শ্ৰী শ্ৰীকুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰৰ অভিষেক আৰু নিৰ্মালী প্ৰদান অনুষ্ঠান সম্পন্ন

# শ্ৰী শ্ৰীকুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰৰ অভিষেক আৰু নিৰ্মালী প্ৰদান অনুষ্ঠান সম্পন্ন#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ,৭ মাৰ্চঃ স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালত প্ৰত্যক্ষ ৰাজপৃষ্ঠপোষকতাত প্ৰতিষ্ঠিত অসমৰ চাৰি সত্ৰৰ আদি সত্ৰ হৈছে শ্ৰী শ্ৰীকুৰুৱাবাহী সত্ৰ ৷ সত্ৰৰ পৰম্পৰা অনুসৰি গোলাঘাট জিলাৰ বোকাখাটস্থিত কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ গোপাল চন্দ্ৰ দেৱগোস্বামীৰ বৈকুণ্ঠগামী হোৱাত জ্যেষ্ঠতাৰ ভিত্তিত তেওঁৰ উত্তৰসুৰি হিচাপে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ হাতীচোং মৌজাৰ কুৰুৱাবাহী সত্ৰৰ লাৰুগোপাল গোস্বামীয়ে সত্ৰাধিকাৰৰ দায়িত্ব লাভ কৰিছে । সেয়ে পৰম্পৰা অনুযায়ী লাৰুগোপাল গোস্বামীৰ সত্ৰাধিকাৰৰূপে অভিষেক তথা নিৰ্মালী প্ৰদানৰ অনুষ্ঠানভাগ সোমবাৰে বেবেজীয়াৰ সমীপৰ কুৰুৱাবাহী সত্ৰৰ মূল নামঘৰত সত্ৰখনৰ সমূহ ভকত-বৈষ্ণৱ, শিষ্য তথা ৰাইজে উলহ-মালহৰে অনুষ্ঠিত কৰে । উক্ত মাংগলিক নিৰ্মালি প্ৰদান অনুষ্ঠানভাগ মাজুলীৰ শ্ৰী শ্ৰীদক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়ে সম্পাদন কৰে । অনুষ্ঠানত ডিমৌৰ শ্ৰী শ্ৰীমাহৰা সত্ৰৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক জীৱেশ্বৰ দেৱগোস্বামী, মাজ জাজৰিৰ আঁহতগুৰি নুমলি সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামী, উৰিয়াগাঁও কৰচোং সত্ৰৰ তত্ত্বাবধায়ক কীৰ্তি গোস্বামী, শ্ৰী শ্ৰীব্ৰহ্মচাৰী সত্ৰৰ সৰুভাগৰ সত্ৰীয়া তথা ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শৈলেন্দ্ৰ গোস্বামী, চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জগন্নাথ গোস্বামী, বোকাখাটৰ সত্ৰীয়া বিদ্যানন্দ গোস্বামী, প্ৰনৱ গোস্বামী, বোকাখাটৰ শ্ৰী শ্ৰীকুৰুৱাবাহী সত্ৰ পৰিচালনা সমিতিৰ সভাপতি খৰ্গেশ্বৰ বৰা আৰু সম্পাদক প্ৰশান্ত শৰ্মা উপস্থিত থাকি সহযোগিতা আগবঢ়াই । তদুপৰি অভিষেক অনুষ্ঠান আয়োজক সমিতিৰ বিষয়-ববীয়া নাৰায়ণ গোস্বামী, হীৰক গোস্বামী, কমল ফুকন, শুকুৰাম বৰুৱা, পুষ্প বৰা, মিণ্টু বৰা, মৃদুপৱন বৰঠাকুৰ, নিপন শৰ্মা, মৃদুপৱন বৰা, দীপাংকৰ কাকতি, কমলমনি বৰা, সাৰংগ গোস্বামী, ৰিতুৰাজ বৰঠাকুৰ, অঞ্জলি গোস্বামী, ৰীণা ফুকন আৰু আৰতি বৰা আদিয়েও বিভিন্ন দিশত আগ-ভাগ লয় । উক্ত মাংগলিক কাৰ্যসূচীৰ পিছতে কুৰুৱাবাহীৰ মহিলা দল আৰু জোনমণি শইকীয়াই বৰগীত, স্নেহা শইকীয়া আৰু গীতালি দাসে সত্ৰীয়া নৃত্য, বোকাখাটৰ কুৰুৱাবাহীৰ ভকত-বৈষ্ণৱসকলৰ দ্বাৰা থিয়(উঠা)নাম আৰু নগাঁৱৰ কুৰুৱাবাহীৰ মহিলাসকলৰ দ্বাৰা দিহা নাম আদি পৰিৱেশন  কৰা হয়। অঞ্চলটোৰ তিনিশৰো অধিক শিষ্য তথা ভকত-বৈষ্ণৱে ভাগ লোৱা অনুষ্ঠানৰ আৰম্ভণিতে নগাঁৱৰ শ্ৰীশ্ৰীকুৰুৱাবাহী সত্ৰ পৰিচালনা সমিতিয়ে অভ্যাগতসকলক সাদৰ সম্ভাষণ জনায় ৷ উল্লেখ্য যে, বোকাখাটস্থিত কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ গোপাল চন্দ্ৰ দেৱগোস্বামীৰ বৈকুণ্ঠগামী হোৱাত সত্ৰৰ মূল বিগ্ৰহ শ্ৰীশ্ৰীমদন গোপাল মহাপ্ৰভূক মাংগলিক কাৰ্যসূচীৰে যোৱা ১০ ফেব্ৰুৱাৰীৰ দিনা নগাঁও জিলাৰ হাতীচোং মৌজাৰ কুৰুৱাবাহী সত্ৰলৈ প্ৰত্যাৱৰ্তন কৰা হৈছিল ৷
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা