সৰুক্ষেত্ৰীৰ নলীগাঁও অংগনৱাডী কেন্দ্ৰত পোষণ পষেক সজাগতা সভা #

# সৰুক্ষেত্ৰীৰ নলীগাঁও অংগনৱাডী কেন্দ্ৰত পোষণ পষেক সজাগতা সভা #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৩০ মাৰ্চঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অধীনস্থ পাকা বেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ভক্তৰডবা চক্ৰৰ অন্তৰ্গত ২১০ নং নলীগাঁও উত্তৰ চোপা অংগনৱাডী কেন্দ্ৰত আজি চতুৰ্থ পোষণ পষেক উপলক্ষে এক সজাগতা আৰু প্ৰতিকাৰ সভা অনুষ্ঠিত হৈ যায়। উক্ত শিৱিৰত কিশোৰী,গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ ৰক্তহীনতা পৰীক্ষা  আৰু স্বাস্থ্য সম্পৰ্কে বিভিন্ন দিহা পৰামৰ্শ দিয়া  হয় । শিৱিৰত থলুৱা শাক পাচলিৰ প্ৰদৰ্শনী পতাৰ  লগতে ইয়াৰ সমাজ জীৱনৰ ওপৰত গুৰুত্বৰ বিষয়ে অৱগত কৰা হয়। আজিৰ এই সজাগতা শিৱিৰত পাকাবেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কমল কুমাৰ শৰ্মা, ভক্তৰডবা উপ-স্বাস্থ্য কেন্দ্ৰৰ এ এন এম ৰমেনা খাতুন, মুখ্য সেৱিকা ক্ৰমে জুৰি দাস, ৰেহেনা হক, খণ্ড সমন্বয়ক ক্ৰমে সৌৰৱ কুমাৰ দাস, ননী গোপাল গোস্বামী, ২১০ নং নলীগাঁও অংগনৱাডী কেন্দ্ৰৰ কৰ্মী হালিমা খাতুন, ৯০ নং মধ্য নলীগাঁও অংগনৱাডী কেন্দ্ৰৰ কৰ্মী ইলিজা খানম, ১৭৫ নং মহন বজাৰ অংগনৱাডী কেন্দ্ৰৰ কৰ্মী, মৰ্জিয়ানা খাতুন, ৮৯ নং নলীগাঁও অংগনৱাডী কেন্দ্ৰৰ কৰ্মী, মাজেদা খাতুন, আশা কৰ্মী আমিনা খাতুন আদিয়ে অংশগ্ৰহণ কৰে। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা