মানকাচৰ বৈদ্যুতিক উপ সংমণ্ডলত চলিছে চৰম অৰাজকতা।

মানকাচৰ বৈদ্যুতিক উপ সংমণ্ডলত চলিছে চৰম অৰাজকতা। 

২৪ ঘণ্টাৰ ভিতৰত মাথোঁ তিনি চাৰি ঘণ্টা বিদ্যুৎ যোগান দিয়াৰ অভিযোগ৷ 

দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ৩০ মাৰ্চঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ বৈদ্যুতিক উপ সংমণ্ডলত চলিছে চৰম অৰাজকতা৷ বৈদ্যুতিক উপ সংমণ্ডলৰ বিষয়া কৰ্মচাৰীৰ মৈমতালিয়ে জলাকলা খুৱাইছে জিলাবাসীক৷ ২৪ ঘণ্টাৰ ভিতৰত মাথোঁ তিনি চাৰি ঘণ্টা হে বিদ্যুত পায় উপভোক্তাই তথাপি একেবাৰে কম ভল্টেজত বিদ্যুত যোগান ধৰাৰ বাবে অতিষ্ঠ হৈ পৰিছে জিলা খনৰ সাধাৰণ ৰাইজ।

সময় মতে বিদ্যুৎ যোগান নিদিয়াত আৰু কম ভল্টেজৰ বাবে বিদ্যুতেৰে চলোৱা সকলো ব্যৱসায় বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে। লগতে পৰিক্ষা চলি থকাত ছাত্ৰ ছাত্ৰীয়ে লেম্প আৰু চাকি জ্বলাই পঢ়া শুনা কৰিব লগা হৈছে। মুঠৰ ওপৰত বিদ্যুতৰ লুকাভাকুয়ে যমৰ যাতনা ভোগাইছে জিলাবাসীক৷ 
ৰাইজে মানকাচৰ বৈদ্যুতিক উপ সংমণ্ডলৰ বিষয়া কৰ্মচাৰী সকলক বাৰে বাৰে জনোৱাৰ পিছতো কান সাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে জিলা আমছুৰ সাধাৰণ সম্পাদক ফিৰোজ আলফাৰুক খন্দকাৰে৷ ৰাইজৰ সকলো অভিযোগ নস্যাৎ কৰি দীৰ্ঘ দিনৰ পৰা চলাই আছে এনে চৰম অৰাজকতা৷
এইক্ষেত্ৰত নিৰব ভুমিকা পালন কৰি আছে জিলা প্ৰশাসনৰ লগতে জনপ্ৰতিনিধি সকলে৷

দক্ষিণ শালমাৰা মানকাচৰ জিলা আমছুৰ সাধাৰণ সম্পাদক ফিৰোজ আল ফাৰুক খন্দকাৰে বৈদ্যুতিক উপ সংমণ্ডলটোৰ বিষয়াক সংবাদ মাধ্যমৰ যোগেদি সকিয়নি প্ৰদান কৰি কয়, অহা দহ দিনৰ ভিতৰত বিদ্যুতৰ সমস্যা সমাধান নহ'লে জিলাবাসী ৰাইজৰ সহযোগত গণতান্ত্ৰিক ভাবে আন্দোলনৰ ধাৰাবাহিক কাৰ্যসূচী হাতত লোৱা হ'ব বুলি জানিবলৈ দিয়ে৷ এই ক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত হে হব লক্ষণীয় বিষয়৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা