পাতিদৰং বিদ্যাপিঠ হাইস্কুলৰ প্ৰধান শিক্ষকৰ লজ্জাজনক কাণ্ড

ছাত্ৰীক মেট্ৰিক পৰিক্ষাত সুবিধাজনক স্থানত বহিব দিয়াৰ প্ৰলোভনেৰে অশ্নীল প্ৰস্তাৱ

গোৰেশ্বৰ,৩১মাৰ্চঃকামৰূপ(গ্ৰাম্য) জিলাৰ  মুক্তাপুৰস্থিত পাতিদৰং বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষকে নিজ শিক্ষানুষষ্ঠানৰে ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দি গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সনাৰ এক লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। শিক্ষানুষ্ঠানখনৰ দুগৰাকী ছাত্ৰীক মেট্ৰিক পৰীক্ষাৰ পৰীক্ষা গৃহত ব্যক্তিগত খণ্ডৰ মেধাৱী পৰীক্ষাৰ্থীৰ কাষত তথা সুবিধাজনক স্থানত বহিব পৰাকৈ ব্যৱস্থা কৰি দিয়াৰ প্ৰলোভন দি পৰেশ চন্দ্ৰ ডেকাই অশ্লীল প্ৰস্তাৱ দিয়াৰ কেইবাটাও অভিঅ আৰু মেছেজ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত ইয়াকেলৈ সমগ্র অঞ্চলটোত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ঘটনা ফাদিল হোৱাৰ পিছতে  মুক্তাপুৰৰ সচেতন মহলৰ লগতে শিক্ষানুষ্ঠানখনৰ একাংশ প্ৰাক্তন ছাত্ৰ জাঙুৰ খাই উঠিছে আৰু লম্পদ চৰিত্ৰৰ শিক্ষকজনক কঠোৰ ভাষাৰে গৰিহণা দিছে। উল্লেখ্য যে বিতৰ্কিত কৰ্মকাণ্ডৰ বাবে পূৰ্বে চাকৰিৰ পৰা নিলম্বিত হোৱা পৰেশ চন্দ্ৰ ডেকাৰ এনে অপকৰ্মৰ বিষয়ে জানিব পাৰি ভূক্তভোগী এগৰাকী ছাত্ৰীৰ অভিভাৱকে বাইহাটা চাৰিআলি থানাত  মোবাইল ফোনত  ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দিয়া অডিঅ ক্লীপ আৰু মেছেজসহ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ভণ্ড শিক্ষক জনৰ বিৰুদ্ধে ১০৬/২২নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে যদিও শিক্ষকজন বৰ্তমান পলাতক হৈ থকা বুলি জানিব পৰা গৈছে। শৈক্ষিক সমাজক লজ্জিত কৰা পৰেশ চন্দ্ৰ ডেকাৰ গৰ্হিত কাণ্ডটোৰ বিষয়ে জানিব পাৰি শিক্ষা বিভাগৰ সংশ্লিষ্ট কতৃপক্ষই চলিত মেট্ৰিক পৰীক্ষাত পাতিদৰং বিদ্যাপীঠ হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত পৰীক্ষা পৰিচালনাৰ দায়িত্বৰ পৰা অপসাৰণ কৰাৰ লগতে কেন্দ্ৰটোত পৰীক্ষা চলি থকা সময়ত ভণ্ড শিক্ষকজনৰ প্ৰৱেশ নিষিদ্ধ কৰা বুলি জানিব পৰা গৈছে । শিক্ষানুস্থানখনৰ প্ৰাক্তন ছাত্ৰ আৰু মুক্তাপুৰৰ সচেতন মহলে প্ৰধান শিক্ষক জনৰ বিৰূদ্ধে শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহনৰ দাবী জনায় ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা