পৌৰ সভাৰ নিৰ্বাচনত উত্তৰ গুৱাহাটী পৌৰ সভাত কংগ্ৰেছক ধৰাশয়ী কৰি আটাই কেইখন আসন দখলৰ পিছত আনন্দৰলহৰ উঠিল আমিনগাঁৱত

পৌৰ সভাৰ নিৰ্বাচনত উত্তৰ গুৱাহাটী পৌৰ সভাত কংগ্ৰেছক ধৰাশয়ী কৰি আটাই কেইখন আসন দখলৰ পিছত আনন্দৰলহৰ উঠিল আমিনগাঁৱত । সাতখন আসন বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ পিছত তিনি ৱাৰ্ডত বিজেপি প্ৰাৰ্থীয়ে নিৰ্বাচনত অবতীৰ্ণ হৈছিল আৰু তিনি ৱাৰ্ডতো বিজেপি জয়ী হোৱাত উলাহে নধৰা হৈ পৰিছে জালুকবাৰী বিজেপিত । চাৰি নং ৱাৰ্ডত তিলক দাস ,সাত নং ৱাৰ্ডত অমিয়া দাস আৰু আঠ নং ৱাৰ্ডত মানবী বৰুৱাই শেষ হাঁহি মাৰিলে । এশ শতাংশ বিজয়ৰে বিজেপি দলীয় কৰ্মীয়ে আমিন গাঁৱত উলিয়ালে বিজয় উৎসব । বেন্দপাৰ্টিৰ তালে তালে নাচোনৰ লহৰ আমিন গাঁৱত  । ৮নং ৱাৰ্ডৰ অমিয়া হাজৰিকাক এনেদেৰে আদৰিলে দলীয় কৰ্মীয় অনুৰাগীয়ে । 

লয়াৰ আছাম ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা