গুৱাহাটী প্ৰেছ ক্লাৱত লাইফ স্মাৰ্ট উৎকৰ্ষ বঁটা প্ৰদান।

গুৱাহাটী প্ৰেছ ক্লাৱত  লাইফ স্মাৰ্ট উৎকৰ্ষ বঁটা প্ৰদান। 

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ৩০ মাৰ্চ :

আৰ্থ সামাজিক আৰু সাংস্কৃতিক সংস্থা লাইফ স্মাৰ্টৰ চতুৰ্থ বৰ্ষ পূৰ্তি আৰু লাইফ স্মাৰ্ট বটা ২০২২ অনুষ্ঠানটি ২৮ মাৰ্চ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈ যায় । ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন লাইফ স্মাৰ্টৰ সভানেত্ৰী বিনিতা দত্ত চৌধুৰীৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডা : জয় বৰা, সোনতলী আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড: আজমল হক, গেট হস্পিতালৰ পৰিচালন সঞ্চালক ডা: বেদব্ৰত পাঠক, বিশিষ্ট সমাজসেৱক বাবুল আলী, কবি আৰু সাহিত্যিক আল আমিনে। সংগঠনটোৰ সম্পাদিকা গীতাঞ্জলি গগৈয়ে বিভিন্ন কাৰ্যসূচীৰ আত ধৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক নেকিবুজ্জামানে। এই সভাত গেট হস্পিতালৰ পৰিচালন সঞ্চালক ডা: বেদব্ৰত পাঠক, ইছমাইল হুছেইন, বিশিষ্ট সাংবাদিক মেছেৰ আলী, আমিন মইনুল হক, মুক্তাৰ মণ্ডল, যুব সমাজ কৰ্মী সঞ্জয় সৰকাৰ, প্ৰতিভা নাথ, চাজিদা বেগম, বিভা বৰুৱা, ড:আজমল হক, কৰবী বৰা শইকীয়া, শিশু শিল্পী ৰাছিদুল হক, ৰুনুমা পাৰবিন, নেপনি গ্ৰুপ অৱ ইন্সটিটিউটৰ  বাবুল আলী, তৃষ্ণা ডেকা দাস সমন্বিতে কেইবা গৰাকী কলা কুশলী, সাংবাদিক, সাংস্কৃতিক কৰ্মী, লেখক লেখিকা, সমাজ সেৱকক মানপত্ৰ, ট্ৰফী, গামোচাৰে বিপুল ভাৱে সম্বৰ্ধনা জনোৱা হয় ।
এই সভাত সংগঠন টোৰ উপ সভানেত্ৰী ৰেজবিন চুলতানা, জিকিৰ শিল্পী মইনুল হক, চৈয়দা তাবাচ্চুম ইয়াছমিন, ৰুনু দেৱী শৰ্মাও উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা