বঙাইগাঁও জিলাৰ চৌৰাগুৰী আদৰ্শ গাঁওৰ স্থায়ী মুখ্য প্ৰবেশদ্বাৰ মুকলি কৰে বঙাইগাঁওৰ উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াই

আমাৰ প্ৰণাম ,২৯ মাৰ্চ ,

বঙাইগাঁও জিলাৰ চৌৰাগুৰী আদৰ্শ গাঁওৰ স্থায়ী মুখ্য প্ৰবেশদ্বাৰ মুকলি কৰে বঙাইগাঁওৰ উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াই । গাঁওখনৰ ড০ ভূপেন হাজৰিকা পথৰ ওপৰত অসম আদৰ্শ গাঁও যোজনা ২০১৮-১৯ বৰ্ষৰ অধিনত মুঠ ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় এই চৌৰাগুৰী আদৰ্শ গাঁওৰ মুখ্য প্ৰবেশদ্বাৰ। 
তদুপলক্ষে অনুষ্ঠিত হোৱা এখন সভাত বঙাইগাঁওৰ উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াৰ লগতে মানিকপুৰ খণ্ড উন্নয়ন বিষয়া মঞ্জুশ্ৰী ঘোষ, বাঘমাৰা-চৌৰাগুৰী গাঁও পঞ্চায়তৰ সভাপতি অমল সৰকাৰ সহ অন্যান্য অতিথিবৃন্দ উপস্থিত থাকে।

Comments