নিশা দুলীয়াজানৰ টেঙাখাতত ভয়ংকৰ অগ্নিকাণ্ড/জুইত ভস্মীভূত ১৭ খন ব্যৱসায়িক প্ৰতিষ্ঠান, ৩ টা বাসগৃহ/১০ টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ/ডেৰ কোটিৰ টকাৰ ক্ষতিসাধন

নিশা দুলীয়াজানৰ টেঙাখাতত ভয়ংকৰ অগ্নিকাণ্ড/জুইত ভস্মীভূত ১৭ খন ব্যৱসায়িক প্ৰতিষ্ঠান, ৩ টা বাসগৃহ/১০ টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ/ডেৰ কোটিৰ টকাৰ ক্ষতিসাধন 

প্ৰতিবেদ ডিব্ৰুগড় আজি নিশা প্ৰায় ২-৩০ মান বজাত টেঙাখাতৰ মাজ মজিয়াত
ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । অগ্নিকাণ্ডত ১০টাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ লেলিহান শিখাই নিমিষতে ১৭ খনকৈ ব্যৱসায়ী প্ৰতিষ্ঠানৰ লগতে তিনিটা বাসগৃহ নিমিষতে ভস্মীভূত হয় । ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেড, অসম গেছ কোম্পানী, বিচিপিএলৰ আঠ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখে যদিও প্ৰায় দুইঘণ্টাৰো অধিক সময়ৰ পিচতহে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অৱশ্যে ইতিমধ্যেই ব্যৱসায়ী প্ৰতিষ্ঠানকেইখনৰ লগতে তিনিটা বাসগৃহ জ্বলি ভস্মীভূত হয় ।  ইফালে অগ্নিকাণ্ডৰ ফলত প্ৰায় ডেৰ কোটিৰো অধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যায় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । এতিয়ালৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই । অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱা নাই । শেহতীয়াকৈ ঘটনা সন্দৰ্ভত টেঙাখাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

ডিব্ৰুগড় পৰা জিতু দাসৰ ৰিপৰ্ট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা