চি কে নাইডু ট্ৰফীত উজ্বলি উঠিছে বৰপেটাৰ ডেনিছ দাস

# চি কে নাইডু ট্ৰফীত উজ্বলি উঠিছে বৰপেটাৰ ডেনিছ দাস #


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৩০ মাৰ্চঃ গুজৰাটৰ ৰাজকোটত চলি থকা কৰ্ণেল চি কে নাইডু অনুৰ্ধ্ব ২৫ বছৰ ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাত বৰপেটাৰ ডেনিছ দাসে এই মূহুৰ্তলৈকে দুখন মেছত দুটাকৈ শতৰাণ অৰ্জন কৰি সুনাম কঢ়িয়বলৈ সক্ষম হৈছে। বৰপেটাৰ বিলৰতাৰীহাটীৰ খেলুৱৈ গৰাকীয়ে ছত্তিছগড়ৰ বিপক্ষে অসমৰ অনুৰ্ধ্ব ২৫ বছৰীয়া দলটোৰ হৈ প্ৰথম ইনিংছত কালি ১২ টাকৈ বাউণ্ডেৰী সহ ১২৮ টা বলত দুৰ্দান্ত ১০২ ৰানৰ ইনিংছ উপহাৰ দি আউট হয়। তেওঁৰ লগতে সৌৰভ সাহাই ৯১ ৰান সংগ্ৰহ কৰিছিল। উল্লেখযোগ্য যে, এইখন মেছত ডেনিছ আৰু সৌৰভৰ বাহিৰে বাকীসকল বেটছমেনে চৰম বেটি ব্যৰ্থতা প্ৰদৰ্শন কৰে। ডেনিছে দৰ্শনীয় বেটিঙেৰে অসম দলটোৰ সন্মান ৰক্ষা কৰিছিল। ডেনিছ আৰু সৌৰভে অকলে মিলি অসম দলৰ ৰান সংখা কৰিছিল ১৯৩ । অতিৰিক্ত ৰান আহে ১৪ আৰু অসমৰ প্ৰথম ইনিংছত ৰান সংগ্ৰহ হয়গৈ ২৬০ । লক্ষনীয়ভাৱে ডেনিছ আৰু সৌৰভৰ বাহিৰে বাকী ৯ গৰাকী বেটছমেনৰ পৰা ৰান আহে মাত্ৰ ৫৩ ৰান। বৰ্তমান বৰপেটাৰ ক্লাৱ ত্ৰিৰংগ'ৰ খেলুৱৈ ডেনিছ দাসে প্ৰথম খন মেছতো পুডুছেৰীৰ বিপক্ষে প্ৰথম ইনিংছত ১৪৪ বলত ১৭ টা বাউণ্ডেৰী কোবাই ১১০ ৰানৰ দুৰ্দান্ত ইনিংছ উপহাৰ দিছিল যদিও বাকী বেটছমেনৰ বেটিং বিপৰ্যয়ৰ ফলস্বৰূপে অসম পৰাস্ত হ'ব লগীয়া হৈছিল । উল্লেখ্য যে, চলিত চিজনত ডেনিছে প্ৰথম বাৰৰ বাবে ৰঞ্জী দলত অভিষেক ঘটাইছিল। তাৰ পিছত ডেনিছে চি কে নাইডু ট্ৰফীৰ বাবে অসম দলত অৰ্ন্তভুক্ত হয় । অসমৰ হৈ দৰ্শনীয় বেটিং দক্ষতাৰে ৰাজ্য তথা বৰপেটাৰ সুনাম অৰ্জন কঢ়িওৱা বাবে ডেনিছলৈ বৰপেটাবাসীয়ে  অভিনন্দন জনোৱাৰ লগতে পৰৱৰ্তী মেছ সমুহতো এই দক্ষতা অব্যাহত থাকিব বুলি আশা কৰিছে। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা