বৰপেটা জিলাৰ ২৩৬ বিদ্যালয়ক শ্ৰেষ্ঠতাৰ বঁটা প্ৰদানঃ স্কুলখনক অতি আপোন ভাৱত ললে দুখ-ভাগৰ নালাগে-উপায়ুক্ত ভূচাল #

# বৰপেটা জিলাৰ ২৩৬ বিদ্যালয়ক শ্ৰেষ্ঠতাৰ বঁটা প্ৰদানঃ             স্কুলখনক অতি আপোন ভাৱত ললে দুখ-ভাগৰ নালাগে-উপায়ুক্ত ভূচাল #


প্ৰদীপ কুমাৰ সৰকাৰ, বৰপেটা, ৩০ মাৰ্চঃ  বৰপেটা জিলাৰ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়সমূহৰ মণ্ডল ভিত্তিক নিৰ্বাচিত শ্ৰেষ্ঠ পৰিচালনা সমিতি আৰু মাতৃ-গোটক আজি আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই উপলক্ষে  আয়োজিত এটি অনুষ্ঠানত অবিভক্ত বৰপেটা জিলাৰ মুঠ ২৩৬ টা শৈক্ষিক মণ্ডলৰ পৰা নিৰ্বাচিত ২২৬ খন বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু ১০ খন বিদ্যালয়ৰ মাতৃ গোটক আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰা হয়।  জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে পুৰস্কাৰ প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে, নিজৰ বিদ্যালয়খনক আৰু ইয়াৰ ছাত্ৰ-ছাত্ৰী সকলক অতি আপোন ভাৱত গ্ৰহণ কৰিলে দুখ-কষ্টৰ অনুভৱ নোহোৱা হয়। কাৰণ সকলো ধৰণৰ দুখ-,ভাগৰ বহু পৰিমাণে মানসিক অৱস্থাৰ ওপৰতে নিৰ্ভৰ কৰে। তেখেতে শিক্ষক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সকলক বিদ্যালয়ৰ শৈক্ষিক পৰিবেশৰ বিকাশৰ বাবে আত্মোৎসৰ্গাৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায়। সভাত ভাষণ দি অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই কয় যে, আজি আমি  ঘড়ী চাই কাম কৰি, অৰ্থাৎ কেৱল নিদ্দিষ্ট সময় সীমাৰ ভিতৰত কাম কৰি বিদ্যালয়ৰ উন্নয়ন সাধন কৰিব নোৱাৰিম। তাৰ বাবে প্ৰতিজন শিক্ষকে নিজৰ মহৎ কৰ্তব্য উপলদ্ধি কৰি ছাত্ৰ-ছাত্ৰী সকলৰ স্বাৰ্থত অলপ অতিৰিক্ত কষ্ট স্বীকাৰ কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই দিয়া ভাষণত কয় যে, আজি চৰকাৰী বিদ্যালয় সমূহ এক তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই অস্তিত্বৰ সংকট দূৰ কৰি ইয়াৰ হৃত মৰ্যদা ঘূৰাই আনিবলৈ হ'লে প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিয়ে মূল ভূমিকা পালন কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। বিদ্যালয়খন একোজন শিক্ষকৰ বাবে অন্নদাতা হোৱাৰ উপৰি আৰু সামাজিক প্ৰতিষ্ঠা আৰু পৰিচয়ৰো মূল উৎস। সেয়েহে বিদ্যালয়খনৰ সৈতে সকলোৱে আত্মিক সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া নিৰঞ্জন ওজাই আতঁধৰা সভাখনত বিদ্যালয়ৰ উপ-পৰিদৰ্শক হৰেন্দ্ৰ নাথ দাসেও বিশিষ্ট অতিথি হিচাপে চমু বক্তব্য দাঙি ধৰে। ইয়াৰ পূৰ্বে সভাৰ আৰম্ভণীতে পুৰস্কাৰৰ বাবে নিৰ্বাচিত বিদ্যালয় সমূহৰ কেবাগৰাকী প্ৰতিনিধি তথা প্ৰধান শিক্ষকে চমু ভাষণৰ জড়িয়তে নিজৰ অনুভৱ ব্যক্ত কৰে। তেওঁলোকে বিদ্যালয়ৰ উন্নয়নৰ বাবে লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ সমূহৰ বিষয়ে উল্লেখ কৰে। প্ৰত্যেকে একোখনকৈ মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়। পুৰস্কৃত বিদ্যালয় সমূহৰ ভিতৰত বজালী শিক্ষাখণ্ডৰ ৩৩ খন, বৰপেটাৰ ৩৬, ভৱানীপুৰৰ ৩৫, চেঙাৰ ৪২, গোৱৰ্দ্ধনাৰ ১২, মন্দিয়াৰ ৪১ আৰু ৰূপচী শিক্ষা খণ্ডৰ ৩৮ খন বিদ্যালয় আছে। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা