বিজনীৰ ২ নং দৈলংঝাৰ ৬০৭ নং দৈলংঝাৰ LP স্কুলত পঞ্চম শ্ৰেণীৰ উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক লৈ বিদায় সম্ভাষণ সভা

বিজনীৰ ২ নং দৈলংঝাৰ ৬০৭ নং দৈলংঝাৰ LP স্কুলত  পঞ্চম শ্ৰেণীৰ উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক লৈ বিদায় সম্ভাষণ সভা ।

আমাৰ প্ৰণাম ,৩০ মাৰ্চ 
-------------------------------
চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ২ নং দৈলংঝাৰ গাঁৱৰ ৬০৭ নং দৈলংঝাৰ প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণী উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক লৈ বিদায় সম্ভাষণ সভা
 অনুষ্ঠিত কৰে ।
আজিৰ সভাখনত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি * সঞ্জীৱ মণ্ডল ,
আজি বিদায় সম্ভাষণ  সভাত উপস্থিত ঝাৰবিষপানীৰ গোলকানন্দ এম ই স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক বসন্ত কুমাৰ বৰ্মনে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ -ছাত্ৰীক আগুৱাই যোৱাৰ উদেশ্যে বহু মূল্যৱান ভাষন আগবঢ়ায় ।
আজিৰ কাৰ্যসূচীত বিদ্যালয়ৰ খনৰ উত্তীৰ্ণ হোৱা পঞ্চম শ্ৰেণীৰ  ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীক আজি সুপৰামৰ্শৰে বিদায় জনায় । লগতে ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰধান শিক্ষক * মুকুল চন্দ্ৰ ৰায় , সহকাৰী শিক্ষক তথা CRCC অশিত দত্ত আৰু সহকাৰী শিক্ষক জগদীশ চন্দ্ৰ দাসৰ লগতে SMC সমিতিৰ বিষয়ববীয়া সকলক ছাত্ৰ -ছাত্ৰীসকলে  ফুলাম গামোচা , গেঞ্জী আৰু কলম দি সম্ভাষন জনায় ।
আজিৰ কাৰ্যসূচীত উপস্থিত * প্ৰাক্তন SMC সভাপতি দিলীপ মণ্ডল , প্ৰাক্তন বৰপথাৰ VCDC ৰ সদস্য আৰাধন মণ্ডলৰ লগতে 
ছাত্ৰ -ছাত্ৰীৰ অভিভাৱক সকলে উপস্থিত থাকে l

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা