৱাৰে  জামুগুৰিহাট,১৫ মাৰ্চ : ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ অন্যতম প্ৰাচীন-আধ্যাত্মিক তথা বৈদিক মাৰ্গৰে পৰিচালিত ধৰ্মীয় অনুষ্ঠান জামুগুৰি বাৰেচহৰীয়া ৰাইজ সভাৰ ভ্ৰাতৃ সংগঠন 'বাৰেচহৰীয়া যুৱ সভা'ৰ এটি শাখা কালি অৰ্থাৎ ১৪ মাৰ্চত বাঁহবৰীয়া সত্ৰ নামঘৰত গঠন কৰা হয়। সেই উপলক্ষে উক্ত দিনা সন্ধিয়া ৭ বজাত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে বাৰেচহৰীয়া ৰাইজ সভাৰ উপদেষ্টা জগত শইকীয়াই। আহ্বায়ক জিতু গোস্বামীয়ে আঁতধৰা সভাখনত বাৰেচহৰীয়া যুৱ সভাৰ উপদেষ্টা মিংকু কলিতা, জয়ন্ত দাস, সভাপতি সঞ্জীব ৰাজখোৱা, সম্পাদক হিৰকজ্যোতি বৰা, জ্যেষ্ঠ সদস্য জিতেন কলিতা, বাবলু কলিতা, বাৰেচহৰীয়া ৰাইজ সভাৰ প্ৰাক্তন সম্পাদক ভবিন্দ্ৰ ভূঞা উপস্থিত থাকে। উলেখযোগ্য যে কালি অঞ্চলটোৰ পাঁচখন অগ্ৰণী গাঁও ক্ৰমে চেচাসত্ৰ, বাঁহবৰীয়া সত্ৰ, দৌকাচাপৰি, কৰটিপাৰ আৰু বাঁহবৰীয়া গাঁৱৰ বৈদিক পন্থৰ যুৱকসকলক একত্ৰিত কৰি বাৰেচহৰীয়া যুৱ সভাৰ পাঁচগাও বাৰেচহৰীয়া যুৱ শাখা সমিতি  গঠন কৰা হয়। সভাত যুৱ সভাৰ লক্ষ্য-উদ্দেশ...

ৰাইদঙীয়াত সমুহীয়া বিবাহ সম্পন্ন≈≈ভাগ ল’লে ৩৮ দৰা, ৩৯ কইনাই#

# ৰাইদঙীয়াত সমুহীয়া বিবাহ সম্পন্ন≈≈ভাগ ল’লে ৩৮ দৰা, ৩৯ কইনাই# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ মাৰ্চঃ নগাঁৱৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰাইদঙীয়াত সোমবাৰে সমূহীয়া বিবাহ কাৰ্য সম্পন্ন কৰা হয় ৷ ৰাইদঙীয়াৰ নাহৰহটীয়া বৰ নামঘৰত স্থানীয় ৰাইজৰ সহযোগত নাহৰহটীয়া যুৱ সংঘই অনুষ্ঠিত কৰে এই বিবাহ কাৰ্য ৷ এই মৰ্মে, পুৱাৰে পৰা বৃহত্তৰ অঞ্চলটোত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হোৱাৰ বিপৰীতে ৰাইজৰ মংগল ধ্বনি তথা আয়তীৰ উৰুলি আৰু জাউৰিয়ে জাউৰিয়ে পৰিবেশিত বিয়ানামৰ অমিয়া সুৰে চৌপাশ মুখৰিত হৈ পৰে ৷ এই সমূহীয়া বিবাহ অনুষ্ঠানত সৰ্বমুঠ ৩৮ জন দৰা আৰু ৩৯ গৰাকী কইনাই অংশগ্ৰহণ কৰে ৷ ইয়াৰে এজন দৰাই দুুুগৰাকী কইনাৰ সৈতে এই সমুহীয়া বিবাহত ভাগ লয় ৷ আনকি আশী উৰ্ধ্বৰ ব্যক্তি আৰু ষাঠি উৰ্ধ্বৰ মহিলাও দৰা-কইনা হিচাপ ভাগ লৈ বিবাহস্থলী শুৱনি কৰে ৷ এইসকল দৰা-কইনাৰ সম্পূৰ্ণ পৰম্পৰা অটুট ৰাখি বৈদক পদ্ধতিৰে বিবাহ কাৰ্য সম্পন্ন কৰা হয় ৷ কোলাত কেচুৱা আৰু লগত নাতি-নাতিনীক লৈ দৰা-কইনা বিয়াত বহাৰ বিপৰীতে মাতৃ-কন্যাই একেলগে পৰম্পৰাগতভাৱে পানী তোলাৰ দৃশ্য আছিল বেছ মনোমোহা ৷ ইফালে, পুত্ৰ-বোৱাৰী, আৱাল-বৃদ্ধ-বনিতা সকলোয়ে নাছি-বাগি আনন্দত আত্মহাৰা হৈ পৰা দেখা য...

কাইলৈৰ পৰা বৰদোৱাৰ বিখ্যাত দৌলযাত্ৰা মহোৎসৱ≈≈দহ লক্ষাধিক ভক্তক আদৰিবলৈ সাজু বটদ্ৰৱাবাসী

Image
# কাইলৈৰ পৰা বৰদোৱাৰ বিখ্যাত দৌলযাত্ৰা মহোৎসৱ≈≈দহ লক্ষাধিক ভক্তক আদৰিবলৈ সাজু বটদ্ৰৱাবাসী নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ মাৰ্চঃঋতুৰাজ বসন্তৰ আগমনৰ লগে লগে প্রকৃতিয়ে নতুন ৰূপ ধাৰন কৰে। বসন্তৰ কালত পালন কৰা উৎসৱ সমূহৰ ভিতৰত দৌলযাত্রা উৎসৱ অন্যতম। জগত গুৰু শ্রীমন্ত শংকৰদেৱে বটদ্রৱাত পোন প্রথম বাৰৰ বাবে দৌল উৎসৱ পাতিছিল ৷ সেই ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণ ভাবে প্রতি বছৰে ফাল্গো পূৰ্নিমা তিথিত ১৬৫৬ খ্ৰীষ্টাব্দৰ পৰা এই মহোৎসৱ পালন কৰি অহা হৈছে ৷ তদ্ৰুপ এইবাৰো ১৭ মাৰ্চৰ পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰদোৱা থানত দৌল উৎসৱ পালন কৰা হ’ব । ইতিমধ্যে, থান পৰিচালনা সমিতিৰ তত্বাৱধানত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে ৷ থান চৌহদত প্রায় ১০ লক্ষাধিক তীৰ্থযাত্রীক আদৰিবলৈ সাজু হৈছে থান পৰিচালনা সমিতি। অহা ১৭ ৰ্মাচত গন্ধোৎসৱৰ সন্ধ্যা গোসাঁইক গায়ন-বায়ন আৰু ভক্তসবে গীত গাই-বাই থানৰ ৰভাতলত স্থাপন কৰিব । পিছত ৰভাৰ তলত স্নান কাৰ্য সম্পাদনৰ পাছত গন্ধ তেলেৰে নোৱাই গোসাঁইক নতু্ন বস্ত্র পিন্ধোৱা হ'ব আৰু গায়ন বায়নে ‘ৰাম ধেমালী’ পৰিবেশন কৰিব । ইয়াৰ পাছদিনা অৰ্থাৎ ১৮ ৰ্মাচত ‘গোসাঁই মুৰত ফাকু ...

এহ গৰু মাৰিলে বাঘৰো মৰণ, চৰাঞ্চলৰ ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত ভূ-মাফিয়া গ্ৰেপ্তাৰ*

Image
*এহ গৰু মাৰিলে বাঘৰো মৰণ, চৰাঞ্চলৰ ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত ভূ-মাফিয়া গ্ৰেপ্তাৰ* ধৰ্ষণ কাণ্ডৰ লগত জড়িত  কুখ্যাত আবু তাহেৰক গ্ৰেপ্তাৰ কৰে ভেলুগুৰি থানাৰ আৰক্ষীয়ে। ধৰ্ষণ, ভূ-মাফিয়া,তথা গুন্ডাগিৰীৰ বাবে চৰত জনাজাত এইজন আবু তাহেৰ। অভিযোগ অনুসৰি আবু তাহেৰ নামৰ ব্যক্তি জনে বহু দিনৰ পৰা গৰৈমাৰী আৰু টেঙাতুলি চৰত গুণ্ডা গিৰী কৰি এক আতংকময় পৰিবেশৰ সৃষ্টি কৰি আহিছিল। চৰাঞ্চলৰ ৰাইজৰ মাটি গুণ্ডা বাহিনী লগাই উচ্ছেদ কৰা, মহিলা সকলক নানান নিৰ্যাতন কৰা, গুণ্ডা বাহিনী হতুৱাই মাৰপিট কৰাৰ দৰে বহুতো অভিযোগ আছে  ভেলুগুৰি থানাত।  আবু তাহেৰ ইমান দিনে আৰক্ষীৰ চকুত ধূলি দি পলাই  থাকিবলৈ সক্ষম হৈছিল। কিন্তু কালি ভেলুগুৰি থানাৰ আৰক্ষী বিষয়া মুক্তাব আলি বৰাৰ নেতৃত্বত এদল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আবু তাহেৰক। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

কৃষ্ণাইৰ পশ্চিম দায়ৰঙত তিনিদিনীয়া কাৰ্যসূচীৰে বায়খো মহোৎসৱ আৰম্ভ

Image
---------- গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পশ্চিম দায়ৰঙৰ আই বায়খো ধামত আজিৰে পৰা আৰম্ভ হৈছে ৰাভা জনগোষ্ঠীয় লোক সকলে পৰম্পৰাগতভাৱে উৎযাপন কৰি অহা জাতীয় উৎসৱ ‘’বায়খো’’ ৷ তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত উৎসৱৰ প্ৰথম দিনা পুৱা বায়খো দেৱী আৰু অন্যান্য দেৱ-দেৱীৰ পূজা অৰ্চনাৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদৌ ৰাভা কৃষ্টি সন্মিলনৰ উপদেষ্টা ভৱেন ৰাভা দয়নাঙে। আবেলি ৪ বজাত অনুষ্ঠিত হয় বায়খো উৎসৱৰ এক অন্যতম জনপ্ৰিয় অনুষ্ঠান কিল্লাভঙা  সন্ধিয়া বায়খো উৎসৱৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠান জ্বলন্ত অঙঠাৰ ওপৰত কৰা নৃত্য অনুষ্ঠিত হয়।অনুষ্ঠানটি শুভাৰম্ভ কৰে ষষ্ঠ অনুসূচী দাবী সমিতিৰ জিৰা আঞ্চলিক সমিতিৰ সভাপতি মুকুল ৰাভাই ৷ ৰাভা ভাষাত এই নৃত্যক ‘’বাৰ নাকায়’’ বুলি কোৱা হয়। অনুষ্ঠানত প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভা,ৰাভা হাছং স্বায়ত্ত পৰিষদৰ প্ৰাক্তন অধ্যাক্ষ তৰুণ চন্দ্ৰ ৰাভা,ৰাভা জাতীয় যুৱ পৰিষদৰ সম্পাদক প্ৰফুল্ল ৰংখ আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অতিথি হিচাপে উপস্থিত থাকে।নিশা ৯ বজাত প্ৰতিযোগিতামূলক সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে দুধনৈ মহাবিদ্যালয়ৰ অধ্যাপক ৰাজা ৰাম ৰাভাই। আজি পুৱা নাম-কীৰ্তন...

চেন্নাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰলৈ আমন্ত্ৰিত কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকা

Image
চেন্নাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰলৈ আমন্ত্ৰিত কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকা -------------- চেন্নাইত অৱস্থিত ইণ্ডিয়ান  ইন্সটিটিউট অব টেকন’লজিত বিগত ৬ মাৰ্চৰ পৰা ৮ মাৰ্চলৈ অনুষ্ঠিত "২০৪৭ ৰ কাল্পনিক ভাৰত" (Imagine India @ 2047) শীৰ্ষক আলোচনাচক্ৰলৈ আমন্ত্ৰিত হয় অসমৰ সুসন্তান দক্ষ প্ৰশাসনিক বিষয়া তথা বৰ্তমান কোকৰাঝাৰ জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত বৰ্ণালী ডেকা ৷  উল্লেখ‍্য যে সভাত দেশৰ উচ্চস্তৰীয় বিজ্ঞানী, শিক্ষাবিদ আৰু উদ্যোগপতি সকলকো আমন্ত্ৰণ জনোৱা হৈছিল। সভালৈ আমন্ত্ৰিত একমাত্ৰ ভাৰতীয় প্ৰশাসনিক বিষয়া  বৰ্ণালী ডেকাই প্ৰশাসনিক ক্ষেত্ৰত প্ৰযুক্তি বিজ্ঞানৰ ব্যৱহাৰিক দিশটোৰ বিষয়ে নিজৰ অভিজ্ঞতাপূৰ্ণ যুক্তিৰে শক্তিশালী মতামত দাঙি ধৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই  Multi-stakeholder symposiumৰ আলোচনাচক্ৰখনিত বিকেন্দ্ৰীকৃত প্ৰশাসনিক সেৱাত প্ৰযুক্তি বিজ্ঞানৰ বহুল অৰিহণাই ভৱিষ্যতৰ ভাৰতবৰ্ষক দুগুণে উজ্বলাই তুলিব বুলি ডেকাই তৈথ‍্যভিত্তিক মত পোষণ কৰে। উপায়ুক্ত বৰ্ণালী ডেকাৰ এই কৃতিত্বই অসমৰ বিদ্যোৎ মহলক গৌৰাৱাম্বিত কৰি তুলিছে।  কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ ন...

শ্ৰী শ্ৰীকুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰৰ অভিষেক আৰু নিৰ্মালী প্ৰদান অনুষ্ঠান সম্পন্ন

# শ্ৰী শ্ৰীকুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰৰ অভিষেক আৰু নিৰ্মালী প্ৰদান অনুষ্ঠান সম্পন্ন# নগাঁৱৰ পৰা জয়ন্ত মুদৈ,৭ মাৰ্চঃ স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালত প্ৰত্যক্ষ ৰাজপৃষ্ঠপোষকতাত প্ৰতিষ্ঠিত অসমৰ চাৰি সত্ৰৰ আদি সত্ৰ হৈছে শ্ৰী শ্ৰীকুৰুৱাবাহী সত্ৰ ৷ সত্ৰৰ পৰম্পৰা অনুসৰি গোলাঘাট জিলাৰ বোকাখাটস্থিত কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ গোপাল চন্দ্ৰ দেৱগোস্বামীৰ বৈকুণ্ঠগামী হোৱাত জ্যেষ্ঠতাৰ ভিত্তিত তেওঁৰ উত্তৰসুৰি হিচাপে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ হাতীচোং মৌজাৰ কুৰুৱাবাহী সত্ৰৰ লাৰুগোপাল গোস্বামীয়ে সত্ৰাধিকাৰৰ দায়িত্ব লাভ কৰিছে । সেয়ে পৰম্পৰা অনুযায়ী লাৰুগোপাল গোস্বামীৰ সত্ৰাধিকাৰৰূপে অভিষেক তথা নিৰ্মালী প্ৰদানৰ অনুষ্ঠানভাগ সোমবাৰে বেবেজীয়াৰ সমীপৰ কুৰুৱাবাহী সত্ৰৰ মূল নামঘৰত সত্ৰখনৰ সমূহ ভকত-বৈষ্ণৱ, শিষ্য তথা ৰাইজে উলহ-মালহৰে অনুষ্ঠিত কৰে । উক্ত মাংগলিক নিৰ্মালি প্ৰদান অনুষ্ঠানভাগ মাজুলীৰ শ্ৰী শ্ৰীদক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়ে সম্পাদন কৰে । অনুষ্ঠানত ডিমৌৰ শ্ৰী শ্ৰীমাহৰা সত্ৰৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক জীৱেশ্বৰ দেৱগোস্বামী, মাজ জাজৰিৰ আঁহতগুৰি নুমলি সত্ৰৰ সত্...

চল্লিচ পঞ্চাশ লাখ টকাৰ গাড়ী কেজিৰ ভাৱত বিক্ৰী হৈ আছে এইখন অসমতে

Image
চল্লিচ পঞ্চাশ লাখ টকাৰ গাড়ী কেজিৰ ভাৱত বিক্ৰী হৈ আছে এইখন অসমতে । শুনি হয়তো আচৰিত লাগিলেও এয়াই সত্য । মাংস ব্যবসায়ীৰ লেখীয়া  গাড়ীৰ চকা ,ইঞ্জিন আৰু  লোৰ ভাগে ভাগে দৰ  ।পিছে গাড়ীৰ চোৰাং ব্যবসায়ীক বিছাৰি বহু দুৰলৈ যাব নালাগে । মুখ্যমন্ত্ৰীৰ গৃহ  সমষ্টিৰ উত্তৰ গুৱাহাটী চিলা চকীগেটত আছে এই চোৰাং গাড়ীৰ বেহা । এক ষ্ট্ৰিং অপাৰেচনত ধৰা পৰিছে গাড়ীৰ কে জি   ভাওৰ ঘাটি । উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী থানাৰ পৰা চকীগেটলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিতআছে ৩২টাকৈ অধিক ডেম্প । এই ডেম্পৰ বেশত থকা এই সকল লো ব্যবসায়ীয়েই চলাই আহিছে চোৰাং গাড়ীৰ বেহা । প্ৰথমে শুনাব বিছাৰিছো গোপনে সংগ্ৰহ কৰা চোৰাং ব্যবসীয়ৰ ভাষ্য ।  BYTE :  কোনো দুৰৈৰ কথা নহয় ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ দৃশ্য এয়া ।  কেনেদৰে ব্যয়বহুল গাড়ী চুৰি কৰি পানীৰ দৰত বিক্ৰী কৰি আহিছে চাওক । ভিজুৱেলত দেখা এই মহিলা গৰাকীৰ স্বামী হুছেইন হল চোৰাং গাড়ী ব্যবসায়ীৰ মাষ্টাৰ মাইণ্ড । মেঘালয়ৰ কুখ্যাত চোৰাং ব্যবসায়ীৰ সতে আছে হুছেইনৰ সম্পৰ্ক । অলপতে  হুছেইনৰ লগতে এজন চোৰাং গাড়ী ব্যবসায়ী ছুলেমান আলিক ৰাইজৰ খবৰৰ ভিত্তিত গ্...

পৌৰ সভাৰ নিৰ্বাচনত উত্তৰ গুৱাহাটী পৌৰ সভাত কংগ্ৰেছক ধৰাশয়ী কৰি আটাই কেইখন আসন দখলৰ পিছত আনন্দৰলহৰ উঠিল আমিনগাঁৱত

Image
পৌৰ সভাৰ নিৰ্বাচনত উত্তৰ গুৱাহাটী পৌৰ সভাত কংগ্ৰেছক ধৰাশয়ী কৰি আটাই কেইখন আসন দখলৰ পিছত আনন্দৰলহৰ উঠিল আমিনগাঁৱত । সাতখন আসন বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ পিছত তিনি ৱাৰ্ডত বিজেপি প্ৰাৰ্থীয়ে নিৰ্বাচনত অবতীৰ্ণ হৈছিল আৰু তিনি ৱাৰ্ডতো বিজেপি জয়ী হোৱাত উলাহে নধৰা হৈ পৰিছে জালুকবাৰী বিজেপিত । চাৰি নং ৱাৰ্ডত তিলক দাস ,সাত নং ৱাৰ্ডত অমিয়া দাস আৰু আঠ নং ৱাৰ্ডত মানবী বৰুৱাই শেষ হাঁহি মাৰিলে । এশ শতাংশ বিজয়ৰে বিজেপি দলীয় কৰ্মীয়ে আমিন গাঁৱত উলিয়ালে বিজয় উৎসব । বেন্দপাৰ্টিৰ তালে তালে নাচোনৰ লহৰ আমিন গাঁৱত  । ৮নং ৱাৰ্ডৰ অমিয়া হাজৰিকাক এনেদেৰে আদৰিলে দলীয় কৰ্মীয় অনুৰাগীয়ে ।  লয়াৰ আছাম ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

সাংবাদিক আফতাপ হুছেইনক MSF ৰাষ্ট্ৰীয় সংগঠনে প্ৰদান কৰিলে ৰাষ্ট্ৰীয় বটা

Image
সাংবাদিক আফতাপ হুছেইনক MSF ৰাষ্ট্ৰীয়  সংগঠনে প্ৰদান কৰিলে ৰাষ্ট্ৰীয় বটা  মৰিগাৱঁ জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত  ছাতিয়ান তলি গাৱঁত জন্ম গ্ৰহন কৰা ,বিগত ২০ বছৰ ধৰি সংবাদ মাধ্যমৰ লগত জৰিত থকা আফতাপ হুছেইনক ৰাষ্ট্ৰীয় বটাৰে সন্মিত কৰিলে ৰাষ্ট্ৰীয় সংগঠন MSF য়ে । উল্লেখ্য যে  সাংবাদিক আফতাপ হুছেইন মহাবিদ্যালয়ত পঢ়ি থকা অৱস্হাতে সাংবাদিকতা আৰম্ভ কৰি অতিকৈ পিছপৰা  লাহৰীঘাট অঞ্চলৰ সমস্যা,অসামাজিক কাৰ্য-কালাপৰ বিৰুদ্ধে, জনসাধাৰণৰ জীৱন নিৰ্বাহৰ বাস্তব ছবি অসমৰ লগতে  সমগ্ৰ ভাৰতৰ্বষতে দাঙি ধৰিবলৈ সক্ষম হৈছে বাতৰি পৰিবশনৰ জৰিয়তে ।তাৰ উপৰি ২০২১ চনৰ জানুবাৰী মাহত মৰিগাৱঁ জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বৰছলা,নগাবন্ধা আৰু ৰজাগাধুৱা গাৱঁৰ আৰু নাগাৱঁ জিলাৰ কামপুৰ থানাৰ অৰ্ন্তগত কচুৱাৰ গাৱঁৰ ১২জনকৈ শ্ৰমিকক অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা নদীত এটা দুষ্ট চক্ৰই বিক্ৰি কৰিছিল।  সাংবাদিক আফতাপ হুছেইনে  অসমৰ এজনো আৰক্ষী নোহোৱাকৈ জীৱন -মৰণৰ কথা চিন্তা নকৰাকৈ অন্ধ্ৰপ্ৰদেশৰ নদীৰ পৰা উদ্ধাৰ কৰি নিজৰ নিজৰ ঘৰত জমজাই দিয়ে। এনে ধৰণৰ সামাজিক কাম আৰু মানুহৰ জীৱন ৰক্ষা কৰ...

ৰাজ্যজুৰি গ্লোৱেল এডুকেশ্যনেল স্পৰ্টছ এণ্ড কালচাৰেল অৰগেনাইজেশ্যনৰ উদ্যোগত নাৰী দিৱস পালন

Image
ৰাজ্যজুৰি গ্লোৱেল এডুকেশ্যনেল স্পৰ্টছ এণ্ড কালচাৰেল অৰগেনাইজেশ্যনৰ উদ্যোগত নাৰী দিৱস পালন গুৱাহাটী : যোৱা ৮ মাৰ্চত সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো পালন কৰা হ'ল আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে গুৱাহাটীৰ পৰা পৰিচালিত global educational, sports and cultural organizatiin নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ ৰাজ্যৰ ভিন্ন জিলাত থকা শাখা সংস্থাসমূহেও নাৰী দিৱস উদযাপন কৰে। সংগঠনটোৱে গুৱাহাটীৰ ভেটাপাৰা, নগাঁৱৰ নামকৰৈয়নী, চৰাইদেউৰ ৰাঙলী আদি ঠাইত নাৰী দিৱসটি ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে বুলি সভাপতি সমৰ বসুমতাৰীয়ে জানিবলৈ দিছে। স্বেচ্ছাসেৱী সংস্থাটোৰ ভিন্ন শাখাই নাৰী সৱলীকৰণৰ ওপৰত সজাগতা সভাৰ লগতে বহুতোবকাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখ্য যে global educational, sports and cultural organization নামৰ সংগঠনটোৱে ২০১০ চনৰ পৰাই সম্পূৰ্ণ নিজা প্ৰচেষ্টাত সামাজিক কাম-কাজ সম্পন্ন কৰি আহিছে।

অসম অসামৰিক বিষয়া বিভাস মেধিক প্ৰহাৰৰ ঘটনাক লৈ ৰঙিয়া মহকুমাত প্ৰতিবাদ

Image
অসম অসামৰিক বিষয়া বিভাস মেধিক প্ৰহাৰৰ ঘটনাক লৈ ৰঙিয়া মহকুমাত প্ৰতিবাদ  প্ৰতিবেদক, ৰঙিয়া, ১০ মাৰ্চঃ সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ লহকৰে দক্ষিণ শালমাৰা- মানকাচৰৰ নিৰ্বাচনী বিষয়া বিভাস মেধিক প্ৰহাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি  ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ শাস্তি বিচাৰি আজি ৰঙিয়াত মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ৰঙিয়া মহকুমাৰ অসম অসামৰিক বিষয়া সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে । ইতিমধ্যে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সন্মুখত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিৎ লহকৰক গ্ৰেপ্তাৰ কৰক, প্ৰাণজিৎ লহকৰক নিলম্বিত কৰক, বিভাস মেধিক ন্যায় দিয়ক, আমি বিভাস মেধিৰ লগত আছো আদি শ্লোগান লিখা প্লে’ কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।আনহাতে ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত জাৱীৰ ৰাহুল সুৰেশৰ জৰিয়তে ৰাজ্য চৰকাৰৰ মুখ্য সচিব, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অধ্যক্ষ সচিব, আৰক্ষী সঞ্চালক প্ৰধান, মুখ্যমন্ত্ৰীৰ সচিব প্ৰধান, ৰাজ্যিক আৰক্ষী লেখানুদান বিভাগৰ অধ্যক্ষ আৰু অসম মানৱ অধিকাৰ আয়োগৰ সচিবলৈকে উপযুক্ত ন্যায় বিচাৰি স্মাৰ...

কৰৰাত অনুষ্ঠিত হ'ব ৬৮ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছয়খন খেল

Image
কৰৰাত অনুষ্ঠিত হ'ব ৬৮ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছয়খন খেল  ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদঃ ১০ মাৰ্চ:কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ আমন্ত্ৰণক্ৰমে গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু কৰৰা ইয়ুথ এথলেটিকছ ক্লাৱৰ সহযোগত ৬৮ তম ভাৰত ৰত্ন গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাখনি অহা ২৪ মাৰ্চৰ পৰা ৩১ মাৰ্চ'২০২২ লৈকে ৰঙিয়া মহকুমাৰ অন্তৰ্গত কৰৰা মিনি ষ্টেডিয়ামত অনুষ্ঠিত হব। কৰৰা ইয়ুথ এথলেটিকছ ক্লাৱৰ কৰ্মকৰ্তাই জানিবলৈ দিয়ে যে অহা ২৪, ২৬,২৭,২৯,৩০ আৰু ৩১ মাৰ্চৰ আবেলি ৩.০০ বজাৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দিল্লী এফচি, অসম ৰাইফলছ (শ্বিলং),অসম পুলিচ ব্লুজ (গুৱাহাটী), আৰু দৈমালু ক্লাৱ (ওডালগুৰি) এই চাৰিটা ফুটবল দলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হব । উদ্যোক্তা সকলৰ পৰা জানিব পৰা গৈছে যে খেল উপভোগ কৰাৰ বাবে আগতীয়াকৈ টিকট লাভ কৰাৰ সুবিধা উপলব্ধ আছে।

পুৰাতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত নাজিৰাত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ

Image
পুৰাতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত নাজিৰাত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ। মুখ্য অতিথি অসমবিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী  চৰকাৰৰ পুৰাতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত আৰু নাজিৰা মহকুমা প্ৰশাসনৰ সহযোগত  আজি *'অসমৰ চৰাইদেউ জিলাৰ আহোম মৈদামসমূহৰ গুৰুত্ব, পবিত্ৰতা আৰু মূল্য-আধাৰিত ব্যৱস্থাপনা' (Importance, Sacred Landscape and Value-Based Management of the Ahom Moidams of Charaideo in Assam, India)* শীৰ্ষক বিষয়ত এখনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুস্থিত।আজি  নাজিৰাৰ অ'এনজিচি প্ৰেক্ষাগৃহত অনুস্থিত আলোচনা চক্ৰখনিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিধান সভাৰ  অধ্যক্ষ বিশ্বজিৎ দৈমাৰী লগতে কেইবাগৰাকীও  মন্ত্ৰী-বিধায়ক উপস্থিত থাকে।ঐতিহাসিক তথা পৌৰাণিক সমল তথা সম্পদ সমূহ সংৰক্ষণৰ ওপৰত আলোচনাত কৰা হয় এই আলোচনা চক্ৰত।পৌৰাণিক সমল তথা সম্পদ সমূহ "বিশ্ব ঐতিহ্য"(World Heritage) অন্তভুক্ত কৰাৰ প্ৰচেষ্টা চলাইছে অসম চৰকাৰৰ পুৰাতত্ত্ব,প্ৰত্নতত্ত্ব সঞ্চালকালয়ে।ইয়াৰ উপৰিও পুৰাতত্ত্ব,প্ৰত্নতত্ত্ব সঞ্চালকালয়ে পৌৰাণিক যুগৰ বিভিন্ন ঘটনা-পৰিঘটনা সম্পৰ্...