ককাদেউ অবিহনে বিহু উৰুঙা------------------------------------------

ককাদেউ অবিহনে বিহু উৰুঙা
------------------------------------------
নিজান বননিত শুনিছোঁ
ৰিণিকি ৰিণিকি কেতেকী বিননি,
হিয়া আমঠু বহাগী
নিচেই কাষ পালেহি।

কেইবাবছৰো ককাইদেউ
তোৰ অবিহনে ষোল্ল টা বহাগ,
সাতাইশটা পূজা,একত্ৰিশটা ঘৰুৱা উৎসৱ
উৰুঙা হৈ ৰৈছে।

এইবাৰো তই আহিবি বুলি
আইয়ে চিৰা,পিঠা খুন্দি যতনাই থৈছে,
পিতাই কৈছে গোহালিৰ গৰুহাল
এইবাৰ তইয়ে নৈ পাৰলৈ লৈ যাবি,
মাহ হালধিৰে গা ধুৱাই
তৰালি পঘাৰে বান্ধিবি।

ককাদেউ তোৰ বাবে
মই বৰ হেঁপাহেৰে
ভমকা ফুলৰ গামোচা আৰু
টঙালি বৈ থৈছোঁ,
ককাইদেউ এইবাৰ বহাগত আহিলে
মই তোৰ চাইকেলৰ কেৰিয়াৰত বহি
গছতলৰ বিহু চাবলৈ যাম।
ককাইদেউ তই বাৰু আহিবিনে?
তোৰ অবিহনে বহাগৰ বিহুটি উৰুঙা।

                             পূৰৱী শইকীয়া (অনন্যা)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা