চিলিঙত অনুষ্ঠিত হল সাংবাদিকৰ কৰ্মশালা

চিলিঙত অনুষ্ঠিত হল সাংবাদিকৰ কৰ্মশালা 


উত্তৰ পুৱৰ সংবাদকৰ্মীক একত্ৰিত কৰি শ্বিলঙত এক কৰ্মশালাৰ আয়োজন কৰিছে মেঘালয় STATE CONMISSION FOR PROTECTION OF CHILD RIGHT  আৰু সেৱা ভাৰতী পুৰ্বাঞ্চলে । ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ অধীনৰ REGIONAL LEVEL ORIENTATION WORKSHOP OF NORTH EAST STATES কৰ্মশালাখনি শ্বিলঙৰ পাইনুউড  হোটেলত এদিনীয়াকৈ কালি অনুষ্ঠিত হৈ যায় । উত্তৰ পুৱৰ শতাধিক সংবাদিকে ভাগলোৱা কৰ্মশালাখনিত উপস্থিত থাকে মেঘালায়ৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালক ডঃ ডি ডি চিৰাই । ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ উত্তৰ পুৱ শাখাৰ জেষ্ঠ কাৰিকৰী বিশেষজ্ঞ পৰেশ ছাই শিশু অধিকাৰ আৰু সংবাদকৰ্মীৰ দায়িত্ব সম্পৰ্কত বক্তব্য ৰাখে এই কৰ্মশালাত । সংবাদ কৰ্মী আৰু বিশেষজ্ঞ বক্তাৰ মাজত এক মত বিনিময় অনুষ্ঠানে এই অনুষ্ঠানৰ গুৰুত্ব বৃদ্ধি কৰে  । মেঘালয় শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষা ইমন এম শ্যামে আতধৰা অনুষ্ঠানটিৰ জৰিয়তে সংবাদ কৰ্মী সকল শিশু বিষয়ক বাতৰি পৰিবেশনত অধিক সংযত হব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তা সকলে ।  

 পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা