মানকাচৰৰ ধানুৱা গাওঁ পঞ্চায়তৰ জনজাতীয় লোকসকলে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ৷

চকু মুদা কুলিৰ ভাওত জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ৷

দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ২৯ মাৰ্চঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী ধানুৱা গাওঁ পঞ্চায়তৰ জনজাতীয় লোকসকলে বছৰ বছৰ ধৰি মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নিগৰি অহা লেতেৰা পানী খাই জীয়াই থকা পৰিলক্ষিত হৈছে৷ জনজাতীয় লোকসকলে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে দীৰ্ঘ দিনৰ পৰা হাহাকাৰ কৰিবলগীয়া হৈছে। কি কৰি আছে জিলাখনত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগ টোৱে ? বিভাগৰ বিষয়া কৰ্মচাৰীৰ চকু পৰিবনে এই জনজাতীয় লোক সকলোৰ ওপৰত৷ 

মনকৰিবলগীয়া যে, মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা লেতেৰা আৰু জীৱাণুযুক্ত পানী খাই জীয়াই আছে ধানুৱাৰ জনজাতীয় লোকসকলে। দীৰ্ঘ দিনৰ পৰা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকলোক জনজাতীয় লোক সকলে বাৰম্বাৰ অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে জনজাতীয় লোকসকলে৷ ইফালে সাংসদ, বিধায়কৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকলে অকল ভোট ভিক্ষাৰ বাবে এই অঞ্চলত আহে আৰু নিৰ্বাচন শেষ হলে এই দুখীয়া জনজাতীয় লোক সকলোক পাহৰি যায় বুলি জনজাতীয় লোক সকলে সাংবাদিকৰ আগত বিক্ষোভ প্ৰকাশ কৰে৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আঁচনি হৰ ঘৰ জল, জল জীৱন আঁচনিয়ে আজিলৈকে ঢুকি নাপালে মানকাচৰৰ এই জনজাতীয় লোকসকলোৰ অঞ্চল সমূহত৷ সেয়ে জনজাতীয় লোকসকলে বিশুদ্ধ খোৱাপানীৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনৰ ওচৰত কাতৰ আবেদন জনায়৷ এতিয়া জিলা প্ৰশাসনৰ লগতে চৰকাৰে এই দুখীয়া জনজাতীয় লোকসকলৰ বিশুদ্ধ খোৱা পানীৰ বাবে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত হব লক্ষণীয় বিষয়৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা