বঙাইগাঁওত কৃষকৰ মূৰত ৰামটাঙোন

বঙাইগাঁওত কৃষকৰ মূৰত ৰামটাঙোন

বঙাইগাঁওৰ প্ৰতিবেদকঃ-  বঙাইগাঁও জিলাৰ সৃজন গ্ৰাম ৰাজচক্ৰৰ অন্তৰ্গত গণবিন্না গাওঁৰ কৃষক সকলোৰ কথা। গাঠিৰ ধন, আৰু হাৰভঙা পৰিশ্ৰমেৰে কপালৰ ঘাম মাটিত পেলাই খেতি কৰিছিল কৃষক সকলোৱে। মূৰে কপালে হাত ৰামটাঙোন খালে বছৰটোৰ অচিনাকী বেমাৰত নষ্ট হৈ গল জলকীয়া খেতি। এতিয়া কৃষিজীৱি মানুহৰ বিপদৰ সময়ত কৃষকৰ কাষত থিয় দিয়া  নাই বঙাইগাঁও জিলা কৃষি বিভাগীয় কৰ্তৃপক্ষই। যদি  কোনো পদক্ষেপ গ্ৰহণ  বিভাগীয় কৰ্তৃপক্ষই নকৰে তেন্তে  কৃষকৰ পৰিয়ালত পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হব। কৃষক সকলোৱে  নিজা প্ৰচেষ্টাত এই অচিনাকী বেমাৰ প্ৰতিৰোধ কৰিবলৈ বিভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ কৰিছে। কিন্তু কৃষক সকলে বেমাৰ প্ৰতিৰোধ কৰিব পৰা নাই এতিয়া অসম চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সময়ত সেয়া  হ'ব লক্ষ্যনীয়। 



 কুৰবান আলী আহমেদ, বঙাইগাওঁ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা