কটৰা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ জন আৰোগ্য সমিতি গঠন

### কটৰা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ জন আৰোগ্য সমিতি গঠন  ###
 আমাৰ প্ৰণাম সেৱা :: নলবাৰী ৩০ মাৰ্চ ::: 
স্বাস্হ্য সেৱা সমূহ অতি সহজ লভ্য কৰাৰ কাৰণে চৰকাৰৰ স্বাস্হ্য বিভাগে নিত্য নতুন নতুন কৌশল আৰু আচনি হাতত লৈছে। জনসাধাৰণে অতি ওচৰতে সেৱা সমূহ পোৱাৰ বাবে প্ৰতিটো অঞ্চলতে একোখন উপস্বাস্হ্য কেন্দ্ৰ স্হাপন কৰা দেখা যায়।এই স্বাস্হ্য কেন্দ্ৰসমূহত জনসাধাৰণক জড়িত ৰখা আৰু  সুচাৰুৰূপে পৰিচালনা কৰিবলৈ একোখন সমিতি গঠনৰ ব্যৱস্হা কৰিছে। চৰকাৰৰ স্বাস্হ্য বিভাগৰ নিৰ্দেশ মৰ্মে গঠণ কৰা হয় এই  সমিতি সমূহ। যোৱা 
২৯ মাৰ্চ মংগলবাৰে কটৰা স্বাস্হ্য  আৰু কল্যাণ কেন্দ্ৰ পৰিচালনা কৰিবলৈ  সাধাৰণ সভাৰ জৰিয়তে"জন আৰোগ্য সমিতিখন " গঠন কৰা হয়।পুৰণা সমিতিৰ সভাপতি প্ৰদীপ ৰাজবংশীয়ে সমিতিখনৰ হকে পদত্যাগ কৰাৰ লগে লগে নতুন সমিতিখন গঠন হয়।নতুন সমিতিত   সমাজ সেৱক শনিয়াৰাম ৰাজবংশী,সমাজ
কৰ্মী ৰ্যোগেন্দ্ৰ ডেকা, সমাজ কৰ্মী অনিল গোস্বামীক উপদেষ্টা  ,  গাও পঞ্চায়ত সদস্য  ফনীন্দ্ৰ শৰ্মাক সভাপতি , স্বাস্থ্য বিষয়া ডাঃ চক্ৰেশ্বৰ হালৈক উপ সভাপতি ,   ভাৰপ্ৰাপ্ত বিষয়া ডাঃ ৰাণা আহমেদক  সম্পাদক , গাও  পঞ্চায়ত সদস্য বৰখানাজানৰ সমীৰণ কলিতা , গাও পঞ্চায়ত সদস্যা খাটকটৰা মিনতী কলিতা ,  আশাকৰ্মী  জুনু দাস, মীৰা মেধী, ৰমলা কলিতা,প্ৰতিভা বৰ্মন , আত্ম সহায়ক গোটৰ সদস্যা আৰতী ডেকা, সোনমণি দাস, এম,পি ডব্লিউ, ৰেজেক উদ্দিন আহমেদ,  প্ৰণীতা বেজবৰুৱা জ্যোস্না বেগম, কটৰা হাইস্কুলৰ প্ৰধান শিক্ষক গিৰীধৰ কলিতা ,  স্থানীয় যুৱক পাৰ্থ প্ৰতীম দাস, স্হানীয় সাংবাদিক কালিন্দ্ৰ কুমাৰ বৰ্মন, মহিলা বন্ধাকৰণ সদস্যা তুলিকা হালৈ আৰু গাও প্ৰধান গিৰীধৰ ৰাজবংশীক লৈ  স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ জন আৰোগ্য  সমিতিখন গঠন হয়।
আনফালে কটৰা  উপস্বাস্হ্য কেন্দ্ৰ টো অধীক উন্নয়নৰ বাবে শিক্ষক তথা সমাজ কৰ্মী দীনেশ গোস্বামীক সভাপতি, যুৱনেতা প্ৰদীপ ৰাজবংশীক সম্পাদক হিচাপে লৈ কেইবাজনো  সদস্যৰে কেন্দ্ৰটোৰ উন্নয়নৰ বাবে  স্হানীয় ভাৱে আন এখন সমিতি গঠন হয়। সভাত উপস্হিত ৰাইজে আশাৰাখিছে দুয়োখন সমিতিয়ে লগহৈ উপস্বাস্হ্য কেন্দ্ৰ টোৰ যথেষ্ঠ উন্নয়ন আৰু সেৱা সমূহ ভাল হ‌ব ।
লক্ষনীয় বিষয়টো হব নতুন সমিতি দুয়োখনে  কেন্দ্ৰটো কিমান উন্নয়ন সাধন কৰিব  ?

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা