হস্ত তাত বস্ত্ৰ মেলাত অসমীয়া ভাষাক এলাগী কৰাৰ অভিযোগ *

* হস্ত তাত বস্ত্ৰ মেলাত অসমীয়া ভাষাক এলাগী কৰাৰ অভিযোগ *
বিশেষ বাৰ্তা নগাওঁ ২৯ মাৰ্চ, যোৱা ২১ মাৰ্চৰ পৰা নগাঁ‌ও নেহেৰুৱালিত  আৰ্টফেডৰ দাৰা আয়োজিত হস্ততাঁ‌ত উন্নয়ন আয়ুক্ত,বস্ত্ৰ মন্ত্ৰালয় ভাৰত চৰকাৰৰ সৌজন্যত চলি থকা ৰাজ্যিক হস্ততাঁ‌ত বস্ত্ৰমেলা,২০২১-২২ ই অসমীয়া ভাষাক সম্পূৰ্ণ ৰূপে এলাগী কৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নগাঁ‌ও জিলা সমিতিৰ পৰিলেক্ষিত হৈছে। বিভিন্ন বেনাৰত বানান বিভ্ৰাটকে আদি কৰি ভিতৰৰ থলুৱা শিপিনীৰ বিপনী সমূহৰ নামৰ ফলকত অকল  ইংৰাজী ভাষা ব্যৱহাৰ কৰি  অসমীয়া ভাষাক উপলুঙা কৰাত নগাঁ‌ও জিলা সমিতিয়ে দাবী সম্ব্লিত এখনি স্মাৰক পত্ৰ নগাঁ‌ও উপায়ুক্তক প্ৰদান কৰে। পৰিষদৰ জিলা সমিতিৰ সভাপতি দীপমনি বড়া আৰু সাধাৰন সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই সংবাদ  মাধ্যমক জনাই যে যদি অসম চৰকাৰে এনে ধৰনে অসমীয়া ভাষাক উপেক্ষিত কৰি আহে তেনে হলে অনাগত দিনত তীব্ৰ প্ৰত্যাবানৰ সন্মুখীন হব।লগতে কয় যে বস্ত্ৰমেলা খনৰ সমূহ বিপনীৰ ফলকত অসমীয়া ভাষাক অতি শীঘ্ৰে সংযোজন কৰিবলৈও দাবী জনায়। অন্যথা বস্ত্ৰমেলাৰ সন্মুখত নেতাদ্বয়ে প্ৰতিবাদী কাৰ্য্যসূচী লোৱাৰো 
হুংকাৰ দিয়ে নগাঁও জিলা সমিতিৰ সভাপতি দিপমনি বড়া আৰু সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা