চেন্নাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰলৈ আমন্ত্ৰিত কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকা

চেন্নাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰলৈ আমন্ত্ৰিত কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকা

--------------


চেন্নাইত অৱস্থিত ইণ্ডিয়ান  ইন্সটিটিউট অব টেকন’লজিত বিগত ৬ মাৰ্চৰ পৰা ৮ মাৰ্চলৈ অনুষ্ঠিত "২০৪৭ ৰ কাল্পনিক ভাৰত" (Imagine India @ 2047) শীৰ্ষক আলোচনাচক্ৰলৈ আমন্ত্ৰিত হয় অসমৰ সুসন্তান দক্ষ প্ৰশাসনিক বিষয়া তথা বৰ্তমান কোকৰাঝাৰ জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত বৰ্ণালী ডেকা ৷  উল্লেখ‍্য যে সভাত দেশৰ উচ্চস্তৰীয় বিজ্ঞানী, শিক্ষাবিদ আৰু উদ্যোগপতি সকলকো আমন্ত্ৰণ জনোৱা হৈছিল। সভালৈ আমন্ত্ৰিত একমাত্ৰ ভাৰতীয় প্ৰশাসনিক বিষয়া  বৰ্ণালী ডেকাই প্ৰশাসনিক ক্ষেত্ৰত প্ৰযুক্তি বিজ্ঞানৰ ব্যৱহাৰিক দিশটোৰ বিষয়ে নিজৰ অভিজ্ঞতাপূৰ্ণ যুক্তিৰে শক্তিশালী মতামত দাঙি ধৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই  Multi-stakeholder symposiumৰ আলোচনাচক্ৰখনিত

বিকেন্দ্ৰীকৃত প্ৰশাসনিক সেৱাত প্ৰযুক্তি বিজ্ঞানৰ বহুল অৰিহণাই ভৱিষ্যতৰ ভাৰতবৰ্ষক দুগুণে উজ্বলাই তুলিব বুলি ডেকাই তৈথ‍্যভিত্তিক মত পোষণ কৰে। উপায়ুক্ত বৰ্ণালী ডেকাৰ এই কৃতিত্বই অসমৰ বিদ্যোৎ মহলক গৌৰাৱাম্বিত কৰি তুলিছে। 

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ
first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা