শিৱসাগৰত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত আৰু বেজবৰুৱা বংশ সদনৰ উদ্যোগত ৰসৰাজৰ স্মৃতি দিৱস উদ্‌যাপন

শিৱসাগৰত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত আৰু বেজবৰুৱা বংশ সদনৰ উদ্যোগত ৰসৰাজৰ স্মৃতি দিৱস উদ্‌যাপন

আমাৰ প্ৰণাম বিশেষ সেৱা, শিৱসাগৰ

শিৱসাগৰৰ অন্যতম সামাজিক ও সাংস্কৃতিক অনুষ্ঠান *সমন্বয় সাংস্কৃতিক গোষ্ঠী* ৰ সৌজন্যত, *বেজবৰুৱা বংশ সদনৰ উদ্যোগত* আৰু *সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম* ৰ বিশেষ সহযোগত শিৱসাগৰ নগৰৰ হিন্দু ধৰ্মসভা নামঘৰ প্ৰেক্ষাগৃহত *ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ স্মৃতি দিৱস দিৱস* টি উলহমালহেৰে উদ্‌যাপন কৰা হয় ৷ পুৱা নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু উদ্যানস্থিত ৰসৰাজৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলী অৰ্পণ কৰি কাৰ্য্যসূচীৰ শুভাৰম্ভণি কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ছায়া বেজবৰুৱা আৰু বেজবৰুৱা বংশ সদনৰ সদস্যা অঞ্জনা বেজবৰুৱাই ৷ তাৰ পিছতেই দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত *শিৱসাগৰ জিলা ভিত্তিত ছবি অঁকা, সাধু কোৱা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা* অনুষ্ঠিত হয় ৷ সংবাদকৰ্মী তথা সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰধান সম্পাদক অমৃত কুমাৰ শৰ্মা ই পৰিচালনা কৰা স্মৃতি দিৱসৰ অনুষ্ঠানত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড০ অদিতি বেজবৰুৱা, চিন্তাশীল লেখক- বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰ, বঁটাপ্ৰাপক বিশিষ্ট কবি-লেখিকা অশ্ৰুমণি দত্ত ঘোষ, জ্যেষ্ঠ সমাজকৰ্মী-অসম নাট্য সন্মিলন-শিৱসাগৰ শাখাৰ সভাপতি অনংগ মোহন শৰ্মা, সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি তথা বিশিষ্ট চিত্ৰ-আলোকচিত্ৰ শিল্পী জিতেন কাকতিয়ে সন্মনীয় অতিথিৰূপে অংশগ্ৰহণ কৰি ৰসৰাজৰ কৰ্মৰাজিৰ ওপৰত বিশেষ আলোকপাত কৰে ৷ উক্ত অনুষ্ঠানত বেজবৰুৱা বংশ সদনৰ সদস্য ক্ৰমে জয়ন্ত বেজবৰুৱা, দেৱাশীষ বেজবৰুৱা, সঞ্জীৱ বেজবৰুৱা, প্ৰবীণ বেজবৰুৱা, বৃহত্তৰ প্ৰেছ ক্লাবৰ সম্পাদক কুমাৰ অভিজিৎ দুৱৰা, সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উপ-সভাপতি অনামিকা কলিতা, সাংস্কৃতিক সম্পাদক প্ৰবীণ কুমাৰ বৰুৱা, ধৰ্মপ্ৰাণ মহিলা মিনু বৰুৱা, শিল্পী উৎপলা শ্ৰুতিকৰ বৰুৱা, অৰৱিন্দ বৰুৱাকে প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা