ৰাজ্যজুৰি গ্লোৱেল এডুকেশ্যনেল স্পৰ্টছ এণ্ড কালচাৰেল অৰগেনাইজেশ্যনৰ উদ্যোগত নাৰী দিৱস পালন

ৰাজ্যজুৰি গ্লোৱেল এডুকেশ্যনেল স্পৰ্টছ এণ্ড কালচাৰেল অৰগেনাইজেশ্যনৰ উদ্যোগত নাৰী দিৱস পালন

গুৱাহাটী : যোৱা ৮ মাৰ্চত সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো পালন কৰা হ'ল আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে গুৱাহাটীৰ পৰা পৰিচালিত global educational, sports and cultural organizatiin নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ ৰাজ্যৰ ভিন্ন জিলাত থকা শাখা সংস্থাসমূহেও নাৰী দিৱস উদযাপন কৰে। সংগঠনটোৱে গুৱাহাটীৰ ভেটাপাৰা, নগাঁৱৰ নামকৰৈয়নী, চৰাইদেউৰ ৰাঙলী আদি ঠাইত নাৰী দিৱসটি ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে বুলি সভাপতি সমৰ বসুমতাৰীয়ে জানিবলৈ দিছে। স্বেচ্ছাসেৱী সংস্থাটোৰ ভিন্ন শাখাই নাৰী সৱলীকৰণৰ ওপৰত সজাগতা সভাৰ লগতে বহুতোবকাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখ্য যে global educational, sports and cultural organization নামৰ সংগঠনটোৱে ২০১০ চনৰ পৰাই সম্পূৰ্ণ নিজা প্ৰচেষ্টাত সামাজিক কাম-কাজ সম্পন্ন কৰি আহিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা