ককাদেউ অবিহনে বিহু উৰুঙা------------------------------------------

ককাদেউ অবিহনে বিহু উৰুঙা
------------------------------------------
নিজান বননিত শুনিছোঁ
ৰিণিকি ৰিণিকি কেতেকী বিননি,
হিয়া আমঠু বহাগী
নিচেই কাষ পালেহি।

কেইবাবছৰো ককাইদেউ
তোৰ অবিহনে ষোল্ল টা বহাগ,
সাতাইশটা পূজা,একত্ৰিশটা ঘৰুৱা উৎসৱ
উৰুঙা হৈ ৰৈছে।

এইবাৰো তই আহিবি বুলি
আইয়ে চিৰা,পিঠা খুন্দি যতনাই থৈছে,
পিতাই কৈছে গোহালিৰ গৰুহাল
এইবাৰ তইয়ে নৈ পাৰলৈ লৈ যাবি,
মাহ হালধিৰে গা ধুৱাই
তৰালি পঘাৰে বান্ধিবি।

ককাদেউ তোৰ বাবে
মই বৰ হেঁপাহেৰে
ভমকা ফুলৰ গামোচা আৰু
টঙালি বৈ থৈছোঁ,
ককাইদেউ এইবাৰ বহাগত আহিলে
মই তোৰ চাইকেলৰ কেৰিয়াৰত বহি
গছতলৰ বিহু চাবলৈ যাম।
ককাইদেউ তই বাৰু আহিবিনে?
তোৰ অবিহনে বহাগৰ বিহুটি উৰুঙা।

                             পূৰৱী শইকীয়া (অনন্যা)

Comments